1. স্বাস্হ্য আৰু জীৱন

Yoga for Health: সূৰ্য নমস্কাৰ কি? সূৰ্য নমস্কাৰ কেতিয়া কৰাটো অনুচিত!

KJ Staff
KJ Staff
Surya Namaskar for Good  and Healthy Mind
Surya Namaskar for Good and Healthy Mind

ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক অভ্যাস শৈলী। সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। সূৰ্য হ’ল পৃথিৱীৰ সকলো উৎসৰে মূল শক্তি। সূৰ্যৰ উত্তাপৰ সৈতে আমাৰ শৰীৰৰ উত্তাপনৰ সম্পৰ্ক আছে। সেয়ে যোগ শাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। ই এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম

ইয়াক বিভিন্ন ভংগীত কৰা হয়। আৰম্ভণিৰপৰা শেষলৈ সৰ্বমুঠ ১২ টা ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয়। ইয়াৰ সহায়ত শৰীৰৰ সকলো পৰ্যায়ৰ ব্যায়াম সমাধান হয়। সূৰ্য নমস্কাৰত একেলগে আসন, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত থকা প্ৰতিটো চক্ৰ সক্ৰিয় হৈ উঠে।

সূৰ্য নমস্কাৰৰ বাবে পালনীয় নিয়মসমূহ (Rules for Surya Namaskar)

সূৰ্য নমস্কাৰ ৭ বছৰৰ উৰ্দ্ধৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। ইয়াক পুৱা সূৰ্যোদয়ৰ সময়ত কৰিব লাগে(এই সময়খিনি সূৰ্য নমস্কাৰৰ বাবে বেছি লাভদায়ক, অৱশ্যে দিনটোৰ বাকী সময়বোৰতো কৰিব পাৰি)। ইয়াক পুৱাৰ সকলোবোৰ প্ৰাত:কৰ্ম কৰিহে অভ্যাস কৰিব লাগে। সূৰ্য নমস্কাৰ খালী পেটত কৰিব লাগে, কিন্তু ইয়াক অভ্যাস কৰাৰ আধা ঘণ্টা আগেয়ে এগিলাচ কুহুমীয়া পানী খাব লাগে। ইয়াক সদায় প্ৰকৃতিৰ মুকলি পৰিবেশত অভ্যাস কৰিব লাগে আৰু পৰিধান কৰা সাজ ব্যায়ামৰ বাবে উপযোগী হ’ব লাগে।

সূৰ্য নমস্কাৰ কৰোতে প্ৰতিটো ভংগীত নিম্নতম ৫-১৫ ছেকেণ্ড সময় থাকিব লাগে। খৰখেদাকৈ কৰিব নালাগে। সূৰ্য নমস্কাৰ কৰাৰ পিছত কোনো জটিল আসন-প্ৰাণায়াম নকৰিলে আধা ঘণ্টা পিছত লঘু আহাৰ, নহ’লে এঘণ্টাৰ পিছত লঘু বা গুৰু আহাৰ গ্ৰহণ কৰিব লাগে। সূৰ্য নমস্কাৰ কৰাৰ আধা ঘণ্টা আগত আৰু আধা ঘণ্টা পিছত স্নান কৰিব পাৰে(যদিহে ইচ্ছা কৰে)। সূৰ্য নমস্কাৰ কৰাৰ সময়ত ইয়াৰ ‘বীজ মন্ত্ৰ’ পাঠ কৰিব পাৰে। ই মন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

সূৰ্য নমস্কাৰে শৰীৰত কিদৰে প্ৰভাৱ পেলায় ( How Surya Namaskar affects the body)

