
অসমত একো একোজন ব্যক্তিয়ে কিছুমান ক্ষেত্ৰত অসাধাৰণ কাম কৰি বিশ্ব দৰবাৰত চিনাকি দিবলৈ সমৰ্থ হৈছে। অথচ অসমৰে বহু লোকে এনে লোকৰ বিষয়ে অজ্ঞ। মহান চন্দ্ৰ বৰা তেনে এজন ব্যক্তি। তেখেতৰ লগত মোৰ ব্যক্তিগত চিনাকি প্ৰায় পাঁচ বছৰৰ আগতে হৈছিল। Merville British Columbia, Canada নিবাসী জৈৱিক কৃষিৰ আগৰণুৱা মহিলা পেগী কাৰ্ছৱেলৰ লগত । পেগী কাৰ্ছৱেলে অসমত জৈৱিক কৃষি আন্দোলনক সমৰ্থন কৰিবলৈ কৃষক, চাহ খেতিয়কৰ লগত কাম কৰি আছে । শেহতীয়াকৈ বৰাদেৱৰ লগত গুৱাহাটী 'আইআইটি' ত অনুষ্ঠিত Brainstorming Workshop on Technology vision 2047 একেলগে যোগদান কৰিছিলো।
সমগ্ৰ বিশ্বত জৈৱিক সেউজ বিপ্লৱৰ সমান্তৰালভাৱে থলুৱা বীজ সংৰক্ষণে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে ৷ সেই একে সময়তে কৃষি প্ৰধান ৰাজ্য অসমত এই আন্দোলনৰ অগ্ৰণী সৈনিকৰ ভূমিকা পালন কৰি আহিছে যোৰহাটৰ উচ্চ শিক্ষিত জৈৱিক কৃষক মহান চন্দ্ৰ বৰা ই ৷ বিগত দহ বছৰধৰি একক প্ৰচেষ্টাৰে বীজ সংৰক্ষণ ক্ষেত্ৰখনত আত্মনিয়োগ কৰি গঢ়ি তুলিছে এটা “বীজ সংৰক্ষণ ভঁৰাল”৷ ‘অন্নপূৰ্ণা ছীড লাইব্ৰেৰী’ নামকৰণেৰে আৰম্ভ কৰা বীজ ভঁৰালটিক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াস্থিত ‘ৰিচম’ণ্ড গ্ৰ’জ ছীড লেণ্ডিং লাইব্ৰেৰী’ নামৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৱে এছিয়াৰ সৰ্বপ্ৰথম বীজ সংৰক্ষণ ভঁৰাল হিচাপে স্বীকৃতি দিছে ৷
লগতে পঢ়ক-
Bamboo rice price : এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

সম্প্ৰতি তেওঁ অসমৰ বহু লুপ্তপ্ৰায় ধানৰ বীজৰ উপৰিও অৰুণাচল, মণিপুৰ, ত্ৰিপুৰা আদিত খেতি কৰা ৫০০ প্ৰজাতিৰ ধানৰ লগতে জলকীয়া, বেঙেনা আৰু বিলাহীৰ বীজ সংৰক্ষণ কৰিছে৷ জৈৱিক কৃষি আৰু বীজ সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবে বিদ্যালয়-মহাবিদ্যালয় পৰ্য্যায়ত পাঠদান আৰু কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে ৷

দেশ-বিদেশৰ বহুকেইটা বীজ সংৰক্ষণ আৰু জৈৱিক কৃষি বিষয়ক সংগঠনৰ সৈতে জড়িত হোৱাৰ উপৰিও অসমৰ শদিয়া, বালিপাৰা, কাজিৰঙাত মহান বৰাৰ বীজ সংৰক্ষণ ভঁৰাল শাখা স্থাপিত হৈছে।
লগতে পঢ়ক-
Share your comments