Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 August, 2022 6:01 PM IST
মহাবাহু মীন কোম্পানীৰ বৃহৎ সফলতা

মহাবাহু মীন পালন প্ৰকল্প উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ আৰু দ্ৰুতগতিত বিকশিত হোৱা মাছ উৎপাদন কোম্পানীবোৰৰ ভিতৰত এটা। অৰ্ধ-নিবিড় আৰু যৌগিক মাছ খেতিত অতুলনীয় দক্ষতাৰ সৈতে কম ব্যয়ৰ অভিনৱ মডেল। অনুপ চাৰ্মাৰ আৰু অঞ্জন কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত এই মহাবাহু মীন পালন প্ৰকল্পক 2021 চনত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ডৰ দ্বাৰা উত্তৰ-পূব আৰু অন্যান্য পাহাৰীয়া ৰাজ্যিক শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ মাছ খেতিয়ক হিচাপে বঁটা প্ৰদান কৰা হৈছিল।

মাছৰ খাদ্য নিৰ্মাণ কাৰখানা, আৰু মাছৰ বীজ নাৰ্চাৰীৰ ক্ষেত্রত এই মহাবাহু মীন কোম্পানীটোৱে অতি কম সময়ৰ ভিতৰতে অঞ্চলটোৰ মাছৰ বজাৰত এক দুৰ্দান্ত স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।

বৃহৎ পৰিমাণৰ মাছ উৎপাদনৰ লক্ষ্যৰে বিশ্ব বেংক সমৰ্থিত প্ৰকল্পৰ অধীনত ARIAS চ'চাইটিৰ সমৰ্থনত 2021 চনত,গহপুৰত মহাবাহু মীন কোম্পানিৰ গঠন হয়। শ্ৰীযুত অনুপ শৰ্মা তেওঁৰ ভাতৃ অঞ্জন শৰ্মা আৰু অশোক শৰ্মাৰ সৈতে, কোম্পানীটো মাত্ৰ 3 হেক্টৰ ভূমি এলেকাৰ সৈতে আৰম্ভণিৰ পৰা 2021 চনত 28 হেক্টৰতকৈ অধিক ভূমি এলেকা আৱৰি এটা বৃহৎ উদ্যোগলৈ দৃঢ়তাৰে বৃদ্ধি পাইছে।

মহাবাহু মীন কোম্পানীটোৱে পৰিতক্ত আৰু অনুৎপাদক ভূমিক অসমৰ উৎপাদনশীল মাছ খেতিৰ ভূমিলৈ ৰূপান্তৰ কৰাটো কোম্পানিৰ লক্ষ্য হিচাপে লৈ কাম কৰি গৈছে। বিশেষকৈ বানপানী অধ্যুষিত অঞ্চল সমূহত যি সমূহ মাটি এনেয়ে পৰি ৰয় সেই মাটি সমূহত মীন পালনেৰে কৃষক সকলক আগুৱাই নিয়াৰ ক্ষেত্রত মহাবাহু মীন কোম্পানীটোৱে কাম কৰি গৈছে।

ৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণ কৰি, কোম্পানীটোৱে ৰাষ্ট্ৰীয় মীন উন্নয়ন ব'ৰ্ডৰ দ্বাৰা বিকশিত ৰাষ্ট্ৰীয় মিঠা পানীৰ মাছ কেটলা, জয়ন্তী ৰাহু, আৰু আমুৰ কমন কাৰ্প বীজৰ মাছ নাৰ্চাৰীবোৰত খেতি কৰি গৈছে।

 

ইয়াৰ লগতে বিভিন্ন স্থানীয় কৃষক সকলক মীন পালনৰ ক্ষেত্রত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আৰু সেই অনুযায়ী কৃষক সকলে মহাবাহু মীন কোম্পানীৰ পৰা মাছৰ পোনা সংগ্রহ কৰি মীন পালনৰ দ্বাৰা লাভবান হবে পাৰিছে।

বিশেষকৈ অসমৰ দৰে এখন ৰাজ্যত যত হেজাৰ হেজাৰ হেক্টৰ মাটি পৰিতক্ত হৈ পৰি থাকে তেনে সময়ত বৃহৎ পৰিসৰত কিদৰে মাছ খেতিৰ দ্বাৰা বছৰি লাখ লাখ টকা উপাৰ্জন কৰি সেই পৰিতক্ত মাটিক উৎপাদনশীল কৰি গঢ়ি তুলিব পাৰি সেই ক্ষেত্রত মহাবাহু মীন কোম্পানীটোৱে মাইলৰ খুটি হৈ উঠিব।

লগতে পঢ়ক-গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

প্ৰেৰকঃ প্ৰাচুৰ্য বৰুৱা, গহপুৰ

English Summary: Gohpur: Success Story of Mahabahu Fish Company
Published on: 13 August 2022, 06:01 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now