 
    উচ্চতম ন্যায়ালয়ে যোৱা শুক্রবাৰে এখন বিশেষ আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিন্ধান্ত প্রদান কৰে। উচ্চতম ন্যায়ালয়ে কয় যে, এতিয়াৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকে নিজৰ ইচ্ছানুসৰি যিকোনো ধর্মান্তৰিত হ'ব পাৰিব। উল্লেখ্য যে,উচ্চতম ন্যায়ালত অন্ধবিশ্বাস, তন্ত্ৰ-মন্ত্ৰ, বলপূৰ্বক ধৰ্মান্তকৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী কৰি এখন বিশেষ আবেদন দাখিল কৰিছিল।
আবেদনখনৰ শুনানি কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰি সস্তীয়া জনপ্ৰিয়তাৰ বাবে আবেদনখন দাখিল কৰা বুলি উল্লেখ কৰে। জানিব পৰা মতে, অধিবক্তা অশ্বিনী উপাধ্যায় আৰু গোপাল শংকৰ নাৰায়ণে দাখিল কৰিছিল এই আবেদনখন।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments