Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 March, 2023 6:07 PM IST
সফল গো-পালক মনেশ্বৰ কলিতা

তামুলপুৰ মহকুমা সদৰৰ পৰা সাত আঠ কিলমিটাৰ দূৰত্বৰ এখন গাঁও ৷ গাঁৱখনৰ নাম বালাবাৰী ৷ সেই গাঁৱৰে সাধাৰণভাৱে জীৱন-যাপন কৰা এগৰাকী মাটিৰ মানুহ মনেশ্বৰ কলিতা ৷ কৰ্মত সদা জাগ্ৰত ষাঠিৰ উৰ্ধ্বৰ অশিতীপৰ মানুহগৰাকীৰ মুখত বিৰামহীনভাৱে জিলিকি থাকে এমোকোৰা হাঁহি ৷ যি হাঁহিকে সম্পদ হিচেপে বিগত ২৮ বছৰ ধৰি গো-পালন কৰি আহিছে মনেশ্বৰে৷ হেজাৰ টা সমস্যাৰ মাজত ৰ’দ-বৰষুন একাকাৰ কৰি নিজস্ব জী্ৱন শৈলীৰে নিজৰ লক্ষ্য পূৰণত সফলতাৰ মুখ দেখিবলৈ নিত্যনতুন ৰূপেৰে গোহালি ভৰা গাইগৰু লালন-পালন কৰি দুগ্ধ উৎপাদনত সদাব্যস্ত মনেশ্বৰ কলিতা জীৱন কেতিয়াও হাৰি যোৱা নাই ৷ আজিৰ পৰা ২৮ বছৰ আগত দেউতাকৰ মাটিখিনিত খেতি কৰি জীৱনৰ ছন্দ বিচাৰি হাবাথূৰি খাইছিল মনেশ্বৰে ৷ মনেশ্বৰ কলিতাৰ বয়স ৩৫ বছৰ ৷

