Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 6 July, 2024 3:53 PM IST

ধেমাজি জিলাৰ মঠাদাং অঞ্চলৰ এজন প্ৰগতিশীল কৃষক দেৱজিত চাংমাই। কৃষকগৰাকীয়ে কম মাটিতে, কম খৰচতে, কম দিনতে অধিক উপাৰ্জন কৰাৰ এটা মডেল লৈ কৃষিকৰ্ম আগবঢ়াই নিছে। যাৰবাবে তেওঁ ভাৰত চৰকাৰৰ পৰা পণ্ডিত দীনদয়াল অন্ত্যেদয়া কৃষি পুৰস্কাৰো লাভ কৰিছে। কৃষকগৰাকীৰ ৩ বিঘা মাটিৰ কৃষিফামখনত নিজৰ বাসগৃহটো থকাৰ লগতে ৫ টাকৈ গ্ৰীন হাউচ, এটা কৃষক প্ৰশিক্ষণ কেন্দ্ৰ, এটা পুখুৰী, এটা অতিথি গৃহ আছে।

আটাইকেইটা পলিহাউচতে তেওঁ বিভিন্ন অবতৰীয়া খেতি কৰে। শেহতীয়াকৈ তেওঁ এটা পলিহাউচত বেঙেনা, এটা পলিহাউচত তেওঁ ভোটজলকীয়া বীজৰ বাবে ভোট জলকীয়াৰ খেতি কৰিছে। আনহাতে পলিহাউচত বিলাহীৰ খেতি কৰিছে। আৰু দুটা পলি হাউচত তেওঁ পুলি উতপাদনৰ বাবে ব্যৱহাৰ কৰিছে। কৃষকগৰাকীয়ে পলিহাউচত কৰা কৃষি পদ্ধতি সন্দৰ্ভত কয়- পলিহাউচত খেতি কৰিলে যিকোনো শস্যৰ খেতি অবতৰত কৰিব পাৰি। অবতৰত কৰিব পাৰিলে বজাৰত বস্তুৰ দাম পায়। কৃষকগৰাকীয়ে তেওঁ বৰ্তমান কৰি থকা বিলাহী খেতিখিনিৰ কথা উল্লেখ কৰি কয়- বৰ্তমান বিলাহী খেতি বেছিভাগ কৃষকেই নকৰে। গতিকে পলিহাউচত খেতি কৰি বাৰিষা সময়ছোৱাত বিলাহী উলিয়াব পাৰিলে অধিক দাম পাম। বিলাহীৰ বতৰত যদি কৃষকে বিলাহী প্ৰতিকেজিত ১৫ টকাত বিক্ৰি কৰে মই ৪০-৮০ টকা বিক্ৰি কৰিম। মই সদায় অবতৰত খেতি কৰিবলৈ চাওঁ। লগতে কম মাটিত, কম খৰচ কৰি, কম সময়ত অধিক উপাৰ্জনৰ বাবে গুৰুত্ব দিয়ো।

লগতে পঢ়ক- 

পটল পুলি পাবলৈ লেখাটোত থকা ফোন নাম্বাৰত যোগাযোগ কৰক

কৃষকগৰাকীয়ে কেৱল খেতি নকৰে। তেওঁ পুলি উতপাদনো কৰে। বিভিন্নধৰণৰ শাক-পাচলি, যেনে অমিতা, ভোটজলকীয়া, নেমু আদিৰ পুলি নিজেই উতপাদন কৰে আৰু বিক্ৰি কৰে। এটা কথা উল্লেখ কৰিব লগীয়া যে কৃষকগৰাকীয়ে কেৱল কোনো গ্ৰাহক কৃষকক পুলি যোগান ধৰিয়েই দায়িত্ব নাসামাৰে। তেওঁ গ্ৰাহক কৃষকগৰাকীক কেনেকৈ নতুন পদ্ধতিৰে খেতি কৰিব লাগে, শস্যৰ মেডিচিন, সাৰ পানী কেনেকৈ যোগান ধৰিব লাগে আদি কথাবোৰ কোৱাৰ লগতে বিভিন্ন পুলি বিক্ৰি কৰা কৃষকসকলৰ কৃষিফাৰ্মলৈ গৈয়ো কৃষকজনৰ খেতিৰ বুজ লয় আৰু দিহা-পৰামৰ্শ আগবঢ়ায়। লগতে আমাৰ কৃষকসকলক জনাওঁ যে কৃষকগৰাকীয়ে বহু কেইবছৰ ধৰি ধানৰ উন্নত জাতৰ বীজ উতপাদন কৰি আহিছে। তেওঁৰ উপাৰ্জনৰ প্ৰধান উতসটোৱেই ধানৰ বীজ উতপাদন। কৃষকগৰাকীয়ে বানপানীত পোন্ধৰ দিনলৈ নমৰা ধান, খৰাং সহনশীল আদি বহুকেইটা উন্নত মানৰ ধানৰ জাত উতপাদন কৰে। তেওঁ বীজ প্ৰামানিকৰণৰ ইতিমধ্যে প্ৰমানপত্ৰ পাইছে।

কৃষকগৰাকীয়ে কয়- কৃষিক্ষেত্ৰত সফল হ’বলৈ কৃষকসকলে integrated  কৃষি পদ্ধতিৰে খেতি কৰিব লাগিব বুলি কয়। কেৱল এটা খেতি কৰি কৃষকসকল সফল হব নোৱাৰে। integrated  কৃষি পদ্ধতিৰে খেতি কৰিলে এটা শস্যত লোকচান সেই লোকচানটো অন্য এটা খেতিয়ে লোকচানখিনি পুৰাব বুলি কয়। উদাহৰণ দি তেওঁ কয়- মোৰ এই অমিতাখিনি যদি ভাল নহয়, তেতিয়া একেদোখৰ মাটিতে কৰা অমিতাৰ তলতে থকা বেঙেনা খেতিৰ পৰা দুপইচা অৰ্জন কৰিব পাৰিব। বেঙেনাৰ পৰা নাপালেও বেঙেনাৰ তলতে কৰি থকা এই ধনিয়া খিনিৰ পৰাও অলপমান পইচা পাম। তেওঁ লগতে কয়- আমাৰ কৃষকসকলে বজাৰখনৰ প্ৰতি লক্ষ্য কৰি খেতি কৰিব লাগিব। বজাৰখনেই মেইন। বজাৰখন নথকা পাচলি বা ফল এবিধৰ খেতি কৰিলে লোকচানৰ সম্ভাৱনাই অধিক। গতিকে বজাৰত যি বস্তুৰ চাহিদা আছে সেইবস্তুহে আমাৰ সৰু কৃষকসকলে খেতি কৰিব লাগিব।

তেওঁ নতুন কৃষকসকলক উদ্দেশ্যি কয়- খেতি কাৰোবাক দেখি কৰা নহয়। কৃষিযো এক প্ৰকাৰৰ বিজ্ঞান। যিকোনো খেতি কৰাৰ আগমুহূৰ্তত সেই খেতিটোৰ বিষয়ে আমাৰ কৃষকসকলে আঁতি-গুৰি মাৰি জানি লব লাগে বুলি কয়। আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ পৰামৰ্শ মতে, কামবোৰ আগবঢ়াই নিলেও সফলতা পাব বুলি কয়।

লগতে পঢ়ক- 

পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদজোপাৰ খেতি কিদৰে কৰিব ?

English Summary: How to earn more on less land, at less cost, in less days!
Published on: 05 July 2024, 06:31 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now