1. সফল কাহিনী

এফ চি আইক অতিকমেও দহ লাখ মেট্রিকটন ধান ক্রয় কৰাৰ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ

KJ Staff
KJ Staff
Assam CM Himanta Biswa Sarma directed FCI to buy 10lacs MT paddy from Farmers on Saturday
Assam CM Himanta Biswa Sarma directed FCI to buy 10lacs MT paddy from Farmers on Saturday

সমাগত খৰিফ শস্য বিপণনৰ সময়ছােৱাত ৰাজ্যৰ কৃষকসকলৰ পৰা ধান ক্রয় প্রক্রিয়াটো খৰতকীয়া কৰি তােলাৰ লগতে অসমত ন্যূনতম ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ভাৰতীয় খাদ্য নিগম (এফ চি আই)ক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রী ড° শৰ্মাই শনিবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগ তথা ভাৰতীয় খাদ্য নিগমৰ শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যৰ খেতিয়কসকলৰ পৰা ধান ক্রয় সন্দৰ্ভত বিস্তৃতভাৱে আলােচনা কৰে। কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰা ন্যূনতম সমর্থন মূল্যৰ ভিত্তিত খেতিয়কসকলৰ পৰা খাদ্যশস্য ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতীয় খাদ্য নিগমৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ ধান উৎপাদন কৰা ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ কৃষকেই যাতে ন্যূনতম সমর্থন মূল্যত ধান বিক্ৰী কৰাৰ সুযােগ লাভ কৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতে পর্যাপ্তসংখ্যক অনুমােদিত ধান ক্রয় কেন্দ্র স্থাপন কৰিবলৈ কেন্দ্রীয় সংস্থাটোৰ প্রতি আহ্বান জনায়। 

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ধান ক্রয়ৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগমলৈ সকলাে ধৰণৰ আন্তঃগাঁথনিগত সা-সুবিধা আগবঢ়াব। ক্ৰয় কৰা ধান মজুতকৰণৰ বাবে ৰাজ্যৰ সকলাে জিলাতে পর্যাপ্তসংখ্যক ভঁৰাল গঢ়ি তােলাৰ লগতে ভাৰতীয় খাদ্য নিগমে এনে ভঁৰাল নির্মাণ কৰিব বিচাৰিলে ৰাজ্য চৰকাৰে তাৰ বাবে প্রয়ােজনীয় ভূমিও আবণ্টন দিব বুলি জানিব পৰা গৈছে।

 কৃষকসকলৰ পৰা ধান ক্রয়ৰ ক্ষেত্ৰত কেন্দ্রীয় সংস্থাটোক সকলাে ধৰণৰ সহযােগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে খাদ্য আৰু অসামৰিক যােগান বিভাগৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। এই বৈঠকত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা অসম খাদ্য আৰু অসামৰিক যােগান নিগমৰ অধ্যক্ষ ৰাজেন গােহাঁই, খাদ্য, অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বিশ্বৰঞ্জন চামাল, ভাৰতীয় খাদ্য নিগমৰ মুখ্য কার্যালয়ৰ কাৰ্যবাহী সঞ্চালক সুদীপ সিঙৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত আছিল।

English Summary: CM Himanta Biswa calls upon FCI to buy at least 10 lakh metric tonnes of paddy this year

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.