1. অন্যান্য

বিপাঙত মাইক্রফাইনেন্সৰ ঋণী; কিস্তি পৰিশোধ কৰিব লাগিব নে নাই ৰিজার্ভ বেংকৰ জাননী

KJ Staff
KJ Staff
Microfinance loans excuses by Assam govt
Microfinance loans excuses by Assam govt

  মাইক্রফাইনেন্সৰ ঋণ সম্পূর্ণ মাফ কৰি দিয়া হ'ব বুলি বিত্ত মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী প্রচাৰ সভাসমূহত দিয়া প্রতিশ্রুতিয়ে  এতিয়া গ্রাহকৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। কোনাে ধৰণৰ নির্দেশনা নথকাকৈ মাথোঁ মৌখিকভাৱে দিয়া এই প্রতিশ্রুতিক বহু গ্রাহকে সন্দেহৰ দৃষ্টিৰে চাইছে। 

   বিশেষকৈ ঋণ পৰিশােধ কৰিবলৈ ৰিজাৰ্ভ বেংকে গ্রাহকসকলক সতর্ক আৰু সজাগ কৰি দিয়াত বিপাঙত পৰিছে মাইক্র ফাইনেন্সৰ ঋণপ্রাপক তথা গ্রাহকসকল। উল্লেখযােগ্য যে বন্ধন বেংককে ধৰি বহু সৰু সৰু বিত্তীয় প্রতিষ্ঠানৰ পৰা ৰাজ্যখনৰ জনতাই ঋণ লৈ স্বাৱলম্বী হােৱাৰ পােহৰ দেখিছিল। বিশেষকৈ মহিলাসকলে বন্ধন বেংককে ধৰি মাইক্রফাইনেন্স কোম্পানীসমূহৰ পৰা ঋণ লৈ স্বাৱলম্বী হােৱাৰ পদক্ষেপ গ্রহণ কৰিছিল৷ আত্মসহায়ক গােট গঠন কৰি সহজতে ঋণ লৈ ছাগলী পালন, হাঁহ পালন, গাহৰি পালন আদি কর্মত নিয়ােজিত হৈছিল।

   বহুতে আকৌ তাঁত শিল্পৰ সৈতে জড়িত হৈছিল। কিন্তু মাইক্র’ ফাইনেন্সৰ পৰা ঋণ লৈ পৰিশােধ কৰিব নােৱৰা গ্ৰাহকসকলৰ ঋণ চৰকাৰে ৰেহাই কৰি দিব বুলি বিত্ত মন্ত্রী ড° শৰ্মাই নির্বাচনী সভাসমূহত ঘােষণা কৰাৰ পাছতে প্ৰায়বােৰ গ্ৰাহকে ঋণ পৰিশােধ কৰাৰ পৰা আঁতৰত থাকে। কিন্তু চৰকাৰে গ্ৰাহকসকলৰ এই ঋণ পৰিশােধ কৰিবনে? ইয়াক লৈ বিষয়টো গ্রাহকসকলৰ মাজত অধিক চৰ্চিত হৈ থকাৰ মাজতে ভাৰতীয় বিজার্ভ বেংকৰ এক সজাগতামূলক বিজ্ঞাপনে গ্রাহকসকলক জটিল পৰিস্থিতিত পেলাইছে। কাৰণ ঋণ লােৱা গ্ৰাহকক সময়মতে ঋণ পৰিশােধ কৰিবলৈ ৰিজাৰ্ভ বেংকে আহ্বান জনাইছে। সময়মতে ঋণ পৰিশােধ নকৰিলে চৰকাৰী-বেচৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা গ্ৰাহকসকল বঞ্চিত হ'ব বুলি কোৱা হৈছে। আনহাতে, ঋণ পৰিশােধ নকৰিলে ভৱিষ্যতলৈ পুনৰ ঋণ লাভ কৰাৰ পথ বন্ধ হৈ যাব পাৰে বুলি গ্রাহকসকলক সতর্ক কৰি দিছে। ৰিজাৰ্ভ বেংকে ঋণী গ্রাহকসকলক উদ্দেশ্যি এনে ধৰণে সজাগতামূলক নির্দেশ দিয়াত অসমত মাইক্র' ফাইনেন্সৰ পৰা ঋণ লােৱা গ্ৰাহকসকল সমস্যাত পৰিছে। যিসকলে ঋণ লৈ পৰিশােধ কৰা নাই সেইসকল গ্রাহক অধিক চিন্তিত হৈছে। কাৰণ বিত্ত মন্ত্রী ড° শৰ্মাৰ নির্বাচনী প্রতিশ্রুতিৰ পাছতেই গ্রাহকসকলে ঋণ পৰিশােধ কৰাৰ পৰা আঁতৰত আছিল। কিন্তু মন্ত্রী শর্মাই কৰা ঘােষণাৰ পাছত কোনাে ধৰণৰ নিদের্শনা নােলােৱা আৰু সময়মতে ঋণ পৰিশােধ কৰিবলৈ ৰিজার্ভ বেংকে আহ্বান জনােৱাত এতিয়া গ্রাহকসকল সংকটত পৰিছে। অর্থাৎ ঋণ পৰিশােধ কৰিব লাগিবনে নাই সেই সন্দৰ্ভত অনিশ্চয়তাত পৰিছে গ্রাহকসকল। বহু গ্রাহকে এতিয়া এইক্ষেত্ৰত চৰকাৰৰ পৰা স্পষ্ট স্থিতি দাবী কৰিছে।

আৰু পঢ়ক- মৎস্য পালনৰে লাখ লাখ টকা উপার্জন কামৰূপৰ ৰঞ্জিতাৰ 

English Summary: rbi ordered to microfinance debt repay immediately there is no excuses by Assam govt

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.