
বিভিন্ন সময়ত বিভিন্নজন প্ৰতিভাৱানে ৰাজ্যখনলৈ একক প্ৰচেষ্টাৰে কঢ়িয়াই আনিছে গৌৰৱ। ক্ৰীড়া ক্ষেত্ৰখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভলীনা, হিমাহঁতে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাজ্যৰ লগতে দেশলৈয়ো কঢ়িয়াই আনিছে গৌৰৱ। শেহতীয়াকৈ লাভলীনা, হিমাহঁতৰ দৰেই ৰাজ্যবাসীক গৌৰাৱান্বিত কৰিলে উদ্যমী তথা পৰিশ্ৰমী কৃষক দেৱজিৎ চাংমায়ে। এই সফলতা কঢ়িয়াই আনিছে বহুমুখী কৃষিকৰ্মত চমকপদ সফলতা প্ৰদৰ্শন কৰি।
ধেমাজি জিলাৰ শ্ৰীপানী মথাডাঙৰ বাসিন্দাই দেৱজিৎ চাংমাই লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বঁটা। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ ৯৪ সংখ্যক প্রতিষ্ঠা দিৱসৰে সংগতি ৰাখি প্ৰদান কৰা হৈছিল পণ্ডিত দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা। দেশৰ কোটি কোটি কৃষকৰ ভিতৰত কেৱল চাৰিজন কৃষকক এই বঁটা প্ৰদান কৰিছিল। এই চাৰিজনৰ ভিতৰত এজন আছিল অসমৰ দেৱজিৎ চাংমাই। ইয়াৰ পৰাই বুজিব পাৰি কৃষিক্ষেত্ৰখলনৈ তেওঁৰ অৱদানৰ গুৰুত্ব কিমান?

যোৱা শনিবাৰে নতুন দিল্লীস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ পৰা অন্য তিনি উদ্যমী কৃষকৰ লগতে দেৱজিৎ চাংমাই গ্ৰহণ কৰে এই বঁটা। বঁটাত আছে এখন প্ৰমাণ - পত্ৰৰ লগতে নগদ এক লাখ টকাৰ পুৰস্কাৰ।
উল্লেখ্য যে দেৱজিৎ চাংমায়ে ধানৰ বাহাদুৰ ছাব -১ আৰু ৰঞ্জিৎ ছাব -১ নামৰ বানপানীতো সোনকালে মৰি নোযাৱা জাতৰ বীজ উৎপাদন কৰাৰ লগতে প্ৰতিবছৰে ১২০ ৰ পৰা ১৫০ কুইণ্টলকৈ ধান জিলাখনৰ কৃষি ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে । তদুপৰি উদ্যমী কৃষক চাংমায়ে ঘৰতে এখন ক্ষুদ্ৰ নাৰ্ছাৰী স্থাপন কৰি নেমু , পাণ , জালুক নাৰিকল , অমিতা আৰু শাক - পাচলিৰ পুলি উৎপাদন কৰে।
বতৰৰ শাক-পাচলিৰ লগতে খেতিয়কগৰাকীয়ে দুটা কম খৰচী পলি হাউছ ব্যৱহাৰ কৰি শাক - পাচলি উৎপাদন কৰি অঞ্চলবাসীক শাক-পাচলিৰ যোগান ধৰাৰ লগতে তেওঁ নিজেই লাভাৱিন্বত হৈ আহিছে। শাক-পাচলিৰ ওপৰি তেওঁ পুখুৰীত মাছ, হাঁহ পালন কৰে।

এইদৰেই তেওঁ বিভিন্নধৰণৰ খেতি কৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে নাৰ্চাৰীখনৰ পৰা পুলি যোগান ধৰি অঞ্চলটোৰ অঞ্চলটোৰ কৃষিক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই আহিছে। উল্লেখ্য যে এইবাৰ এই বঁটা লাভ কৰা ৰাজ্যখনৰ তেৱেঁই একমাত্র ব্যক্তি ।
লগতে পঢ়ক- চাকৰিৰ পৰা অৱসৰৰ পাছত আপোনাৰ পৰিকল্পনা কি?
Share your comments