তেওঁ হালৰ গৰুৰ সৈতে দুজনী গাইগৰু পোহাৰ দিহা কৰি ওচৰ-পাজৰৰ ঘৰত গাখীৰ বিক্ৰী আৰম্ভ কৰিছিল এই যাত্ৰা৷ পাছলৈ সেয়াই তেওঁৰ জীৱন চকৰিৰ ৰথখনৰ চকা ঘুৰিবলৈ আৰম্ভ কৰে ৷ সেই সময়ত থলুৱা প্ৰজাতিৰ দুটা গাইগৰু প্ৰতিপালন কৰাৰ পাছত নিজস্ব চিন্তা-চৰ্চাৰে বৰ্ণ সংকৰ পদ্ধতিৰে স্থানীয় পশু চিকিৎসকৰ পৰামৰ্শমতে জাৰ্চি গৰুৰ পোৱালী জন্ম দিয়ে ৷ তাৰ পাছত পুনৰ জাৰ্চী গাইগৰু পালন কৰি থকাৰ সমান্তৰালকৈ কলিতাই সদায় নিজৰ গোহালী সম্প্ৰসাৰণৰ কথা মনত খেলা ৷ জাৰ্চী গাইগৰুৰ পৰা পুনৰ বৰ্নসংকৰ পদ্ধতি অৱলম্বন কৰি এইছ চি এফ প্ৰজাতিৰ পোৱালী পাবলৈ সক্ষম হয় ৷ এনেদৰে নিজৰ একক প্ৰচেষ্টাৰে ঘৰতে উন্নত প্ৰজাতি পোৱালী উৎপাদনৰ দিহা কৰি আজিৰ পৰা পোন্ধৰ বছৰ পূৰ্বে গাইগৰুৰ সংখ্যা ৩৫ জনীলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান  কলিতাৰ গোহালিত সাতটা পোৱালি আৰু ১৩ টা উন্নত প্ৰজাতিৰ গাইগৰু প্ৰতিপালন কৰি আছে ৷ কলিতাই গো পালনৰ লগতে নিজৰ পাঁচবিঘা মাটিত ধান খেতি লগোৱাৰ লগতে লীজত লৈ আনৰ মাটিত খেতি কৰি পৰিয়ালৰ প্ৰয়োজনীয় ধান জমা ৰাখি বাকী ধান বিক্ৰী কৰিবলৈও সক্ষম হৈছে ৷ কলিতাৰ কোনো ধৰনৰ ঋনৰ বোজা লোৱা নাই ৷ একান্ত নিজা প্ৰচেষ্টাৰে পৰিয়ালৰ সহযোগত  গাইগৰু পালন কৰি নিজক প্ৰতিষ্ঠা কৰাৰ উপৰিও একমাত্ৰ পুত্ৰ ধনজিৎ কলিতাক ( স্নাতক ডিগ্ৰীধাৰী )উচ্চ শিক্ষিত  কৰিও গো-পালনত ব্যস্ত ৰাখিছে ৷ পত্নী বিণা কলিতাই স্বামীৰ কৰ্মসংস্কৃতিত হাত উজান দি দিনৰ দিনটো গাই গৰুৰ লালন-পালন, খাদ্য যোগান, গোহালীৰ চাফ-চিকূনতা ৰক্ষা কৰাৰ পৰা গাখীৰ খীৰোৱা ,গাখীৰ পৰা চানা ফটোৱা, দৈ তৈয়াৰ কৰা, এৱা গাখীৰ বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়া আদি সকলোতে এগৰাকী যোদ্ধা হিচাবে কাম কৰি ঘৰখনত এক কৰ্মসংস্কৃতি গঢ়ি তুলিছে। কলিতাই এই সকলোবোৰ কামতে পতি-পত্নী, পুত্ৰ-কন্যা ই হাত উজান দিয়াৰ লগতে এগৰাকী শ্ৰমিক গো পালনত সহায়ক হোৱাকৈ মাহিলি মাননি দি ৰাখিছে ৷ চাৰিগৰাকীকৈ লোকে পোৱালীসহ  বিশ জনী গাই গৰুৰৰ প্ৰতিপালনত সদা ব্যস্ত থাকে ৷ গো পালক কলিতাই নিৰ্দিষ্ট হাৰত গাইগৰুকেইজনীক নিৰ্দিষ্ট বাচনত পানী, দানা, চাপৰ, ধানখেৰ আৰু  কপিলী নামৰ উন্নত মানদণ্ড দানা  প্ৰতি দিনে দুবাৰকৈ যোগান ধৰে যদিওঁ কেতিয়াও চাউলৰ মল নিদিয়ে ৷ আজিৰ পৰা পোন্ধৰ বছৰ পূৰ্বে ৩৫ টা গাইগৰু পালন কৰিও গাখীৰ উৎপাদন যথেষ্টখিনি কম আছিল ৷ তাৰ বিপৰীতে এতিয়া  তিনিটা জাৰ্চীয়ে ১০ লিটাৰকৈ ১০ টা এইচ চি এফ প্ৰজাতিৰ গাইগৰুৱে ১৮/২০ লিটাকৈ আৰু  পোৱালী ডাঙৰ হ’লে  দৈনিক ৮/১০ লিঃ কৈ গাখীৰ উৎপাদন কৰি আহিছে ৷ কলিতা দেৱে জনোৱা মতে প্ৰতিদিনে গাখীৰৰ গড় উৎপাদন হয় প্ৰতিদিনে ৫০ লিটাৰ ৷ ইতিমধ্যেই দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই আদৰ্শবান কৃষক গৰাকীয়ে ঘৰতে বৰ্নসংকৰ পদ্ধতিৰে উন্নত মানৰ গীৰ গাই পোৱালী জন্ম দিয়াৰ পোষকতা কৰি ভৱিষ্যতৰ দিনত গীৰ গাই পালনৰ আশাত বন্দী হৈছে কলিতা ৷ ইয়াৰ বিপৰীতে গাইগৰুৰ প্ৰতিপালনৰ নামত প্ৰতিদিনে ২৫০০/ টকাৰ দানা আৰু ধানখেৰ যোগান ধৰি আছে ৷ দানাৰ বজাৰ মূল্য দিনক দিনে বৃদ্ধি হৈ অহাত কলিতা কিছু চিন্তিত ৷ তথাপি তেওঁ  চাপৰ  ৪০ কেজিত ১৩,৫০০/ টকা দৰত,  কপিলী দানাত ১৩৮০ টকা আৰু ধানখেৰ মাহত ৫০০০ টকাৰ খৰছ কৰি আহিছে ৷ তেওঁ ধান খেতি পথাৰৰ পৰা চপোৱাৰ সময়তে প্ৰতিবিঘা মাটিৰ ধান খেৰ চাৰিশ দৰত কিনি সংগ্ৰহ কৰি থয়৷

লগতে পঢ়ক-

Turmeric : আপুনি জানেনে! হালধিৰ নামত বহিঃৰাজ্যই বছৰি অসমৰ পৰা লৈ যায় ৪০০ কোটি টকা

