1. সফল কাহিনী

ইজৰাইলী হাই-টেক কৃষিৰ আধাৰত খেতি কৰি ভাগ্য সলনি হ’ল এইসকল কৃষকৰ

KJ Staff
KJ Staff
Playhouse Technique
Playhouse Technique

ৰাজস্থানৰ এখন গাওঁ যাক মিনি ইজৰাইল বুলি জনা যায় । হয়, এই গাওঁখনত এজন কৃষক আছে, যিয়ে তেওঁৰ গাঁৱত খেতিৰ কামত এক বিশেষ নতুন কৌশল গ্ৰহণ কৰি গাওঁখনত তেওঁৰ নাম উজ্জ্বল কৰি তোলাৰ লগতে গাওঁখনৰ লোকসকলৰ ভাগ্যও সলনি কৰিছে । গতিকে আহক আজি আমি আলোচনা কৰো এই কৃষকজনৰ সফলতাৰ কাহিনীৰ বিষয়ে-

ৰাজস্থানৰ জয়পুৰৰ ওচৰত সৰু গাওঁ গুধা কুমাৱতন আৰু বেচেণ্টি । গাঁওখনৰ এজন উদ্যমী কৃষক খেমা ৰাম । তেওঁ ইজৰাইলী প্ৰযুক্তিৰ সহায়ত কৃষি কাৰ্য্য কৰি ভাল লাভ কৰিছে । দৰাচলতে খেমাৰামে তেওঁৰ খেতিপথাৰত পৰম্পৰাগত কৃষি কৰিছিল কিন্তু তাৰ পৰা তেওঁৰ যথেষ্ট লাভ হোৱা নাছিল । তেতিয়া কৃষিৰ ক্ষেত্ৰত তেওঁ এক নতুন কৌশল গ্ৰহণ কৰাৰ কথা ভাবিছিল ।

এইটো কেনেকৈ আৰম্ভ হৈছিল?

খেমাৰামে কয় যে, ২০১২ চনত ৰাজস্থান চৰকাৰৰ সহায়ত তেওঁ ইজৰাইললৈ গৈছিল । তাত কম পানী থকা স্বত্বেও, তেনে পৰিৱেশত পলিহাউচৰ খেতি দেখিছিল আৰু বুজি পাইছিল । তাৰ পৰা উভতি অহাৰ পিছত তেওঁ নিজ গাৱঁত পলিহাউচ স্থাপন কৰি কৃষি কাৰ্য আৰম্ভ কৰে । যেতিয়া তেওঁ এই কৌশলেৰে খেতি আৰম্ভ কৰিছিল মানুহে তেওঁক যথেষ্ট উপহাস কৰিছিল । কিন্তু যেতিয়া খেমাৰামে অধিক উপাৰ্ঝন লাভ কৰিবলৈ ধৰিলে গোটেই গাওঁখনে এই কৌশল টো গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে । সেয়েহে বৰ্তমান গাওঁখনক ইয়াক মিনি ইজৰাইল বুলি কোৱা হয় ।

গাওঁখনৰ ৬ কিলোমিটাৰ এলেকাত ৩০০ত কৈ অধিক পলিহাউচ আছে । ইয়াৰ জৰিয়তে  কৃষকসকলৰ ভাগ্য সলনি হ'ল । গাওঁখনৰ ৪০ জন কৃষক আছে যি ১০ বছৰত কোটিপতি হৈছে।  

বৰ্তমান, গাওঁখনৰ সকলো কৃষকে খেমাৰামে গ্ৰহণ কৰা ইজৰাইলী কৌশলৰ পৰা প্ৰতি মাহে লাখ লাখ টকা উপাৰ্জন কৰি আছে । কৃষকসকলে পৰম্পৰাগত কৃষিৰ লগতে ষ্ট্ৰবেৰী আৰু অন্যান্য ফল-মূল আৰু পাচলি খেতি কৰি লাখ লাখ টকাৰ লাভ কৰিছে । গাঁৱৰ মানুহে খেমাৰাম খেমাৰামক ভগৱানৰ মৰ্যাদা দিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ Vertical Farming: ইজৰাইলী কৃষি কৌশলৰ সৈতে 2.5 কোটি টকা উপাৰ্জন কৰক

English Summary: Mini Israel Village of Rajastan

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.