1. অন্যান্য

Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What is the Advanced Marketing, How to benefit Farmer by Advanced Marketing
What is the Advanced Marketing, How to benefit Farmer by Advanced Marketing

‘কৃষি জাগৰণ অসম’ৰ উদ্দেশ্যই কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত তুলি ধৰা। এনে কৰিবলৈ যাওঁতে আমি বিভিন্ন সময়ত কৃষকসকলক খেতি কৰিবলৈ অনুৰোধ জনাও আৰু খেতিৰ লাভালাভসমূহৰ কথা কওঁ। কিন্তু কেতিয়াবা আমি হতাশ হৈ যাওঁ। যেতিয়া আমাৰ লেখাসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ খেতি কৰে, ফচল ভৱাৰ ধৰণেই হয়। কিন্তু তেওঁলোকে বজাৰখন নাপায়। বজাৰখনৰ অভাৱত বিপাঙত পৰে। ফলত কেতিয়াবা পথাৰত উতপাদিত ফচল পেলাই দিব লগা হয়, গৰুক খোৱাব লগীয়া হয়, পানী দামত মধ্যভোগীক দিব লগা হয়। ইয়াৰ মূলতে অৱশ্যে কৃষকসকলৰ অভিজ্ঞতা নথকাৰ কথাকে সূচায়। অভিজ্ঞ কৃষকসকলৰ এই সমস্যাটো নাথাকে। তেওঁলোকে ফচল উচিত দাম পায়, বজাৰখন নিজৰ মতে, পৰিচালনা কৰে।

শেহতীয়াকৈ আমি ভাৰতবৰ্ষৰ আটাইতকৈ ধনী কৃষক, ভাৰত চৰকাৰৰ পৰা ৩ বাৰকৈ দেশৰ শ্ৰেষ্ঠ কৃষকৰ সন্মান লাভ কৰা ৰাজাৰাম ত্ৰিপাঠিৰ সৈতে আমাৰ কথা হৈছিল। কথা-বতৰাৰ মাজতে আমাৰ কৃষকসকলৰ এই সমস্যাটোৰ কথা কৈছিলো। তেতিয়া তেওঁ কয় যে কৃষকসকলে যি ফচলৰ খেতি কৰে তাৰ ডিমাণ্ডটোৰ প্ৰতি লক্ষ্য কৰি খেতি কৰিব লাগে। একেটা খেতিকে সকলোৱে কৰিব নালাগে। এজনে যদি কবি লগাইছে ওচৰৰ এজনে জলকীয়া খেতি কৰিব লাগে। দুয়োজনে কবি খেতি কৰিব নালাগে। যদি দুইজন কবি খেতিয়কে একেলগে কবি বজাৰত উলিয়াবলৈ হয় তেতিয়া গ্ৰাহক ভাগ হ’ব। সস্তাত দিব লগা হ’ব পাৰে। লগতে  কৃষকগৰাকীয়ে কৃষকৰ বজাৰৰ সমস্যাৰ কথা কবলৈ গৈ এডভান্স মাৰ্কেটিঙৰো কথা কয়।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

তেওঁ কয়- খেতি কৰাৰ পূৰ্বেই বজাৰখন ঠিক কৰি ল’ব লাগে। পাছত নহয় খেতি কৰাৰ আগতেই। যিটো আমি কৰো। আমি ১০ হাজাৰ কেজি জালুক ২০২৫ চনত দিব লগা হ’লে ২০২৪ তেই আমি মাৰ্কেটিং ফাইনেল কৰো। আমি চুক্তি কৰো অহা বছৰ জালুকৰ কেজি ৫০০ টকা হ’লেওঁ আমি তেওঁৰ লগত চুক্তি কৰিম ৪৮০ টকা। আমাৰ ২০ টকা লোকচান হ’লেও হ’ব। সেই মতেই আমি উতপাদন কৰিম। এডভান্স মাৰ্কেটিং এটা ভাল প্ৰক্ৰিয়া। লগতে আমাৰ কৃষকসকলে গ্ৰাহকক বিশ্বাস আৰু ভালবস্তু দিবলৈ সদায় যত্ন কৰিব লাগে।

থোৰতে আমাৰ পাঠকসকলক কৃষি এডভান্স মাৰ্কেটিং সন্দৰ্ভত কওঁ- কোনো কৃষকে খেতি কৰাৰ পূৰ্বে গ্ৰাহক বা পাইকাৰী ব্যৱসায়ীৰ লগত চুক্তি কৰা এক প্ৰক্ৰিয়া। খেতি কৰাৰ পূৰ্বে কৃষকজনে গ্ৰাহক বা বেপাৰীৰ লগত চুক্তি কৰিব যে মই x দামত আগন্তুক বছৰত y বস্তুটো দিম। খেতি কৰাৰ পাছত চুক্তিমতেই কৃষকজনে ফচল বেপাৰীক দিব আৰু বেপৰীয়ে নিজৰ কথা মতেই চুক্তি কৰা অনুসৰি ল’ব লাগিব। এইটোৱেই কৃষি এডভান্স মাৰ্কেটিং। এই এডভান্স মাৰ্কেটিং প্ৰক্ৰিয়াৰে খেতি কৰিলে আমাৰ কৃষকসকল লোকচানৰ সন্মুখীন নহয়। আমাৰ কৃষকসকলেও আলু, জলকীয়া, ধান, মাহ, সৰিয়হ লগতে অন্যান্য শস্যৰ খেতি এডভান্স মাৰ্কেটিঙেৰে কৰিব পাৰে।

লগতে পঢ়ক- 

Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি

 

English Summary: What is the Advanced Marketing, How to benefit Farmer by Advanced Marketing

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.