1. সফল কাহিনী

আমেৰিকা, ভিয়েটনামলৈ বছৰি ৮ লাখ টকাৰ চাউল ৰপ্তানি বিশ্বজিৎ বৰাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বিশ্বজিৎ বৰা
বিশ্বজিৎ বৰা

ধান খেতিৰ প্ৰতি অসমীয়া কৃষকৰ মোহভংগ হোৱাৰ সময়তে পোহৰলৈ আহিছে কৃষক বিশ্বজিত বৰাৰ ধানখেতিৰে সফলতাৰ কাহিনী। বৰ্তমান তেওঁ আশী বিঘা মাটিত কৰে আমেৰিকা, ভিয়েটনামৰ গ্ৰাহকৰ বাবে ৰঙা বাওধানৰ খেতি। কৃষি সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে দৈনিক অসমত লিখা মতে, প্রতিমাহে ধান, মাছ, গাখীৰ, ফল, ঔষধি গছ আদি বিক্ৰী কৰি গড়ে প্রায় ৭ লাখ টকাৰ লেনদেন কৰে। আৰু বছৰি গড়ে প্রায় ৮ লাখ টকাৰ ৰঙা বাওধানৰ চাউলো বৰাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভিয়েটনামত বিক্ৰী কৰি আহিছে।

জানিব পৰা মতে, বৰ্তমান তেওঁৰ কৃষি ফাৰ্মত আছে-

  • ৬০০ বিধ ঔষধী গছ আছে
  • ৫০০ প্ৰজাতিৰ অৰ্কিড আছে
  • গুজৰাটৰ পৰা অনা ১০ টা ম’হ আছে
  • ১০ বিঘা মাটিত মীন পাম আছে
  • এহেজাৰ জোপা ‘ অমৃত সাগৰ’ কল গছ, তিনিহাজাৰ জোপা ড্ৰেগন ফ্ৰুট আদি আছে।
  • বাংলাদেশৰ সৰকৰা, ১৭৫ বিধ ৰোগৰ বাবে প্ৰয়োজনীয় আফ্ৰিকাৰ নুনী গছ, ভিটামিন হিচাপে ব্যৱহাৰ কৰা বনপিঠা গছ, বহুমূত্ৰ ৰোগৰ বাবে প্ৰয়োজনীয় ইনচুলিন প্ৰেন্ট, আফ্ৰকাৰ মাল্টি ভিটামিন গছ, আফ্ৰিকাৰ কৰচল গছ (কৰ্কট ৰোগীক থেৰাপি দিয়াৰ পাছত চাহ বনাই খাবলৈ দিয়া হয়) অশোকা ৰিষ্টা, অ’ৰিজিনেল বিশল্যকৰণী আদি ঔষধী গছ আছে অসমৰ আদৰ্শ খেতিয়ক বিশ্বজিৎ বৰাৰ৷

লগত পঢ়ক- 

এবিঘা মাটিত এবাৰ খেতি কৰি ১২ বছৰলৈ প্ৰতিবছৰে পাওঁক ১ লাখকৈ টকা

এজন ভাল অভিযন্তা হোৱাৰ সপোন দেখিছিল বিশ্বজিৎ বৰাই। সুখ্যাতিৰে তেওঁ অভিযান্ত্রিক পাঠ্যক্ৰমত উত্তীৰ্ণ হৈছিল। আৰু বিশ্বজিত বৰাই জীৱিকা হিচাপে ঠিকাভিত্তিত চৰকাৰী আঁচনিৰ অভিযন্তা হিচাপে কামো আৰম্ভ কৰিছিল। দৰমহা পাইছিল ১৩০০ হাজাৰ টকা। চাকৰিৰ দৰমহাৰে ঘৰ চলাবলৈ অসুবিধা হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য কৰিয়েই বৰাই ২০১০ চনত পৰিয়ালৰ চাৰি বিঘা মাটিত খেতি কৰা আৰম্ভ কৰিছিল। খেতিত উপার্জন ভাল হোৱাত মিশ্রিত পামৰ পৰিকল্পনা কৰি গুজৰাটৰপৰা ১০টা ম'হ কিনি আনে। কৃষি আৰু গাখীৰ বিক্ৰী কৰি অধিক উপার্জন হোৱাত এবিঘা দুবিঘাকৈ লাভৰ অংশৰে মাটি কিনা আৰম্ভ কৰি বৰ্তমান  তেওঁ ১০০ বিঘা মাটিৰ গৰাকী।

সম্প্ৰতি ১০০ বিঘা মাটিত মিশ্রিত পাম ব্যৱস্থাৰে লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে ২৫ জন লোকক স্থায়ীভাবে সংস্থাপন দিবলৈ সমর্থন হৈছে বৰা। অস্থায়ীভাবে অসংখ্য লোকে বৰাৰ লগত কাম কৰি জীৱন নিৰ্বাহ কৰে। কেৱল ইমানে নহয় ঔষধি গছ আৰু অৰ্কিডৰ সংৰক্ষণৰ লগতে খেতি, মাছ, গাখীৰ, দৈৰ ব্যৱসায়কে ধৰি সকলো শাক-পাচলিৰ খেতি কৰা বিশ্বজিৎ বৰাৰ কৃষিয়ে আন্তঃৰাষ্ট্ৰীয় পর্যায়তো সুনাম আছে।

লগতে পঢ়ক- 

‘‘সপোনত উপনীত হ’বলৈ টকাতকৈ সু-পৰিকল্পনাৰ বেছি প্ৰয়োজন’’- ধনীৰাম চেতিয়া

English Summary: Biswajit Bora exports rice to the United States and Vietnam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.