ফৰ্বছ ইণ্ডিয়াই ২০২১ বৰ্ষৰ বাবে হিন্দী মনোৰঞ্জন উদ্যোগত উৎকৃষ্ট অভিনেতাৰ তালিকাত অসমৰ তাৰকা অভিনেতা আদিল হুছেইনক অন্তৰ্ভুক্ত কৰিছে । ফৰ্বছ ইণ্ডিয়াই তেওঁক হিন্দী মনোৰঞ্জনত আঠজন ''অসামান্য অভিনেতা''ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । লক্ষণীয়ভাৱে, আদিল হুছেইন অক্ষয় কুমাৰ অভিনীত বলীউড ছবি বেল বটমৰ সৈতে শেহতীয়া কামৰ বাবে তালিকাত থাকিবলৈ সক্ষম হৈছে। ছবিখনত তেওঁ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে ।
ফৰ্বছে এটা প্ৰবন্ধৰ জৰিতে উল্লেখ কৰে যে, ''তেওঁ বেল বটমত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকা পালন কৰিছে । তেওঁৰ চৰিত্ৰটোৱে এটা পাতল ৰেখাত খোজ কাঢ়ে আৰু হুছেইনে ইয়াক যথেষ্ট সুন্দৰতাৰে প্ৰদৰ্শন কৰে । হুছেইনক প্ৰশংসা কৰি ফৰ্বছ ইণ্ডিয়াই ইয়াৰ প্ৰবন্ধত কয় যে অ-কেন্দ্ৰীয় চৰিত্ৰবোৰৰ বাবে মনোযোগ আকৰ্ষণ কৰাটো সহজ নহয় তাত যদি আকৌ কেন্দ্ৰীয় চৰিত্ৰটো অক্ষয় কুমাৰে ৰচনা কৰে সেইটো আৰু কঠিন হৈ পৰে ।
আদিল হুছেইন এজন বিখ্যাত হলিউড/বলীউড চলচ্চিত্ৰ অভিনেতা, যি বায়োস্কোপৱালা, আয়াৰী, লাইফ অফ পাই আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰৰ বাবে জনাজাত । হুছেইনৰ উপৰিও তালিকাখনত স্থান লাভ কৰা অভিনেতাসকল হৈছে আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, সিকন্দৰ খেৰ, মানৱ কৌল আৰু অমৃতা সুভাষ।
লগতে পঢ়কঃ NRC ৰ ওপৰত নিৰ্মাণ হ‘ল প্ৰথম খন চলচ্চিত্ৰ-‘নয়েজ অফ চাইলেন্স'
Share your comments