1. সফল কাহিনী

‘Shark Tank India’ ৰ নৱতম তাৰকা "জুগাদু কমলেশ: ৪০% ইকুইটিৰ বিনিময়ত ৩০ লাখ

KJ Staff
KJ Staff
Piyush Bansal (the CEO of Lenskart) & Jugaadu Kamlesh (CEO of K G Agrotech)
Piyush Bansal (the CEO of Lenskart) & Jugaadu Kamlesh (CEO of K G Agrotech)

চাৰ্ক টেংক ইণ্ডিয়া হৈছে ভাৰতৰ প্ৰথম ব্যৱসায়িক ৰিয়েলিটি শ্ব' য’ত উদ্যোগীসকলে তেওঁলোকৰ ব্যৱসায়িক ৰণনীতি বা ধাৰণা চাৰ্কসকলৰ(Sharks)ওচৰত উপস্থাপন কৰে । চাৰ্ক(Sharks) হৈছে প্ৰকৃত বিনিয়োগকাৰী যিয়ে তেওঁলোকৰ ধন এজন নিৰ্দিষ্ট উদ্যোগীৰ ব্যৱসায়ত বিনিয়োগ কৰে । এই ধাৰণাটো এটা আমেৰিকান অনুষ্ঠানৰ ওপৰত আধাৰিত আৰু ই সোমবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত নিশা ৯ বজাত চনী টিভিত সম্প্ৰচাৰিত হয় ।

মালেগোয়ান, মহাৰাষ্ট্ৰৰ পৰা অহা কমলেশ পেছাত এজন কৃষক আৰু পছন্দ অনুসৰি জুগাডু! তেওঁ নতুন যন্ত্ৰ উদ্ভাৱন কৰিবলৈ ভাল পায় যিয়ে সহকৃষকসকলৰ জীৱন সহজ কৰি তুলিব পাৰে । কমলেশ – জুগাডু ফাৰ্মাৰে সম্পূৰ্ণ বলীউড ষ্টাইলত চাৰ্ক টেংক ইণ্ডিয়াৰ মঞ্চত প্ৰৱেশ কৰিছিল আৰু তেওঁৰ উচ্চ উৎসাহী প্ৰকৃতি আৰু উদ্ভাৱনশীলতাৰে বিচাৰকসকলক “WoWed” কৰিছিল ।

তেওঁ তেওঁৰ এটা আৱিষ্কাৰ চাৰ্ক টেংক ইণ্ডিয়াৰ মঞ্চলৈ আনিছিল তেওঁৰ কোম্পানীৰ ১০% অংশৰ বিনিময়ত ৩০ লাখ বিচাৰিছিল । চাৰ্ক টেংক ইণ্ডিয়াৰ মঞ্চত লেন্সকাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক পীয়ুষ বনচালে তেওঁক ৪০% ইকুইটিৰ বাবে ১০ লাখ টকাৰ লগতে 0%  সূতত ২০ লাখ টকাৰ ঋণ আগবঢ়াইছিল ।

বুলি আশা কৰা হৈছে । চাইকেলখন কমলেশে ৮,০০০ টকা ব্যয়েৰে তৈয়াৰ কৰিছিল আৰু তেওঁ ইয়াক ১২,০০০ টকাত খুচুৰা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে, এই বাইকখনৰ বাবে সকলো কেঁচা সামগ্ৰী তেওঁ এজন স্থানীয় স্ক্ৰেপ ডিলাৰৰ পৰা সংগ্ৰহ কৰিছিল । চাইকেলখন তৈয়াৰ কৰিবলৈ তেওঁক ৭ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ সময় লাগিছিল । আশ্চৰ্যজনক কথাটো হ'ল যে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল । কিন্তু মনত কিবা এটা কৰাৰ প্ৰবল ইচ্ছাই তেওঁক এই কাম কৰি তুলিবলৈ সক্ষম কৰিছিল ।

লগতে পঢ়কঃ -2°C লৈ হ্ৰাস চাহাৰা মৰুভূমিৰ তাপমাত্ৰা, বৰফৰ চাদৰেৰে আবৃত হ’ল চাহাৰা

English Summary: “Jugaadu Kamlesh”– Newest Star of Shark Tank India Fetches Rs 30 Lakhs in Exchange of 40% Equity

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.