1. সফল কাহিনী

Brinjal cultivation : বেঙেনাৰ খেতিৰে বছৰি ১০-১২ লাখ উপাৰ্জন মুনিন্দ বৰাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বেঙেনা খেতি
বেঙেনা খেতি

মাজুলিৰ এজন এজন উদ্যমী কৃষকৰ সফলতাই চকু কঁপালত উঠাব আপোনাৰ। দীৰ্ঘদিন ধৰি মাজুলিৰ আঁহতগুৰি গাঁৱৰ বাসিন্দা মুনিন্দ বৰাই ব্ৰহ্মপুত্ৰৰ বালিচৰত বতৰৰ বিভিন্ন শস্যৰ খেতিৰে নিজকে স্বাৱলম্বী কৰি তুলিছে।

তেওঁ জানিবলৈ দিয়া মতে, ২০১২ চনৰ পৰা ব্ৰহ্মপুত্ৰ বালিচৰত তেওঁ খেতি কৰি আহিছে। প্ৰায় দহ-পোন্ধৰ বিঘা মাটিত তেওঁ বেঙেনা খেতি কৰে। আৰু কেৱল বেঙেনা খেতিৰ পৰাই তেওঁ বছৰি ১০-১২ লাখ টকা উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক- 

ষ্ট্ৰবেৰীৰ খেতিৰে এবছৰত ১,৪০,০০০ টকা উপাৰ্জন কৃষক পুলিন বৰুৱাৰ

বজাৰমুখী বেঙেনা
বজাৰমুখী বেঙেনা

কেৱল বেঙেনা খেতিয়েই নহয়। বতৰৰ বিভিন্ন শস্যৰ খেতি কৰে তেওঁ। বৰ্তমান তেওঁ ষ্ট্ৰবেৰী খেতিতো হাত দিছে। ছবিত দেখি থকা এই নেমুৰ বস্তাবোৰ তেওঁৰ গছৰে। এটা নেমুত ৫ টকাকৈ বিক্ৰি কৰিলেও আপুনি অনুমান কৰক এই বস্তাকেইটাত থকা নেমুখিনিত কিমান টকা পাব।

নেমু
নেমু

ভালকৈ কাম কৰিলে, কষ্ট কৰিবলৈ ভয় নকৰিলে সফলতা নিজে নিজে আহে। জানিব পৰা মতে, তেওঁৰ সফলতাত ৰাজ্যৰ কৃষিবিভাগৰ অৰিহণা আছে। তেওঁক ৰাজ্যৰ কৃষি বিভাগে বিভিন্ন সময়ত সহায়-সহযোগিতাৰ লগতে উৎসাহ যোগাই আহিছে।

লগতে পঢ়ক- 

নগাঁৱত ৩৫ বিঘা মাটিত সাঁচিৰ গছ ৰোপন কৰি কোটিপতি আইনুল ইছলাম বক্সি

English Summary: Munind Bora earns 10-12 lakh from Brinjal cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.