তেৰ জনী গাইগৰুৰ পৰা উৎপাদিত হোৱা গাখীৰৰ পৰা এৱা গাখীৰকে ধৰি দুগ্ধজাত সামগ্ৰী যেনে, দৈ ,পনীৰ, চানা আদি বিক্ৰী কৰি আহি এখন ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ উৎপাদিত এৱা গাখীৰ প্ৰতিলিটাৰত -৬০/ টকা , দৈ গাখীৰ- ১০০ টকা,  পনীৰ ৪০০ টকা, আৰু চানা-৩৫০/ টকা দৰত প্ৰতিদিনে চাহৰ হোটেল, ৰেষ্টুৰেণ্টত দহ কিলোগ্ৰাম কৈ যোগান ধৰি আহিছে ৷  নিজেই চাইকেল চলাই সাত আঠ কিলমিটাৰ পথ অহাযোৱা কৰি বছৰৰ প্ৰতিটো দিনতে ৰ’দ , বতাহ ,বৰষুন নেওচি দুগ্ধ জাত সামগ্ৰী তামুলপুৰৰ বজাৰৰ বিভিন্ন হোটেলত দুগ্ধ জাত সামগ্ৰীৰ ব্যৱসায়ীৰ হাতত যোগান ধৰি আৰ্থিক ভাৱে সবল হবলৈ সক্ষম হৈছে ৷ আনহাতে গোহালি ভৰা গাইগৰুৰ পৰা উৎকৃষ্ট জৈৱিক সাৰ গোবৰ পাবলৈ সক্ষম হোৱাত নিজৰ পুখুৰীৰ লগতে খেতিৰ মাটিত প্ৰয়োগ কৰি আহিছে ৷ অতিৰিক্ত গোবৰখিনি প্ৰতি টেক্টৰত পোন্ধৰ শ টকাকৈ বিক্ৰী কৰি আহিছে কলিতাই ৷ চাপৰ খোৱা গৰুৰ গোবৰ পুখুৰীৰ মাছৰ কাৰণে উৎকৃষ্ট বুলি কয় ৷

ইপিনে ধান খেতিৰ পৰা যথেষ্টখিনি লাভৱান হৈছে কলিতা৷ এইবেলি যথেষ্টখিনি ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ কলিতাই জনোৱামতে তামুলপুৰৰ পশুচিকিৎসক সকলৰ সহাৰিয়ে তেখেতক যথেষ্ট উপকাৰ সাধন কৰিছে ৷সাধাৰণ গাইগৰু আৰু পোৱালীৰ চিকিৎসা পুত্ৰক লগতলৈ নিজেই চিকিৎসকৰ পৰামৰ্শমতে প্ৰতিপালন কৰি আজি এগৰাকী সুদক্ষ গো পালক হিচাবে স্বকৃতি পাবলৈ সক্ষম হৈছে ৷ এই গৰাকী গো-পালকক ইতিমধ্যেই তামুলপুৰত চৰকাৰীভাৱে সম্বৰ্দ্ধনা জনাইছে মহকুমা প্ৰশাসনে ৷ গো পালনৰ মাজেৰে পাঁচজনীয়া পৰিয়ালটোৰ বৰ জীয়ৰীক উচ্চ শিক্ষিত কৰি তোলাৰ লগতে পুত্ৰকো উচ্চ শিক্ষিত কৰাই গোপালনৰ সৈতে জৰিত কৰিছে ৷সৰু ছোৱালী গৰাকী অধ্যয়নৰত হৈয়ো পিতৃ মাতৃৰ কৰ্মত সহায় কৰি ঘৰখনত এক কৰ্মসংস্কৃতি গঢ়ি নিজৰ লগতে দহৰ আদৰ্শৰ প্ৰতীক  হৈ পৰিছে পৰিয়ালটো ৷ এনেদৰে সাধাৰণ ভাৱে গো-পালন কৰি আজি তামুলপুৰ মহকুমাৰে এগৰাকী সুদক্ষ গো-পালক হিচাবে সমাজত থিয় দি দেশ আৰু দহৰ উপকাৰ সাধন কৰি গ্ৰাম্যঅৰ্থনীতিৰ ভড়াল চহকী কৰাত হাত উজান দি আহিছে মনেশ্বৰ কলিতাৰ দৰে আদৰ্শ কৃষকে ৷

লগতে পঢ়ক- 

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

English Summary: Now a ideal Man of many People
Published on: 15 January 2023, 03:21 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now