1. অন্যান্য

আজৰি সময়খিনি আপুনি কেনেদৰে পাৰ কৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মাছৰ  কাৰ্টনত লাইশাকৰ খেতি
মাছৰ কাৰ্টনত লাইশাকৰ খেতি

নিজৰ কৰ্তব্যৰ সময়খিনি সকলোৱে নিজৰ কাম কৰে। কিন্তু আজৰি সময়খিনি এজন ব্যক্তিয়ে অভিৰুচি অনুসৰি কাম কৰে। এই ধৰক কোনোবাই খেলে, কোনোবাই কোনোবাই কিতাপৰ পৃষ্ঠা এটা মেলি লয় বা কোনোবাই এটা চিগাৰেট এটা খাই সময়খিনি পাৰ কৰে। কোনোবাই আকৌ ছুটিৰ দিনটোত ঘৰৰ ফুলনিখনত বা শাকনিবাৰীখনত কাম কৰে। কিন্তু এই লেখাটো আজৰি সময়ত ফুলৰ বাৰী বা শাকনিবাৰীখনত কাম কৰি সময়খিনি কটাব বিচৰা ব্যক্তিসকলৰ বাবেহে।

ফেঞ্চবিনৰ পুলি
ফেঞ্চবিনৰ পুলি

দেখিবলৈ পোৱা যায় বহু চাকৰিয়ালে বা দিনটোৰ বাবে কামলৈ ওলাই যোৱা বহুলোকে পুৱাৰ আজৰি সময়খিনিত নিজৰ বাৰীখনত কাম কৰে। এনেদৰে পুৱাৰ এই সময়খিনি কাম কৰিয়েই প্ৰয়োজনীয় শাক-পাচলিখনি ঘৰতে উতপাদন কৰে এইসকল লোকে। এনেদৰে কাম কৰাৰ ফলত এজন লোকৰ বহুকেইটা দিশত লাভান্বিত হয়। প্ৰথম, শাৰীৰিক পৰিশ্ৰমে এজন ব্যক্তিৰ ব্যায়ামৰ দৰে কাম কৰে। ফলত ব্যক্তিজনে মধুমেয়, ৰক্তচাপ জাতীয় ৰোগৰ পৰা ব্যক্তিজনক বচাই ৰাখে।

লগতে পঢ়ক- 

নেমু গছৰ ডাল ধৰা পদ্ধতি

দ্বিতীয়তে বজাৰ শাক-পাচলিৰ দাম বেছি। গতিকে ঘৰতে শাক-পাচলিৰ খেতি কৰাৰ বাবে শাক-পাচলিৰ বাবে প্ৰয়োজন হোৱা পইচা ৰাহি হ’ব। লগতে ঘৰতে কৰা জৈৱিক আৰু সতেজ পাচলি লাভ কৰিব। তৃতীয়তে ব্যক্তিজনে নিজে ৰোৱা শাক পাচলিবোৰ যেতিয়া লাহে লাহে ডাঙৰ হৈ ছবিখনে আপোনাক যি আনন্দ দিব সেয়া উপলব্ধিহে কৰিব পাৰি অনুমান নহয়।

লাইশাকৰ পুলি
লাইশাকৰ পুলি

অৱশ্যে চহৰীয়া মধ্যবিত্ত লোকসকলৰ এই সুবিধা নাথাকে। কাৰণ তেওঁলোকৰ মাটিৰ অভাৱ। কিন্তু ঘৰতে খাবলৈ তেওঁলোকে কৰিডৰ, বেলকলি, চাদ আদিত মাছৰ কাৰ্টন বা ফুলৰ টাব আদিত খেতি কৰিও আজৰি সময়খিনি কটাব পাৰে। দেখিবলৈ পোৱা যায়-বহু চহৰীয়া মধ্যবিত্তই ধনীয়া, জলকীয়া, মচুন্দৰী, বেঙেনা, লাই, মূলা, বিলাহী, গাজৰ আদিৰ এনেদৰে খেতি কৰি খাই আছে।

লগতে পঢ়ক- 

সাপ-কৃষকৰ সম্পৰ্ক আৰু দীপক বৰাৰ এটা ফেচবুক পোষ্ট

English Summary: How do you spend your free time!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.