1. অন্যান্য

Rural Business Ideas: গ্ৰামাঞ্চলৰ লোকসকলে আৰম্ভ কৰক এইসমূহ ব্যৱসায়!

RAHUL ALI
RAHUL ALI
Business Ideas for Rural People
Business Ideas for Rural People

কৃষি বা আনুষঙ্গিক কাম এতিয়া পৰম্পৰাগত নহয়। পৰিৱৰ্তনশীল সময়ৰ সৈতে, এই ক্ষেত্ৰটোৱে প্ৰতিদিনে আগবঢ়া দেখা গৈছে। এই পৰিৱৰ্তনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি গুৰুত্বপূৰ্ণ কাৰক। এই পৰিৱৰ্তনবোৰে কৃষি খণ্ডক উন্নয়ন আৰু সম্প্ৰসাৰণৰ দিশে লৈ গৈছে। এই ক্ষেত্ৰত নিৰন্তৰ নতুন পথ উদ্ভৱ হৈ আছে। নতুন শিক্ষিত প্ৰজন্মইও খেতিৰ ক্ষেত্ৰত আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। আমি বিশেষকৈ কৰোনা কালত দেখিছোঁ যে বহুলোকে চহৰৰ পৰা গাওঁলৈ উভতি গৈ কৃষিৰ ক্ষেত্ৰত এক নতুন আৰম্ভণি কৰিছিল আৰু তেওঁলোক সফলো হৈছিল।

আপুনিও যদি গাৱঁত বাস কৰে আৰু কিবা এটা কৰাৰ প্ৰবল ইচ্ছা মনত আছে অথবা কৃষি খণ্ডত আপোনাৰ দক্ষতা চেষ্টা কৰিব বিচাৰে, তেনেহ'লে এই প্ৰবন্ধটো আপোনাৰ বাবে। আমি আপোনাক এনে কিছু লাভজনক ব্যৱসায়ৰ বিষয়ে ক'ম যিবোৰ আপুনি আৰম্ভ কৰি সহজে ভাল উপাৰ্জন কৰিব পাৰে। গতিকে আহক সেই ব্যৱসায়বোৰনো কি সেই বিষয়ে কিছু কথা আলোচনা কৰো-

শীতল ভঁৰাল (Cold Storage)

সাধাৰণতে দেখা যায় যে গাওঁ অঞ্চলবোৰত শীতল ভঁৰালৰ কোনো ব্যৱস্থা নাই, আনকি বেছিভাগ চহৰতো এনে সুবিধা উপলব্ধ নহয়। যাৰ ফলস্বৰুপে ফল আৰু পাচলি নষ্ট আৰু অপচয় হয়। এনে ক্ষেত্ৰত আপুনি শীতল ভঁৰাল আৰম্ভ কৰি ভাল উপাৰ্জন কৰিব পাৰে। প্ৰথমতে আপুনি এটা সৰু শীতল ভঁৰালেৰে আৰম্ভ কৰক।

জৈৱিক কৃষি (Organic Farming)

পথাৰত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে কেৱল ভূমিৰ উৰ্বৰতা প্ৰভাৱিত কৰাই নহয়, মানুহ আৰু জন্তুৰ স্বাস্থ্যৰো ক্ষতি কৰিছে। এনে পৰিস্থিতিত, মানুহে এতিয়া জৈৱিক ফল আৰু পাচলি ক্ৰয় কৰিব বিচাৰে। আপুনি জৈৱিক কৃষি আৰম্ভ কৰি বজাৰৰ এই চাহিদাও পূৰণ কৰিব পাৰে। ভাল কথাটো হ'ল জৈৱিক সামগ্ৰী বিচৰা লোকসকলে অধিক মূল্য পৰিশোধ কৰিও সামগ্ৰী ক্ৰয় কৰে। জৈৱিক কৃষি বৰ্তমান আৰু ভৱিষ্যত দুয়োৰে বাবে এক প্ৰয়োজনীয়তা। আপুনি এই ক্ষেত্ৰত অৱতৰণ কৰি লাখ উপাৰ্জন কৰিব পাৰে।

পশুপালন আৰু কুকুৰা পালন  (Animal Husbandry)

কুকুৰা, গৰু, ছাগলী, ম'হ, ভেড়া আৰু গাহৰি আদিৰ দৰে জন্তু পালন কৰাটো সদায়ে এক লাভজনক ব্যৱসায়। আপুনিও জন্তু বা কুকুৰা পালন কৰি ভাল টকা উপাৰ্জন কৰিব পাৰে। এইটো চিৰসেউজ ব্যৱসায়। ভাল কথাটো হ'ল কম মূলধন থকা স্বত্বেও, আপুনি এই কামটো আৰম্ভ কৰিব পাৰে। আপোনাক কেৱল কিছু স্থানৰ প্ৰয়োজন হ'ব।

বীজৰ দোকান (Seed Store)

যদি আপুনি গাঁত বীজৰ দোকান বা সাৰৰ দোকান খোলে, তেন্তে আপুনি ইয়াৰ পৰা ভাল উপাৰ্জন কৰিব পাৰিব কিয়নো ই বীজ আৰু সাৰৰ বাবে কৃষকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। চৰকাৰে বীজ বা সাৰৰ দোকান খোলাৰ ক্ষেত্ৰতো ৰাজসাহায্য দিয়ে। মনত ৰাখিব যে ৰাজসাহায্য প্ৰতিখন ৰাজ্য অনুসৰি পৃথক হয়।

মাটি পৰীক্ষা কেন্দ্ৰ (Soil Testing Centre)

গাৱঁৰ কৃষকসকলে তেওঁলোকৰ পথাৰৰ মাটিত পুষ্টিৰ অভাৱ জানিবলৈ দূৰণিলৈ যাব লাগে। ইয়ে তেওঁলোকৰ ধন আৰু সময় দুয়োটা অপচয় কৰে। আপুনি আপোনাৰ গাঁৱত মাটি পৰীক্ষা কেন্দ্ৰ এটা খুলিব পাৰে, ই কৃষকসকলক সহায় কৰিব আৰু ই আপোনাৰ উপাৰ্জনৰ এক ভাল উৎস হিচাপে প্ৰমাণিত হ'ব। যদি আপুনি মাটি পৰীক্ষা কেন্দ্ৰ এটা খুলিব বিচাৰে, তেন্তে আপোনাক চৰকাৰে ইয়াৰ বাবে অনুদানও প্ৰদান কৰিব।

আশা কৰোঁ, আপুনি আমাৰ এই ব্যৱসায়িক ধাৰণাবোৰ ভাল পাব আৰু আপোনাৰ বাবে ভাল প্ৰমাণিত হ'ব।

লগতে পঢ়ক-লেয়াৰ মুৰ্গী পালনেৰে দৈনিক ৩২০০ কণী উৎপাদন শিৱসাগৰৰ পৱন কোঁৱৰৰ

English Summary: Business Ideas for Rural People

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.