পৰম্পৰাগত চাউল উৎপাদনৰ পৰা হাঁহ-কুকুৰা পালনলৈ বিভিন্ন উৎপাদনমুখী কামৰ জৰিয়তে ডিব্ৰুগড়ৰ টেঙাখাট অঞ্চলৰ পানীমুদৰ গাঁৱৰ ধনেশ্বৰী ৰাজখোৱাই অঞ্চলটোত বিৰল নজিৰ দেখুৱাইছে। পানীমুদৰ গাঁৱৰ এইগৰাকী মহিলাই অশেষ কষ্ট কৰি আহিছে। প্ৰচাৰবিমুখ মহিলাগৰাকীয়ে পথাৰ আৰু ঘৰত কৰা কামৰ মাজেৰেই হা হুমুনিয়া কাঢ়ি বহি থকাসকলক জগাবলৈও চেষ্টা কৰিছে। দৈনিক হালৰ মুঠিত ধৰাৰ লগতে ধনেশ্বৰীয়ে ট্ৰেক্টৰো চলায়।
এই সন্দৰ্ভত তেওঁৰ অভিমত হৈছে নিজৰ খেতি মাটি আনক এৰি দিব নালাগে। অসমীয়াই পূৰ্ববংগীয় লোকক তাহানিৰে পৰাই খেতি মাটি এৰি দি সময়ৰ গতিত ভেটিও হেৰুৱাবলগীয়া হৈছে। খেতিত আত্মনিয়োগ কৰি বছৰি বুজন পৰিমাণৰ উপাৰ্জন কৰা ৰাজখোৱাই কয়' নগাঁও, বৰপেটা, গোৱালপাৰাৰ একাংশ থলুৱাই নিজে খেতি নকৰি বিপদত পৰিছে। সমগ্ৰ অসমত তেনে হ'ব পাৰে। সেয়ে আমি হালৰ মুঠি এৰি নিদিওঁ। মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম ...।'
দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ পানীমুদৰ গাঁৱৰ বহু মহিলাই দীৰ্ঘদিন ধৰি নিজেই খেতি কৰি আহিছে। গাঁওখনৰ মহিলাসকল মিশ্রিত কৃষি পামৰ জৰিয়তে সফল হৈছে। গাঁওখনৰ তেনে এগৰাকী সফল মহিলা হৈছে ধনেশ্বৰী ৰাজখোৱা।
ধনেশ্বৰী ৰাজখোৱাই কয়-‘তেওঁ ৩৫ বিঘা মাটিত বছৰি কেইবাবাৰো খেতি কৰে। খেতিৰ উৎপাদনেৰে হোৱা লাভৰ অংশৰে ট্ৰেক্টৰ এখনো ক্রয় কৰিছে। প্ৰয়োজনত ট্ৰেক্টৰ ভাৰাও লোৱা হয়। হাজিৰা কৰা মহিলা আৰু পুৰুষৰ সহযোগত আমি পথাৰত নিজেই সকলো কৰোঁ। আনকি পথাৰত ঔষধ দিয়া কামো নিজেই কৰি আহিছোঁ।” ৰাজখোৱাই কয়– ‘আমি ধানৰ সলনি চাউল বিক্ৰী কৰো। কাৰণ, আমাৰ নিজা 'ৰাইচ মিলো' আছে। ৰাইচ মিলো নিজেই পৰিচালনা কৰোঁ। তেওঁ কয় – 'বছৰি জহা, মালভোগ (চিৰা কৰা মালভোগ ধান), বৰা, ৰঞ্জিত আৰু মাচুপি চাউল বিক্ৰী কৰো। উৎপাদিত ধান শুকাই নিজৰ ৰাইচ মিলত চাউল কৰি বিক্ৰী কৰো বাবে লাভ কিছু হয়।
আমি উৎপাদিত ধানৰপৰা নিজেই চাউল কৰো বাবে অসংখ্য লোকে ঘৰলৈও কিনিবলৈ আহে। আৰু বজাৰতো বিক্ৰী কৰোঁ। ভাল জহা চাউল কিলোগ্রামে প্রতি ৬০-৭০ টকাকৈ বৰা চাউল কিলোগ্রামে প্রতি ৫০ টকাকৈ আৰু আন চাউল কিলোগ্রামে প্রতি ৩০ টকাকৈ বিক্ৰী কৰো। আনুমানিক বছৰি ধান আৰু চাউল বিক্ৰী কৰি সকলো খৰচ বাদ দিলে ২ লাখ টকা উপার্জন হয়। তদুপৰি ঘৰৰে জহা, বৰা চাউলৰে পৰিয়ালটো সুন্দৰকৈ চলি আছো।"
ধনেশ্বৰী ৰাজখোৱাই আৰু কয়- খেতি কৰাৰ লগতে ঘৰতে আমি হাঁহ-কুকুৰাও পালন কৰোঁ। নির্দিষ্ট একোটা মাহত ৫০০-৫৫০ টকা পৰ্যন্ত হাঁহ-কুকুৰা বিক্ৰী কৰি কেইবা হাজাৰ টকা উপাৰ্জন হয়। এই ব্যবসায়ত লাভ হয় বাবেই কষ্ট কৰি আছো। হাঁহ-কুকুৰাক দানা যোগান ধৰাত কিছু কষ্ট কৰিবলগীয়া হয়। তেওঁ আৰু কয় যে খেতি কৰি আত্মনিৰ্ভৰশীল হোৱাই নহয় এনে কামত জড়িত হৈ থাকিলে মনো ভাল লাগে। সকলো মহিলাই নিজৰ মাটিত অগ্ৰাধিকাৰ দিব লাগে। হাঁহ-কুকুৰা পালন কৰাটো এটা সুকীয়া কথা। কিন্তু নিজৰ মাটিত খেতি কৰি থাকিলে কেইবাটাও দিশৰ পৰাই লাভ হয়। খেতি কৰিলে পছন্দৰ ভাল খাদ্য, শাক পাচলি যাব পৰা যায়। বজাৰত অধিক সাৰ দিয়া পাচলি আদিয়ে বিপল মাতি আনিছে। তদুপৰি আত্মনিৰ্ভৰশীল হ'ব পৰা যায়। ইয়াতকৈ ডাঙৰ কথা, মাটিত আনে নজৰ দিব নোৱাৰে। আমি অসমীয়াই হালৰ মুঠি এৰি দিয়াৰ বাবে ভেটিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। আমি নিজক বচাবলৈ পথাৰৰ পৰাই যুঁজ কৰিব লাগিব বুলি ধনেশ্বৰী ৰাজখোৱাই দৃঢ়তাৰে কয়...।
লগতে পঢ়ক-গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!
জিতেন্দ্ৰ কুমাৰ চৌধুৰী
ফোনঃ ৯৮৬৪০৩৭৪১৬