1. অন্যান্য

নীতি আয়োগৰ বহনক্ষম উন্নয়ন সূচাংক প্রকাশ। তালিকাত অসমৰ স্থান একেবাৰে নিম্নস্থানত

KJ Staff
KJ Staff

   বহনক্ষম বিকাশৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অন্যতম শােচনীয় প্রদর্শন আগবঢ়োৱা ৰাজ্যৰূপে চিহ্নিত হৈছে অসম। নীতি আয়ােগে যোৱাকালি প্রকাশ কৰা বহনক্ষম উন্নয়ন লক্ষ্য ভাৰত সূচকাংক ২০২০-২১'ত উন্মােচন হৈছে ৰাজ্যখনৰ উন্নয়নৰ দিশটোত প্ৰভাৱ পেলােৱা বিভিন্ন ক্ষেত্ৰৰ শােচনীয় ৰূপ। যি সময়ত কেৰালাই ৭৫ নম্বৰেৰে এই তালিকাত শীর্ষস্থান অক্ষুন্ন ৰাখিছে, সেই সময়ত অসমে মাত্র ৫৭ নম্বৰেৰে একমাত্র বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰতহে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

যোৱা কালি নীতি আয়ােগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে প্ৰকাশ কৰা এই সূচকাংক অনুসৰি অসমে নির্ধাৰিত বিকাশৰ কেইবাটাও লক্ষ্যত অতি শােচনীয় প্রদর্শন আগবঢ়াইছে। দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত ৫১, ভােক নিবাৰণৰ ক্ষেত্ৰত ৪১, সুস্বাস্থ্যৰ ক্ষেত্ৰত ৫৯, মানসম্পন্ন শিক্ষাৰ ক্ষেত্ৰত ৪৩, লিংগ সমতাৰ ক্ষেত্ৰত ২৫, বিশুদ্ধ পানী/অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত ৬৪,অর্থনৈতিক প্রগতিৰ ক্ষেত্ৰত ৫০, উদ্যোগ-উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৩৯, অসমতা হ্রাসৰ ক্ষেত্ৰত ৬৫, বহনক্ষম নগৰৰ ক্ষেত্ৰত ৫৫, বহনক্ষম উপভােগ/উৎপাদনৰ ক্ষেত্ৰত ৬৬, জলবায়ু ৰক্ষাৰ.ক্ষেত্ৰত ৫৩ আৰু শান্তি-ন্যায়ৰ ক্ষেত্ৰত ৬২ নম্বৰ লাভ কৰিছে অসমে। অৱশ্যে ব্যয়সাধ্য/বিশুদ্ধ শক্তিৰ ক্ষেত্ৰত ৯৮ আৰু ভূমিত থকা জীৱনৰ ক্ষেত্ৰত ৭৮ নম্বৰ লাভ কৰিছে অসমে। 

অসমৰ এই শােচনীয় প্রদর্শনৰ বিপৰীতে হিমাচল প্রদেশ আৰু তামিলনাড়ুৱে ৭৪ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে। তৃতীয়বাৰলৈ প্রকাশিত এই সূচকাংকত কেন্দ্রীয়শাসিত অঞ্চলৰ ক্ষেত্ৰত চণ্ডীগড়ে প্রথম (৭৯) আৰু দিল্লীয়ে দ্বিতীয় স্থান (৬৮) অধিকাৰ কৰিছে। বিগত বছৰবােৰতকৈ উন্নত প্রদর্শন ক্ষেত্ৰত মিজোৰাম, হাৰিয়ানা আৰু উত্তৰাখণ্ডে শীর্ষস্থান অধিকাৰ কৰিছে। লগতে ৬৫ৰপৰা ৯৯ ভিতৰত নম্বৰ লাভ কৰি অগ্ৰণীৰ তালিকাত স্থান পাইছে উত্তৰাখণ্ড, গুজৰাট, মহাৰাষ্ট্র, মিজোৰাম, পঞ্জাব, হাৰিয়ানা, ত্ৰিপুৰা, দিল্লী, লাক্ষাদ্বীপ, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ আৰু লাডাখে। 

 দেশৰ সামগ্রিক উন্নয়ন সূচকাংক ২০১৯ত ৬০ৰপৰা ২০২০-২১ত ৬৬লৈ বৃদ্ধি পাইছে। এইক্ষেত্ৰত বৰঙণি যােগাইছে দেশজুৰি বিশুদ্ধ পানী, অনাময় আৰু ব্যয়সাধ্য-বিশুদ্ধ শক্তিৰ লক্ষ্যত হােৱা উল্লেখনীয় অগ্রগতিয়ে। ৰাষ্ট্ৰসংঘৰ সহযােগত এই সূচকাংকৰে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্রগতিৰ দিশ পর্যালােচনা কৰা হয়।

English Summary: niti aayog releases sdg india index for 2020 21 kerala on top bihar jharkhand worst performers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.