1. News

Turmeric : আপুনি জানেনে! হালধিৰ নামত বহিঃৰাজ্যই বছৰি অসমৰ পৰা লৈ যায় ৪০০ কোটি টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Turmeric business & farming
Turmeric business & farming

হালধি খেতি অসমৰ লাভজনক খেতিসমূহৰ অন্যতম। কাৰণ যিহেতু হালধি পাকঘৰৰ লাগতিয়াল উপাদান যি টো অপৰিহাৰ্য। বৰ্তমান অসমৰ জনস্ংখ্যা ৩ কোটি ওপৰত আৰু এই ৩ কোটি মানুহে দৈনিক গড়ে ৩ গ্ৰাম কৈ হালধি খালেও কেৱল অসমতে দৈনিক ৯০,০০০ কেজি শুকান হালধি দৰকাৰ। যাৰ আজিৰ নন্যূতম বজাৰ মূল্য ১০০ ধৰিলেও দৈনিক ৯০,০০,০০০ টকাৰ ব্যৱসায় হয় অসমত। কিন্তু দৈনিক  ৯০  লাখৰ এই ব্যৱসায়টো আমাৰ হাতত আছেনে? অসমৰ কৃষকসকলে হালধিৰ খেতি নকৰা নহয় কৰে কিন্তু কৰিলেও এই ব্যৱসায়ৰ এক শতাংশ হে হয়তো আমাৰ থলুৱাৰ হাতত আছে। কাৰণ হালধিৰ সংসাধন কেনেকৈ কৰিব লাগে নজনাৰ কাৰণে আমি এই বজাৰ দখল কৰিব পৰা নাই।

হালধি খেতি এপ্ৰিল মাহত কৰা হয়। পানী বন্ধ নোহোৱা বালিচঁহীয়া বা পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী। ধান ভাল নোহোৱা বাম ঠাইসমূহত অসমৰ কৃষকসকলে হালধি খেতি কৰিব পাৰে। যিকোনো খেতিৰ উতপাদন ভাল হ’বলৈ জাত বা সঁচৰ ভূমিকা অপৰিসীম। কাৰণ ভাল জাতেহে ভাল উতপাদন দিয়ে। গতিকে হালধিৰ খেতিৰ ক্ষেত্ৰতো একেই কথা। হালধিৰ কেইটামান উন্নত জাত হ’ল : ৰাজেন্দ্ৰ ছোনিয়া, মেঘা ইত্যাদি। এই জাতসমূহৰ বিঘাত কেঁচা হালধি উৎপাদন হয় প্ৰায় ৩৫০০-৪০০০ কেজি। খেতিয়কসকলে কেৱল হালধি উতপাদন কৰিলেই নহ’ব। যদি ভালদৰে সংসাধন কৰা নহয় তেন্তে হালধিৰ প্ৰকৃত মূল্য কৃষকসকলে লাভ কৰিব নোৱাৰিব। ভালদৰে সংসাধন নকৰাৰ বাবেই অসমত হালধি অধিক উতপাদন হয় যদিও অসমত প্ৰয়োজন হোৱা  ১০০ শতাংশৰ ১ শতাংশহে আমাৰ থলুৱা কৃষকসকলৰ হয়।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

Turmeric business & farming
Turmeric business & farming

সংসাধনৰ নিয়ম- কেঁচা হালধি ধুই লৈ তাক ভাপত সিজাব লাগে। steam cooker ৰ ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে  দেখা যায় যে আমাৰ কৃষকসকলে হালধি গৰম পানীত বয়ল কৰে। ফলত হালধিৰ মুখ্য উপাদান তাৰ ৰং কমি যায় আৰু ইয়াৰ বাবে হালধিৰ বজাৰ মূল্য কমি যায়। গতিকে হালধি সদায় ভাপত সিজাব লাগে। সিজোৱা পাছত ভালদৰে তাক ৰদত শুকুৱাই ল’ব লাগে। ভালদৰে শুকোৱাৰ পাছত হালধিৰ পলিছ কৰাৰ অতি প্ৰয়োজন । আমাৰ কৃষকসকলে এই পলিছ নকৰা ৰ বাবে হালধি দাম নাপায়।। হালধিৰ পলিচ নকৰি ইয়াৰে গুৰি কৰিলে গুৰি বোৰত কলা কলা দেখা যায়।। পলিছ কৰা হালধিৰ পাউদাৰ কৰি তাৰ বিপণন কৰিব পাৰিলেহে হালধি খেতিৰ পৰা আচল লাভ কৰিব পাৰি।

হালধি খেতি এপ্ৰিল মাহত কৰা হয়
হালধি খেতি এপ্ৰিল মাহত কৰা হয়

আজিকালি হালধি শুকুৱাই সহজে গুৰি কৰি বিক্ৰি কৰিব পাৰে কৃষকসকলে। আজি কালি গাঁৱে-ভূঞে পিঠা-খুন্দা, হালধি খুন্দা, সান্দহ খুন্দা মেচিন বোৰ আছে। ঘৰতে শুকান কৰি মিলট গুৰি কৃষকসকলে হালধিৰ ব্যৱসায় কৰিব পাৰে। কৃষক বন্ধু সকল আহক আমি অতি সহজে হোৱা এই হালধি খেতি কৰি আৰ্থিকভাৱে টনকিয়াল হোৱাৰ বাবে চেষ্টা কৰিব লাগে যাতে আমাৰ ৪০০ কোটি যেন বেলেগে লৈ যাব নোৱাৰে। যদি কোনো কৃষকে হালধি কৰিব বিচাৰে বা হালধি খেতিৰ বিষয়ে কিবা জানিবলৈ বিচাৰে Tetelia Agro organic producer company, Ltd, khetri, Kamrup অত এটা কৃষক কোম্পানী আছে। যত হালধিৰ মুল্য সংযোজন কৰা কৰা সকলো ধৰণৰ মেচিন আছে। গতিকে কিবা জানিব বিচাৰিলে যোগাযোগ কৰিব পাৰে।। তাত উন্নত মানৰ বীজ ও পোৱা যায়।

লগতে পঢ়ক- 

Avocado Cultivation: উত্তৰ-পূৰ্বাঞ্চলত আভকাডো খেতিৰ সম্ভাৱনীয়তা

English Summary: Turmeric business & farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.