1. অন্যান্য

ক'ভিদ 19 ৰ দ্বিতীয় জোৱাৰ মোদীসৃষ্ট দুর্যোগ: মমতা বেনার্জী

KJ Staff
KJ Staff
West Bengal CM Mamata Banerjee
West Bengal CM Mamata Banerjee

দেশজুৰি ক’ভিড- ১৯ৰ দ্বিতীয় জোৱাৰ আৰু ইয়াৰ ব্যৱস্থাপনা মােদীসৃষ্ট দুর্যোগ। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ। ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ ষষ্ঠ পর্যায়ৰ নির্বাচনক লৈ আয়ােজিত দক্ষিণ দিনাজপুৰ জিলাৰ বালুঘাটৰ নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ বিৰুদ্ধে আক্রমণাত্মক হৈ। তৃণমূল কংগ্ৰেছৰ নেত্রী-মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে উল্লেখিত মন্তব্য কৰি কয় যে—পশ্চিমবংগ পৰিচালিত হ’ব কেৱল বেংগল ইঞ্জিন চৰকাৰৰ দ্বাৰা। মােদীৰ ডাবােল ইঞ্জিনৰ দ্বাৰা পৰিচালিত নহয়। আমি আমাৰ ৰাজ্যখনক গুজৰাটৰ কজাত আনিবলৈ অনুমতি নিদিওঁ অথবা দিল্লীৰ পৰা ইয়াক চলাবলৈ নিদিওঁ। বংগই বংগ শাসন কৰিব তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ক’ভিডৰ দ্বিতীয় জোৱাৰ অধিক তীব্র।

   মই ক'ব বিচাৰোঁ যে এয়া মােদীসৃষ্ট দুর্যোগ। নাই ইনজেকচন অথবা নাই অক্সিজেন। ভেকচিন আৰু মেডিচিন বিদেশলৈ পঠিওৱা হৈছে। যি ক্ষেত্ৰত দেশতেই ইয়াৰ তীব্ৰ নাটনি হৈছে। নির্বাচনী সভাত প্রধান মন্ত্রী বিৰুদ্ধে থকা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়- নির্বাচন হৈছে পশ্চিমবংগক ৰক্ষা কৰাৰ। বাঙালী মাতৃৰ সন্মান সুৰক্ষাৰ।

 

English Summary: West Bengal CM Mamata Banerjee says covid 19 second wave is just creation of Modi government

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.