Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 April, 2023 10:35 AM IST
কণিকা তালুকদাৰৰ অনুপ্ৰেৰণামূলক কাহিনী

সৱলীকৰণৰ অৰ্থ হ’ল শক্তিশালীকৰণ। পিতৃপ্ৰধান সমাজ ব্যৱস্হাত নাৰী সদায় সকলো ক্ষেত্ৰতে অৱহেলিত আৰু নিষ্পেষিত হৈ থাকে আৰু পুৰুষসকলেই সমাজত মুখ্য ভূমিকা লৈ সকলো ধৰণৰ সুবিধা তথা স্বাধীনতা লাভ কৰে। নাৰীক সদায় পুৰুষৰ অধীন হিচাপে ৰখা হয়। মহিলা সৱলীকৰণৰ উদ্দেশ্য হ’ল নিজৰ জীৱনৰ দায়িত্ব আৰু নিয়ন্ত্ৰণ মহিলাৰ নিজৰ হাতলৈ নিব পৰাকৈ শক্তিশালী কৰি গঢ়ি তোলা। সৱলীকৰণ পাঁচটা দিশত হ’ব পাৰে-সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু মানসিক। ইয়াৰ ভিতৰত সামাজিক আৰু অৰ্থনৈতিক সাৱলীকৰণৰ গুৰুত্ব অধিক যদিও অংগাঙ্গীভাৱে জড়িত।

কণিকা তালুকদাৰ

বৰ্তমান চৰকাৰখনে উদ্যমিতা (Entrepreneurship) বিকাশৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে কৃষি ক্ষেত্ৰত উদ্যমিতা গ্ৰহণ কৰি অৰ্থনৈতিক আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰা মহিলাৰ সংখ্যা বৰ্তমান অসমত বহুত। আজি আমি তেনে এগৰাকী উদ্যমী আৰু প্ৰকৃতাৰ্থত সৱল মহিলাৰ কথা উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো- নলবাৰী জিলাৰ বৰমাৰ বৰঝাৰ গাৱঁৰ ৪৫ বছৰীয়া কনিকা তালুৰদাৰৰ জীৱনৰ আগৰছোৱা বৰ দুখজনক। ২০০৮ ছনত মাত্ৰ ৩১ বছৰ বয়সত স্বামীক হেৰুৱাই একমাত্ৰ ছমহীয়া কন্যাসন্তনক বুকুত সাৱটি চাকৰি বিছাৰি হায়ৰাণ হৈ পৰে। অলপ খেতি মাটিত খেতি আৰম্ভ কৰে যদিও পৰিয়ালৰ ভৰণ-পোষণৰ বাবে যথেষ্ট নহয়। তিমিৰাচ্ছন্ন জীৱন চলি থকাৰ সময়তেই ২০১৪ চনত নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰত এটা প্ৰশিক্ষণ লোৱাৰ পিছত কেঁচুসাৰ প্ৰস্তুতৰ প্ৰতি আকৰ্ষিত হয়। আৰ্থিক দুৰ্বলতাৰ বাবে ঘৰতে থকা গোৱৰ ব্যৱহাৰ কৰি বাঁহেৰে নিৰ্মাণ কৰা ক’ম খৰচৰ গাঁতত কেচুঁসাৰ উদপাদন আৰম্ভ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰই তেখেতৰ আগ্ৰহ দেখি প্ৰদৰ্শণীমূলক উৎপাদনৰ দ্বাৰা অলপ সাহাৰ্য আগবঢ়ায়। তালুকদাৰৰ জীৱনৰ সুঁতিৰ গতি ইয়াৰ পৰাই ত্বৰান্বিত হৈ পৰে। নলবাৰীৰ কৃষি বিভাগো আগবাঢ়ি আহে। লাহে লাহে তেখেতৰ কেচুঁসাৰ উৎপাদনৰ পৰিমাণ ১০০ টনলৈকে পায়গৈ। তেখেতৰ আয়ৰ পৰিমাণ ৭ লাখ টকালৈকে পাইছেগৈ। তেখেতৰ উৎপাদিত কেচুঁসাৰৰ নাম দিছে “জয় কেচুঁসাৰ”। জয় কেচুঁসাৰ বৰ্তমান গুৱাহাটীৰ প্ৰায়বোৰ নাৰ্চাৰীৰ উপৰিও অইন জিলাসমূহলৈকো যেনে- দৰং, কামৰুপ, বাক্সা, গোৱালপাৰা, বৰপেটা, বঙাইগাওঁ আদি জিলাসমূহলৈ বিস্তৃত হৈ পৰিছে। তালুকদাৰৰ কেচুঁসাৰ উৎপাদনস্হলী গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা সংস্হানকে আদি কৰি অনেক অনুষ্ঠানৰ প্ৰদৰ্শনস্হলী হৈ পৰিছে। কেচুঁসাৰৰ উপৰিও তেখেতে “ভাৰ্মি ওৱাচ”ও উৎপাদন কৰি আছে।

