
বন্যপ্ৰাণীৰ ভিতৰত আটাইতকৈ বেছি ভয় লগা প্ৰাণীটোৱেই সাপ। সাপলৈ ভয় নকৰা হয়তো মানুহ নাই। কিন্তু সাপক আমি যিধৰণে ভয় কৰো বা বিপদ হিচাপে জ্ঞান কৰা- এই কাৰবাৰটো কিমান যুক্তিসংগত! সাধাৰণতে আমি সাপ এডাল দেখিলেই সাপডালক মাৰি পেলোৱাৰ ধান্দা এটা আমাৰ মনলৈ আহে। অৱশ্যে সাপৰ প্ৰতি এই ধাৰণা ক্ৰমশ কমি আহিছে। মানুহে সাপক শত্ৰু হিচাপে গ্ৰহণ কৰি আহিলেও সাপে যে মানুহক বিভিন্নধৰণে সহায় কৰি আহিছে শেহতীয়া বিভিন্ন অধ্যয়নত সেয়া পোহৰলৈ আহিছে। এনে অধ্যয়নত এই কথাও পোহৰলৈ আহিছে সাপ কৃষকৰ বন্ধু।

সাপ যে কৃষকৰ বন্ধু এই সন্দৰ্ভত বিশিষ্ট কৃষক দীপক বৰাৰ এটা ফেচবুকৰ পোষ্ট আমাৰ পাঠকসকলৰ লগত আজি শ্বেয়াৰ কৰিম। ফেচবুক পোষ্টটোত তেওঁ লিখিছে- ‘বুধবাৰে সন্ধ্যা আমাৰ কবি বাৰীৰ মাজত এদাল সাপ ভয় বিহীন ভাৱে জিৰণি লৈ আছে! মই কেতিয়াও সাপক আক্ৰমণ নকৰো বা খং উঠা কাম নকৰোঁ! মোৰ বাবে সাপ জৈৱিক খেতিয়কৰ পৰম বন্ধু !’
লগতে পঢ়ক-
নেমু গছৰ ডাল ধৰা পদ্ধতি

তেওঁ লগতে লিখিছে- ‘সাপ দালে মোৰ বাৰীখনত অনিষ্ট কৰা কীট পতংগ, এন্দুৰ নিগনিবোৰক খাদ্য হিচাপে গ্ৰহণ কৰি আমাক সুৰক্ষা দিয়ে! সাপদাল থকাৰ বাবে বাৰীখনত বহু বেমাৰৰ পৰা শস্য পথাৰ খনক মোৰ অজানিতে উপকাৰ কৰে ! মই সদায় কৃতজ্ঞ হৈ থাকো!’ তেওঁ লগতে তেওঁৰ ফেচবুক বন্ধুবৰ্গক অনুৰোধ জনাইছে লিখিছে- মোৰ অনুৰোধঃ সাপ দালক আমনি নকৰিব! তাক দেখিলেই বৈৰীৰ দৰে আচৰণ নকৰিব! তাক জীয়াই থাকিবলৈ দিয়ক! হত্যা নকৰিব! মানুহক হত্যা কৰিবলৈ প্ৰথমেই কেতিয়াও চেষ্টা নকৰে! সাপ দেখিলেই হঠাতে তাক ভয় নুখুৱাব, সি আত্মৰক্ষা হেতু আপোনাক খোট মাৰে!তাক খেদিবলৈ ফেনাইল বা বিষাক্ত ৰাসায়নিক দ্ৰৱ্য তাৰ গালৈ ছটিয়াই নিদিব! বন্ধ ঘৰত সোমালে তাক ওলাই যাবলৈ ৰাস্তা এটা সুবিধা কৰি দিব! শেষত তেওঁ লিখিছে- ‘আমাৰ দৰে খেতিয়কৰ বাবে সাপ আমাৰ সম্পদ! আহক সাপক আমি সুৰক্ষা প্ৰদান কৰোঁ! মোৰ একান্ত অনুভৱ দেই!’

কিন্তু সাপৰ পৰা সাৱধান হৈ থকাতো নিজৰ বাবে মংগলজনক। সাৱধান মানে আকৌ সাপটোক মাৰি পেলোৱা নহয় তাৰ লগত সহৱস্থান কৰি থকাহে। পৃথিবীখনত জীয়াই থকাৰ অধিকাৰ মানুহৰ দৰে অন্য জীৱ-জন্তুসকলৰো আছে। আৰু সাপে খুঁটিলে প্ৰথমে বেলেগ একো নকৰি ওচৰৰ হস্পিতাললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে ব্যক্তিজনক।
লগতে পঢ়ক-
সুৰুজমুখী কোম্পানীৰ সুৰুজমুখী যাত্ৰাৰ আপুনিও অংশীদাৰ হওঁক
Share your comments