1. সফল কাহিনী

টুৰিষ্ট গাইডৰ কাম কৰা জেক মা কেনেকৈ হ’ল চীনৰ আটাইতকৈ ধনী ব্যক্তি?

KJ Staff
KJ Staff
Jack Ma
Jack Ma

জীৱন মানে সংগ্ৰাম। জীৱনৰ প্ৰতিটো খোজতে সফলতাৰ শীখৰত আগবাঢ়ি যাবলৈ প্ৰয়োজন হয় আদৰ্শৰ। কিন্তু আদৰ্শ কোনো এজন ব্যক্তিৰ জন্মগত গুণ নহয়। সেয়েহে মহান ব্যক্তিসকলৰ মহানতাক আমি আদৰ্শ হিচাপে লৈ জীৱনত প্ৰয়োগ কৰিলে নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰি।

আজিৰ এই প্ৰবন্ধটোত আজি আমি এনে এজন সফল ব্যক্তিৰ বিষয়ে কবলৈ গৈ আছো তেওঁ হৈছে জেক মা। হয় আমি চীনৰ আটাইতকৈ ধনী ব্যক্তি জেক মাৰ কথাকেই কৈছো।

জেক মাৰ জন্ম ১৯৬৪ চনৰ ১০ ছেপ্টেম্বৰত চীনৰ হনগংজহ’ত। এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জেক মাই ইংৰাজী ভালকৈ অধ্যয়ন কৰে। আৰু তাৰ বাবে ৯ বছৰ তেওঁ টুৰিষ্ট গাইড হিচাপেও কাম কৰিছিল। পৰ্যটকসকলক পৰ্যটনস্থলীসমূহ দেখুওৱাৰ সময়তে তেওঁ ইংৰাজী ভাষাত কথা-বতাৰ পাতিছিল। তদুপৰি এই সময়ত তেওঁ চাইকেলেৰে ৭০ মাইল দূৰলৈ সদায় যাত্ৰা কৰিব লগা হৈছিল।

জেক মাৰ কেৰিয়াৰ আৰম্ভণি বহু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈছিল। ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষক হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৰু তাৰ পূৰ্বে তেওঁ ৩০ টাকৈ স্থাপন চাকৰিৰ বাবে আৱেদন দিছিল যদিও, এই আৱেদনসমূহ বাতিল কৰা হৈছিল।

তদুপৰি তেওঁ এবাৰ কে এফ চিতো চাকৰিৰ বাবে আৱেদনপত্ৰ জমা দিছিল। তাত মুঠ ২৪ জনকৈ লোকে আৱেদনপত্ৰ জমা কৰিছিল যদিও, ২৩জন প্ৰাৰ্থীয়েই লাভ কৰে চাকৰি। কিন্তু জেক মাই দুৰ্ভাগ্যবশত সেই সময়ত সেই চাকৰিটো নাপালে।

জেক মাই আলিবাবা কোম্পানীটোৰ আৰম্ভ নিজৰ এপাৰ্টমেন্টতে কৰিছিল। তেওঁৰ কেইজনমান বন্ধুক অনলাইন মাৰ্কেটপ্লেচত মনোনিবেশৰ বাবে ৰাজি কৰিছিল। তাৰপাছত ১৯৯৯ চনৰ অক্টোবৰ আৰু ২০০০চনৰ জানুৱাৰীত আলিবাবাই দুবাৰকৈ ২৫ মিলিয়ন ডলাৰ লাভ কৰিছিল।

ফৰ্বছৰ ২০১৮ৰ তালিকাত জেক মাৰ নাম চীনৰ আটাইতকৈ ধনী ব্যক্তি ৰূপে অন্তৰ্ভুক্ত কৰা হয়। সেই তালিকা অনুসৰি,  জেক মাৰ ৩৪.৬ ডলাৰৰ সম্পত্তি থকা বুলি উল্লেখ কৰা হৈছে।

লগতে পঢ়ক-বিশ্ব পৰিৱেশ দিৱস কিয় উদযাপন কৰা হয়? জানক ইয়াৰ আঁৰৰ কাহিনী

English Summary: China's Richest man Jack Mao Success Stories

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.