সূৰ্য নমস্কাৰ অভ্যাসৰ ফলত আমাৰ শৰীৰত থকা ‘অষ্ট চক্ৰ’ প্ৰভাৱশীল হয়। এই চক্ৰত অৱস্থিত মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ আৰু আজ্ঞা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত আমাৰ শৰীৰত অৱস্থিত অন্ত:স্ৰাৱী গ্ৰন্থিসমূহ, যেনে- অধিবৃক্কীয় গ্ৰন্থি, অগ্ন্যাশয় গ্ৰন্থি, থাইমাছ গ্ৰন্থি, পিটুইটাৰী গ্ৰন্থি, পিনিয়েল গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি আৰু যৌন গ্ৰন্থিসমূহ কাৰ্যক্ষম হয়। গ্ৰন্থি সমূহে শৰীৰত সঠিক মাত্ৰাত হৰম’ন ক্ষৰণ কৰে। যাৰ ফলত হৰম’ন বিসংগতিৰ বাবে হোৱা ৰোগসমূহ নিৰাময় হয়।

সূৰ্য নমস্কাৰে শ্বাস-প্ৰশ্বাস আৰু মেৰুদণ্ডৰ সংকোচন-প্ৰসাৰণত বিশেষ প্ৰভাৱ পেলায়। হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সক্ৰিয় আৰু সবল হয় বাবে তেজত বিশুদ্ধ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। ৰক্ত পৰিবহন প্ৰক্ৰিয়াটো সঠিকভাৱে চালিত হয়। চাইটিক নাৰ্ভৰ লগতে কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰসমূহ সক্ৰিয় হয়। তদুপৰি হাড় আৰু মাংসপেশীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। সূৰ্য নমস্কাৰে মগজু, পাকস্থলী, যকৃত, অগ্ন্যাশয়, বৃক্ক আদি আভ্যন্তৰীণ অংগসমূহলৈ ৰক্ত প্ৰৱাহৰ সোঁত বৃদ্ধি কৰে।

সূৰ্য নমস্কাৰ কেতিয়া কৰিব নালাগে?  (When should the Surya Namaskar not be bowed down)

শাৰীৰিকভাৱে বেছি দুৰ্বল হ’লে, উচ্চ ৰক্তচাপ, হৃদৰোগ, এজমা, হাৰ্নিয়া, কঁকালৰ বিষ, শৰীৰত জটিল অস্ত্ৰোপচাৰ থাকিলে, মহিলাসকলৰ ঋতুকাল চলি থকা সময়ত আৰু গৰ্ভাৱস্থাৰ দ্বাদশ সপ্তাহৰ (তিনি মাহ) পিছত সূৰ্য নমস্কাৰ কৰিব নালাগে।

সূৰ্য নমস্কাৰ কেনেকৈ অভ্যাস কৰিব? (How to practice Surya Namaskar?)

সূৰ্য নমস্কাৰৰ ১২টা ভংগী এনেদৰে সজোৱা হৈছে যে ইয়াক অভ্যাস কৰাৰ সময়ত মেৰুদণ্ডডাল বিশেষ ক্ৰম অনুযায়ী এবাৰ পাছলৈ আৰু এবাৰ আগলৈ ভাঁজ লয়, যাৰ বাবে মেৰুদণ্ডডাল নমনীয় হৈ পৰে। এই ১২ টা ভংগীৰ ক্ৰম অনুযায়ী সূৰ্য নমস্কাৰ দুটা পদ্ধতিত অনুশীলন কৰা হয়।

প্ৰথম পদ্ধতিত থকা বাৰটা ভংগী হ’ল-

(১) নমস্কাৰাসন

(২) হস্তোত্তানাসন

(৩) পদহস্তাসন

(৪) অশ্বসঞ্চালনাসন

(৫) পৰ্বতাসন

(৬) অষ্টংগানমনাসন

(৭) ভুজংগাসন

(৮) পৰ্বতাসন (বিপৰীত)

(৯) অশ্বসঞ্চালনাসন (বিপৰীত)

(১০) পদহস্তাসন (বিপৰীত)

(১১) হস্তোত্তানাসন (বিপৰীত)

(১২) নমস্কাৰাসন (বিপৰীত)

লগতে পঢ়ক-যোগাভ্যাস: নতুন প্ৰজন্মৰ বাবে নতুন দিগন্ত

লেখক-

ৰংমন ৰংদৈ

বিভাগীয় প্ৰধান, যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগ, চি আৰ এচ ডি টি, দৰং

ফোনঃ ৯৮৬৪১-৬৯৯০৯

English Summary: Surya Namaskar! Surya Namaskar for good Health and Mind

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.