অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালসকলে সাধাৰণতে কি কৰে? ইমান বছৰ দিন কাম কৰিলো জীৱনৰ আজৰি সময়খিনি অলপ আৰমত কটাও বুলি কামৰ পৰাও অৱসৰ লয়! আৰু বাকীসময়খিনি শুই-বহি খাই মৃত্যুৰ বাবে অপেক্ষা কৰি থাকে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম অনিল নামৰ হাৰিয়ানাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱানজন।
সেনা-বাহিনীৰ পৰা অৱসৰ লৈয়ে জৈৱিক কৃষিকৰ্মৰে বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে এতিয়া অনিল। বৰ্তমান অনিলে বছৰি পাঁচ লাখ টকা উপাৰ্জন কৰে। খেতি আৰম্ভ কৰাৰ পূৰ্বে তেওঁ কেইবাজনো কৃষি বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু ৰাসায়নিক সাৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে খেতি কৰাৰ সিদ্ধান্ত লৈছিল। বিশেষ সূত্ৰমতে, সময়মতে সকলো শস্য ৰোপণ কৰে। আৰু পুৱা ৫ বজাতে কৃষি পথাৰত উপস্থিত হয়। ২০১৫ চনৰ পৰা তেওঁ ঘেঁহু, বাজৰা, কপাঁহ, সৰিয়হ, মগু, বুট, বাৰ্লী আদিৰ লগতে পাচলি, কুঁহিয়াৰ আৰু পশুখাদ্যৰ খেতিও কৰি আহিছে।
অনিলে পথাৰৰ চাৰিওফালে ফল আৰু ঔষধি উদ্ভিদ ৰোপন কৰিছে। যিবোৰে এতিয়া তেওঁৰ উপাৰ্জনৰ এক ভাল উৎস হৈ পৰিছে। জৈৱিক কৃষিৰ লাভালাভৰ বিষয়ে বৰ্ণনা কৰি কৃষকজনে কয় যে জৈৱিক কৃষিসাৰ আৰু বীজ তেওঁ নিজৰ ঘৰতে উৎপাদন কৰে। যাৰবাবে খেতিত তেওঁৰ ব্যয় যথেষ্ট হ্ৰাস পায় আৰু লাভ বৃদ্ধি কৰে। আনফালে ৰাসায়নিক সাৰৰ তুলনাত তেওঁৰ পথাৰত উৎপাদিত শস্যবোৰ মূল্যৰ ২ পৰা ৩ গুণ মূল্যত বিক্ৰী কৰে। জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে বহু স্থায়ী গ্ৰাহকৰ সৃষ্টি হৈছে। ফলস্বৰূপে উৎপাদিত শস্যসমূহ বিক্ৰি কৰাকলৈ তেওঁ চিন্তা কৰিব লগা নহয়। তদুপৰি ক্ৰেতাসকলে তেওঁৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰে আৰু মূল্য নিৰ্ধাৰণ কৰে।
হাৰিয়ানাৰ অৱসৰপ্ৰাপ্ত জোৱানৰ আদৰ্শ লৈ অসমৰ অৱসৰী লোকসকলেও এনেদৰে কৃষিক্ষেত্ৰখনক আগবঢ়াই নিব পাৰে। কাৰণ অৱসৰী লোকসকলৰ হাতত বহু সময় থাকে। এই সময়খিনিৰ সৎ ব্যৱহাৰ কৰি কৰ্মৰ মাজৰে জীৱনটোক আনন্দময় কৰি তুলিব পাৰে।
লগতে পঢ়ক- বগৰী খেতিৰে স্বাৱলম্বী বৰপেটাৰ আদৰ্শবান কৃষক জাহাংগীৰ আলী