1. অন্যান্য

Fasting: কেনেদৰে উপবাস পালন কৰিব?

KJ Staff
KJ Staff
Why Do We Fast? ( Source-Google)
Why Do We Fast? ( Source-Google)

আপুনি জানেনে যদিহে উপবাস (Fasting) সঠিকভাৱে কৰা হয় তেনেহলে ইয়াৰ অনেক উপকাৰিতা আছে। সঠিক ধৰণে উপবাস কৰাৰ উপৰিও, উপবাস ৰখাৰ সঠিক সময় আছে। উপবাস পালন কৰা পদ্ধতিটো সম্পূৰ্ণ বৈজ্ঞানিক আৰু আধ্যাত্মিক দুয়োটা দিশ জৰিত হৈ আছে।  

মাহত দুদিন উপবাস কৰা ভাল বিশেষকৈ একাদশীৰ দিনত উপবাসে থকা উত্তম আৰু প্ৰাচীন কালৰ পৰা ই যোগ সংস্কৃতিৰ অংশ হৈ আহিছে।

দিন নিৰ্বাচনঃ

উপবাস পালন কৰিবলৈ এটা নিৰ্দিষ্ট দিন বাটি ল’ব লাগে। যেনে সপ্তাহৰ যিকোনো এটা বাৰ, ১৫ দিনৰ মূৰে মূৰে, একাদশী, পূৰ্ণিমা, অমাবস্যা, ১ মাহৰ মূৰে মূৰে বা অন্য তিথিত। বৈদিক সিদ্ধান্ত মতে একাদশীৰ উপবাস উত্তম আৰু মংগলময়।

কি খাব কি নাখাব:

 উপবাস মানেই হ’ল নিৰ্দিষ্ট সময়লৈ আহাৰ বৰ্জন। এই সময়ত খোৱাৰ কথা আহি নপৰে। বিশেষকৈ উচ্চ প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেড বৰ্জন কৰিব লাগে। পাৰিলে নিৰ্জলা, নোৱাৰিলে কেবল পানী খায়, নহলে সতেজ ফল-মূলৰ ৰস খায় উপবাস পালন কৰিব পাৰি। পানীৰ সৈতে নেমুৰ ৰস (চেনী, নিমখ নিদিয়াকৈ)মিহলাই কম কমকৈ সঘনাই খোৱাটো বিজ্ঞানসন্মত। ধৰ্মীয় নিয়ম মতে পালন কৰিলে মাছ, মাংস, কণী, পিয়াজ, নহৰু, পঞ্চশস্য, মাহজাতীয়, তেলজাতীয়, চাউলজাতীয়, মচলাজাতীয় শস্য, নিচা জাতীয় শস্য পদাৰ্থ যেনে চাহ, কফি, তামোল. চাধা আদি বৰ্জন কৰিব লাগে। পৰনিন্দা, পৰচৰ্চা, নেত্বাচক চিন্তা, দেহৰ অংগচ্ছেদ উপবাসত বৰ্জনীয়।

কিমান সময় উপবাসত থাকিবঃ

বিজ্ঞানসন্মতভাৱে ১২-২৪ ঘণ্টা উপবাস পালন কৰিব লাগে।

উপবাস সামৰণিঃ

শৰীৰক কষ্ট দি উপবাস পালন নকৰিব। প্ৰথম অৱস্হাত সাধ্য অনুসৰি যিমান সময়লৈ পাৰে সিমান সময়লৈ থাকিব। পিছত সময় বঢ়াই গৈ থাকিব। নিৰ্দিষ্ট সময়ৰ মূৰত বা শৰীৰত প্ৰকৃত ভোক উৎপন্ন হ’লে প্ৰথমে পানী খায়, পিছত জুলীয়া খাদ্য খায় আৰু শেষত দিনটোৰ প্ৰথম সাঁজত কমকৈ কঠিন খাদ্য খায় উপবাস সামৰিব।

উৎস- ৰংমন ৰঙদৈৰ ফেচবুক পেজৰ পৰা সংগৃহীত

লগতে পঢ়ক-Yoga for Health: সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!

English Summary: Why Do We Fast?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.