1. অন্যান্য

কি হ'ব দুই অপহৃতৰ জীৱন! আলফা(স্বা) বান্ধি দিয়া চৰমসীমা যোৱা কালি উকলিল৷

KJ Staff
KJ Staff
Photo Credit- Google
Photo Credit- Google

  কি হ'ব দুই অপহৃতৰ জীৱন! ইয়াক লৈ দুই অপহৃতৰ পৰিয়ালে চৰম অস্বতিত দিন কটাবলগীয়া হৈছে৷ অইল ইণ্ডিয়া লিমিটেডত নিবিদা লাভেৰে অৰুণাচলত খনন কার্য চলাই থকা অৱস্থাত যােৱা ডিচেম্বৰত কুইপ’ অইল এণ্ড গেছ ইনফ্রাস্ট্রাকচাৰ লিমিটেডৰ বিষয়াদ্বয় ক্রমে শিৱসাগৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা স্বাধীনে অপহৰণ কৰি নিয়াৰ পাছত বিষয়া দুজনৰ জীৱনৰ মূল্য দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে দিল্লীৰ প্রতিষ্ঠানটো। ইতিপূর্বে আলফা স্বাধীনে কুইপ’ প্রতিষ্ঠানটোৱে অপহৃত বিষয়া দুজনৰ জীৱনৰ মূল্য দিয়া নাই বুলি এক টেলিফনিক বার্তালাপত অভিযােগ তুলি বাৰম্বাৰ ভাবুকি প্রদান কৰি আহিছে।

   তৎস্বত্বেও কুইপ’ প্রতিষ্ঠানটোৰ গা নলৰাত আজি যোৱা কালি চৰম সীমা উকলি যায়। এনে পৰিপেক্ষিতত কুইপ' কতৃপক্ষই বিষয়াদ্বয়ৰ মুকলিৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰা আৰু পৰিয়ালবর্গৰ ওচৰত থিয় নিদিয়াত চৰম হতাশাত ভুগিব লগা হৈছে৷ তাৰোপৰি প্রতিষ্ঠানটোৰ এই স্থিতিয়ে অসম আৰু অসমীয়াৰ প্রতি যে দায়বদ্ধ নহয়, তাকে স্পষ্টকৈ উদঙাই দিয়া বুলি খৱৰ উলাইছে। আনহাতে আজি আলফাই দিয়া চৰমসীমা উকলি যােৱাৰ পাছতাে কোনাে প্রতিক্রিয়া ব্যক্ত কৰা নাই নিষিদ্ধ ঘােষিত বিদ্রোহী সংগঠন আলফা স্বাধীনে।

    ইয়াৰোপৰি কুইপ’ প্রতিষ্ঠানৰে জড়িত স্থানীয় লােকসকলক জীৱিকাৰ বাবে বিকল্প পথ গ্রহণ কৰিবলৈয়াে আহ্বান জনাই আলফাই ১৭ ফেব্ৰুৱাৰীৰ পৰা প্রতিষ্ঠানটোক অসম, অৰুণাচলত নিষিদ্ধ ঘােষণা কৰাৰ কথা প্ৰেছ বিবৃতিত উল্লেখ কৰিছিল। 

   শেহতীয়াকৈ পৰেশ বৰুৱাৰ জেষ্ঠভাতৃৰ পৰিয়ালৰ ওচৰত অপহৃতৰ দুই পৰিয়ালে শৰাই আগবঢ়াই আঁঠু লৈ সেৱা জনাই বিষয়া দুজনৰ প্রাণভিক্ষা কৰে৷ ইয়াৰ পৰিপেক্ষিততে পৰেশ বৰুৱাৰ ককায়েকে সংবাদ মাধ্যমৰ যােগে নিৰীহ দুয়ােজনকে মানৱীয়তাৰ খাতিৰত মুক্তি দিবলৈ আহৱান জনাইl 

   অৱশ্যে এই ক্ষেত্রত বিদ্রোহী সংগঠনটোই কি সিন্ধান্ত গ্রহণ কৰে গুৰত্বপূর্ণ হব। আলফাৰ এই চৰমসীমা বৃদ্ধি হােৱাৰ সম্ভাৱনা আছে নেকি, ইয়াক লৈ ব্যাপক চর্চা চলি আছে।

English Summary: Yesterday expired the deadline of ULFA know all about here

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.