1. পশুপালন

মিছা মাছ পালন-এক লাভজনক কৃষি ব্যৱসায়!

KJ Staff
KJ Staff
Prawn Fish
Prawn Fish

মিছা (Prawn) মাছ অমেৰুদণ্ডী শ্ৰেণীৰ দশপদী প্ৰাণী। অতি প্ৰাচীন কালৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে বিভিন্ন প্ৰজাতিৰ মিছা মাছ(Prawn) খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। বৰ্তমান কৃষিভিত্তিক উদ্যোগবোৰৰ ভিতৰত মিছা মাছ পালনেই আটাইতকৈ বেছি লাভজনক বুলি চিহ্ণিত হৈছে।

আন্তৰ্জাতিক বজাৰত ইয়াৰ চাহিদা আৰু ভাৰতৰ অনুকূল জলবায়ুয়ে এই উদ্যোগৰ সম্প্ৰসাৰণত ব্যপকভাৱে সহায় কৰিছে। বহু ব্যৱসায় প্ৰতিষ্ঠান আনকি বহুজাতিক প্ৰতিষ্ঠান সমূহেও এই ক্ষেত্ৰত বিনিয়োগ আৰম্ভ কৰিছে। সৌ সিদিনালৈকে মিছা মাছ উৎপাদনৰ শতকৰা এশ ভাগেই  উৎপাদন হৈছিল সাগৰৰ পাৰত অৱস্হিত ৰাজ্য কেইখনত লুণীয়া পানীত থকা মিছামাছৰ খেতি মিছা মাছৰ খেতিহে বিস্তৃতভাৱে কৰা হৈছিল।

কিন্তু বিজ্ঞানীসকলৰ প্ৰচেষ্ঠাত মিঠা পানী (Fresh Water)ত পালন কৰিব পৰা মেক্ৰ’ব্ৰেকিয়াম প্ৰজাতিৰ মিছা মাছৰ পোনা  উৎপাদন সম্ভৱ হৈছে আৰু আজিকালি বিভিন্ন প্ৰজাতিৰ (Shrimp) মিঠা পানীত পালন কৰি যথেষ্ট ফলপ্ৰসু ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে।

মিঠা পানীত পোৱা মিছা মাছ বিধৰ বাণিজ্যিক নাম হ’ল স্কেম্পি(Scampi) আৰু ই সৰ্বোচ্চ ৫০০ গ্ৰামলৈকে বৃদ্ধি হয়। এই স্কেম্পিয়েই মিঠা পানীত পোৱা আটাইতকৈ ডাঙৰ মিছা মাছ। তাৰোপৰি, আংশিক লুণীয়া পানীত পালন কৰা ভেনামি (Vanna Mei) অসমৰ জলবায়বীয় পৰিবেশত পালন কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে। ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন মিঠা পানীৰ উৎসত এই ভেনামি পালন কৰি লাভৱান হৈছে। এই ভেনামিক Shrimp বুলিয়ো মীন পালক সকলে জানে। স্কেম্পি আৰু ভেনামিৰ ক্ষেত্ৰত ভেনামিৰ চাহিদা বেছি কাৰণ স্কেম্পিৰ পেলনীয়া অংশ যথেষ্ট বেছি। এক কিলোগ্ৰাম স্কেম্পিৰ প্ৰায় ৪০০ গ্ৰাম পেলনীয়া অংশ থাকে কিন্তু এক কিলোগ্ৰাম ভেনামিৰ প্ৰায় ২০০ গ্ৰামহে পেলনীয়া অংশ থাকে। আন্তঃৰাষ্ট্ৰীয় খাদ্য আৰু কৃষি সংস্হা (FAO)ৰ এক সমীক্ষাত কোৱা হৈছে যে এই উদ্যোগত বিনিয়োগ কৰা প্ৰতি টকাত বছৰি অতি কমেও ২.৫০ টকা লাভ কৰিব।

