1. অন্যান্য

আম টেঙাৰ আচাৰ (Mango sour pickle recipe)

KJ Staff
KJ Staff
Mango Pickle Recipe (Photo Credit: Google)
Mango Pickle Recipe (Photo Credit: Google)

উপকৰণঃ

কাটি লোৱা আম: ১ কেজি।

নিমখ: অনুমান অনুযায়ী।

মিথি গুটি: ২০ গ্ৰাম।

কালজিৰা: ৩০ গ্ৰাম।

জালুকগুৰি: ২৫ গ্ৰাম।

জলকীয়া গুৰি: ৩০ গ্ৰাম।

মিঠাতেল: আচাৰখিনি ঢাক খোৱাকৈ যিমান লাগে।

চফগুৰি: ২৫ গ্ৰাম।

এচিটিক এচিড: ৩ মি:মি:।

সৰিয়হ গুৰি: ২০ গ্ৰাম।

প্ৰস্তুত প্ৰণালীঃ

   কেচা আম কেইটামান পৰিষ্কাৰকৈ পানীত ধুই দীঘলে দীঘলে সৰু সৰু কৈ কাটি লওক। কটা আমখিনি শতকৰা ২-৩ ভাগ নিমখ পানীত কিছু সময় ডুবাই ৰাখক, যাতে কটা আমখিনি ক’লা পৰি নাযায়। প্ৰথমে ওজন কৰা মতে নিমখখিনি লৈ চকলা আমখিনিত সানি এটা বহল মুখৰ বটলত ভৰাই ৪-৫ দিন মাত ৰ’দত দিয়ক। যেতিয়া আমৰ সেউজীয়া বাকলিবিলাক অলপ পাতল হালধীয়া ৰং ধৰিব, আটাইবোৰ মছলা একেলগে মিহলাই অলপ মিঠাতেলৰ সৈতে কটা আমখিনিত ভালকৈ সানি পুনৰ পৰিষ্কাৰ শুকান বটলত হেচি ভৰাব লাগে যাতে বটলৰ মাজত বেছি বতাহ থাকিব নোৱাৰে। এতিয়া মিঠাতেলখিনি গৰম কৰি লৈ আচাৰখিনি ঢাক খোৱাকৈ ঢালি ২-৩ সপ্তাহমান তেনেকৈয়ে থৈ দিয়ক। মাজে মাজে আচাৰখিনি চাই থাকিব আৰু প্ৰয়োজন হ’লে মিঠাতেল আৰু অলপ ঢালি দিব। আমখিনি কোমল হ’লে খোৱাৰ উপযোগী হ’ব।

   এনেধৰনৰ লিখনি পাবৰ বাবে আগলৈ আমাৰ ৱেবছাইটটো visit কৰি থাকিব।

আৰু পঢ়ক- শৰীৰৰ অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ এই দহ বিধ খাদ্য গ্রহণ কৰক 
English Summary: How to make Mango sour pickle recipe

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.