লগতে পঢ়ক- 

আমেৰিকা, ভিয়েটনামলৈ বছৰি ৮ লাখ টকাৰ চাউল ৰপ্তানি বিশ্বজিৎ বৰাৰ

কণিকা তালুকদাৰৰ কেঁচুসাৰৰ ব্ৰেণ্ড- Joy Vermi compost

কনিকা তালুকদাৰ বৰ্তমান নলবাৰীয়েই নহয় সমগ্ৰ ৰাজ্যখনেৰে এগৰাকী উল্লেখযোগ্য উদ্যমী মহিলা। তেখেতে নিতি (NITI) আয়োগৰ পৰা কৃষি উদ্যমিতাৰ ওপৰত প্ৰশিক্ষণ লোৱাৰ উপৰিও NEAT e Hub, কৃষি বিশ্ববিদ্যলয়ৰ Incubation Centre  আদিতও প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বৰ্তমান তেখেত কেচুঁসাৰক উন্নতমানলৈ লৈ গৈছে আৰু তিনিজন শিক্ষিত নিৱনুৱা যুৱকক নিযুক্ত কৰিছে আৰু বোধকৰো একমাত্ৰ মহিলা উদ্যোগী যিয়ে অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা লাইচেঞ্চও লাভ কৰিছে। উদ্যোগী মানসিকতা, প্ৰবল ইচ্ছাশক্তি, শিকাৰ আগ্ৰহ আৰু আত্মবিশ্বাসৰ দ্বাৰা তালুকদাৰে অসাধ্য সাধন কৰিছে। সৱলীকৰণ অইন কোনোৱে কৰিব নোৱাৰে- নিজৰ অদম্য ইচ্ছাশক্তি, আগ্ৰহ আৰু আত্মবিশ্বাস থাকিলে পথ ওলাই যাই- কনিকা তালুকদাৰে তাকেই যেন প্ৰতিপন্ন কৰিলে।    

কনিকা তালুকদাৰে পুৰস্কাৰ গ্ৰহণ কৰাৰ মুৰ্হূতত

কনিকা তালুকদাৰে পোৱা পুৰস্কাৰসমূহঃ

জিলা পৰ্যায়তঃ

  • নলবাৰী জিলাৰ শ্ৰেষ্ঠ প্ৰগতিশীল কৃষক ২০২০

ৰাজ্যিক পৰ্যায়তঃ

  • উত্তৰ পূৱ কৃষি প্ৰযুক্তি উদ্যমী হাব (NEAT e Hub) ৰ পৰা ৫ লাখ টকা
  • কৃষি উদ্যমিতাৰ উপৰত নিতি (NITI) আয়োগে আয়াজন কৰা দুমহীয়া প্ৰশিক্ষণৰ বাবে নিৰ্বাচন।
  • গুৱাহাটী ৰটাৰী ক্লাৱৰ  (Rotary Club) ৰ দ্বাৰা সন্মানিত
  • অসম সংগ্ৰামী মঞ্চৰ পৰা শ্ৰেষ্ঠা কৃষি উদ্যমী পুৰস্কাৰ
  • বাঙ্গালোৰস্হিত ৰাষ্ট্ৰীয় ৰুডচেটি (National RUDSETI) ৰ দ্বাৰা দক্ষতা বিকাশৰ প্ৰশিক্ষিতা হিচাপে নিৰ্বাচন
  • ভাৰতীয় উদ্যমিতা সংস্হানকে আদি কৰি অনেক চৰকাৰী-অৰ্ধচৰকাৰী সংস্হাৰ সমল ব্যক্তি

ৰাষ্ট্ৰীয় পৰ্য়ায়তঃ

  • ২০২১ চনত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ (ICAR) ৰ পৰা কৃষি উদ্যমিতাৰ বাবে ‘পদ্ম’ ৰপুস্কাৰ

কনিকা তালুকদাৰ বৰ্তমান বহুতৰে বাবে এক অদম্য নাৰী হিচাপে পৰিগণিত হৈছে আৰু তেখেতৰ অনুপ্ৰেৰণাই সেই অঞ্চলৰেই মহিমা হালৈ, চম্পা ৰাভা বৰ্মন, ৰুমী তালুকদাৰ, অঞ্জনা হালৈ, বীনা হালৈকে আদি কৰিছে। শিক্ষিত পুৰুষসকলে সাহস নকৰা বা কৰিব নোৱাৰা কাম তালুকদাৰে কৰি মহিলা সৱলীকৰণৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

লেখক-  ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য

জানো আহক কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেঁচুসাৰ

English Summary: 80,000 to 90,000 per month earn by producing Vermicompost
Published on: 18 February 2023, 05:06 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now