অলৱণীয় পানীত পালন কৰিব পাৰিলেও মিছা মাছৰ জীৱন চক্ৰৰ প্ৰথম চোৱাৰ (প্ৰায় ৪০ দিন) বাবে লুণীয়া পানীৰ আৱশ্যক হোৱা বাবে পোনা উৎপাদন কেন্দ্ৰ সমূহ প্ৰধানকৈ সাগৰৰ পাৰত গঢ়ি উঠিছে। এই কেন্দ্ৰসমূহৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত পোনা সৰবৰাহ হয়। পুখুৰীৰ উপৰিও বিলত নিৰ্দিষ্ট আকাৰৰ বাঁহৰ সৰু সৰু দপিৰে আবেষ্টন (Pen) তৈয়াৰ কৰি মিছামাছ পালন কৰিব পৰি। মিছা মাছ এককভাৱে (Mono Culture) অথবা কাৰ্প মাছৰ লগত (Poly Culture) পদ্ধতিত পালন কৰিব পাৰি।

এবিঘা পানী কালিৰ পুখুৰীত সংমিশ্ৰিতভাৱে স্কেম্পি (ডাঙৰ আকাৰৰ মিছা মাছ) পালন কৰি বছৰি প্ৰায় ৩০০ কিলোগ্ৰাম পানীৰ উপৰিভাগ আৰু মধ্যস্তৰত থকা মাছ যেনে ভকুৱা আৰু ৰৌ আৰু প্ৰায় ৭০ কিলোগ্ৰাম মিছা মাছ উৎপাদন কৰিব পৰি। এই ক্ষেত্ৰত প্ৰতি বিঘাৰ পানীকালিত মিছা মাছ ৬ মাহতে বিক্ৰীৰ উপযোগী হয় আৰু সংমিশ্ৰিত এই পদ্ধতিত প্ৰায় ৩০,০০০ টকা বিনিয়োগৰ দ্বাৰা বছৰি প্ৰায় ৬০,০০০ টকা আয় (সম্পূৰ্ণ খৰচ বাদ দি) কৰিব পাৰি।

ভেনামি নামৰ জনপ্ৰিয় সৰু আকৃতিৰ মিছা মাছ বিধৰ পালনৰ বাবে পুখুৰী প্ৰস্তুতৰ পৰা পানীৰ গুণাগুণ তথা খাদ্য আদিত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগে। পুখুৰীত বাতনযন্ত্ৰ (Aerator)ৰ প্ৰয়োগো অত্যন্ত প্ৰয়োজনীয়। এবিঘাৰ পৰা দুবিঘা আকৃতিৰ পুখুৰী ভেনামী পালনৰ বাবে উপযোগী। প্ৰতি বৰ্গ মিটাৰত ১০০ ৰ পৰা ১৫০ টা পৰ্যন্ত মেলিব পৰা ভেনামি বছৰেকত দুবাৰ মেলিব পাৰি আৰু সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে এইবিধ মিছামাছ পালন কৰিলে এবিঘা পানী কালিৰ পৰা বছৰি দুবাৰ পালনত প্ৰায় এক লাখ টকা আয় কৰিব পাৰি।

শিক্ষিত নিৱনুৱা যুৱক-যুৱতীসকলে গতানুগতিক মীন পালনত মনোযোগ নিদি অভিজ্ঞ লোকৰ তত্বাৱধানত মিছা মাছ পালন কৰিলে ৰাজ্যখনত মাছ উৎপাদন ক্ষেত্ৰত আন এক নতু অধ্যায়ৰ সূচনা হব বুলি আশা কৰিব পাৰি।

লেখক-ড০ সঞ্জয় শৰ্মা

ৰাজ্যিক মীন সমন্বয়ক,

বিশ্ব বেংকৰ পুঁজিৰ প্ৰকল্প APART

জি.এছ. ৰোডখানাপাৰাগুৱাহাটী-22

ফোন-৯৪৩৫৩০৯৫৬৮

লগতে পঢ়ক-কুচিয়া পালনৰ বাবে মীন পালকসকলৰ আদৰ্শ বাক্সাৰ পুৱাৰাম বড়ো!

English Summary: Know about Prawn Fish farming!

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.