Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 April, 2023 3:30 PM IST
Strawberry Farmer from Assam

গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত সৰ্জন ন-সত্ৰৰ এজন প্ৰগতিশীল কৃষক পুলিন বৰুৱা। যোৱা বছৰৰ ডিচেম্বৰত বৰুৱাই মাজুলীৰ জিলা কৃষি কাৰ্যালয়ৰ পৰা HMNEH আঁচনিৰ অধীনত প্ৰায় ৫০০ ষ্ট্ৰবেৰী পুলি (১৮ বাল্টি) লাভ কৰিছিল। তেওঁ সম্পূৰ্ণ জৈৱিক ধৰণে ষ্ট্ৰবেৰী খেতি কৰে। তেওঁ ঘৰত উৎপাদিত ভাৰ্মি ৱাছৰ ব্যৱহাৰেৰে পুলিবোৰ ডাঙৰ কৰিছিল।

তেওঁ যোৱা ফেব্ৰুৱাৰীৰ পৰা ষ্ট্ৰবেৰী বিক্ৰী কৰা আৰম্ভ কৰে। পুলিন বৰুৱাই নিজেই বজাৰলৈ যায় আৰু ষ্ট্ৰবেৰী বিক্ৰী কৰে। তদুপৰি জিলা কৃষি কাৰ্যালয়ৰ সহযোগত তেওঁ গাড়মূৰ আৰু কমলাবাৰীত "বৰুৱা অৰ্গেনিক ফ্ৰুট" নামৰ এটা ষ্ট্ৰবেৰী বিক্ৰী কেন্দ্ৰও মুকলি কৰে। এতিয়ালৈকে, তেওঁ এই ষ্ট্ৰবেৰীৰ পৰা প্ৰায় ১,৪০,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ষ্ট্ৰবেৰী এবিধ কোমল, মনোমোহা বহুবৰ্ষজীৱী ফল। ই এবিধ সুস্বাদু আৰু পুষ্টিকৰ পাচলি। এই কোমল আৰু ৰসাল ফলটোত ভিটামিন ‘ক’ আৰু ‘গ’ থকাৰ উপৰি কেলচিয়াম, ফচফৰাছ, পটাচিয়াম আদি খনিজ লবণেৰে সমৃদ্ধ। 

ষ্ট্ৰবেৰী খেতি এলেকা:

শীতকালীন দেশবোৰত ষ্ট্ৰবেৰী খেতি ভাল হয়। গ্রীষ্ম প্রধান দেশবোৰত, গছবোৰ সহজে ফল ধৰিব নিবিচাৰে। উত্তৰ ভাৰতৰ ৰাজ্যসমূহত এই খেতি বেছিকৈ কৰা হয়৷ তেনে ৰাজ্যসমূহ হ'ল দিল্লী, পশ্চিমবংগ, হিমাচল প্রদেশ, উত্তৰ প্রদেশ, জম্মু-কাশ্মীৰ আদি প্রধান। বিশেষকৈ শীতকাল বেছি আৰু দিন দীঘলীয়া জিলাবোৰত ষ্ট্ৰবেৰী খেতি কৰিব পাৰি।

উপযুক্ত মাটি:

ষ্ট্ৰবেৰী খেতিৰ বাবে বালিয়া, পলসুৱা মাটিৰ আৱশ্যক। পাতলীয়া মাটিতকৈ পানী শোষণ কৰিব পৰা অধিক জৈৱিক পদাৰ্থ থকা মধ্যমীয়া পলসুৱা মাটি বেছি উপযুক্ত। মাটিত যথেষ্ট জৈৱিক সাৰ প্ৰয়োগ কৰি মাটিত ষ্ট্ৰবেৰী খেতি আৰম্ভ কৰিব লাগে। পানী জমা হোৱা পথাৰত ষ্ট্ৰবেৰী ৰোপণ কৰিব নোৱাৰি।

সঁচ:

মাটি আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি অসমকে ধৰি উত্তৰ পূব অঞ্চলত খেতি কৰিব পৰা সঁচবিলাক হৈছে-কামৰাজা, ছুইট বালি, চান্দালাৰ ইলিষ্টা, ফেয়াৰ ফক্স, অফ্ৰা, ব্লেকমোৰ, দগলাছ ইত্যাদি।

গছপুলি:

খেতিৰ বাবে ষ্ট্ৰবেৰী গছপুলি সহজতে নাপাই৷ সেয়েহে আপুনি বিচৰা ধৰণে গছপুলিবোৰ নাৰ্চাৰীৰ পৰা অর্ডাৰ দি সংগ্ৰহ কৰিব পাৰে। ষ্ট্ৰবেৰী গছবোৰ হৈছে গুল্ম আৰু লতাজাতীয়। মূল গছডাল কাটি মাটিত পুতি নতুন গছপুলি সৃষ্টি কৰিব। তাৰ বাবে আধা মাটি আধা গোৱৰ সাৰৰ সৈতে মিহলি কৰিব লাগিব আৰু পলিবেগভৰ্তি কৰিব লাগিব আৰু মূলটো পুতি দিব লাগিব। এই ক্ষেত্ৰত, এডাল গছৰ পৰা 18-20 টা গছ তৈয়াৰ কৰা হয়৷

ষ্ট্ৰবেৰী খেতিৰ বিষয়ে সবিশেষ: https://asomiya.krishijagran.com/horticulture/know-about-the-strawberry-ferming-in-assamese/

 

লগতে পঢ়কঃ Micro Greens ৰ খেতিৰে আৰম্ভ কৰক নিজা ব্যৱসায়

English Summary: Farmer Pulin Barua earns Rs. 1,40,000 in a year from strawberry cultivation
Published on: 03 April 2023, 03:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now