1. অন্যান্য

অসমৰ দাবাং খ্যাত নগাঁৱৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ দাবী প্রাক্তন সাংসদ ৰমেন ডেকাৰ

KJ Staff
KJ Staff
Nagaon Superintendent of police Anand Mishra
Nagaon Superintendent of police Anand Mishra

    ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই ছ'চিয়েল মিডিয়াত নায়ক হিচাপে পৰিগণিত হােৱা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বিৰুদ্ধে নিয়াৰ তদন্তৰ দাবী জনাইছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই। সোমবাৰে ছ'চিয়েল মিডিয়া টুইটাৰত প্রাক্তন সাংসদজনে শেহতীয়াকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰা আনন্দ মিশ্রৰ বিৰুদ্ধে বিষােদগাৰ প্ৰকাশ কৰি কয় যে, নগাঁৱৰ বৰ্তমান আৰক্ষী অধীক্ষকজনৰ ভাবমূর্তিটো কৃত্রিম আৰু মিডিয়াৰ (সংবাদ মাধ্যম) সৃষ্টহে। ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁৰ কার্যকালৰ সময়ছােৱাৰ এক সঠিক তদন্ত হলে বহু কথাই পােহৰলৈ আহিব বুলি এক তাৎপর্য্যপূর্ণ বক্তব্য দাঙি ধৰিছে। 

এই ক্ষেত্ৰত প্রাক্তন সাংসদজনে নিয়াৰ তদন্তৰ দাবী জনায়। আনহাতে প্রাক্তন সাংসদজনে তেওঁৰ এই দাবী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰাে দৃষ্টি গােচৰ কৰিছে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়ক- এই গৰমত আম খাওক আৰু টকা উপাৰ্জন কৰক, কিন্তু কেনেকৈ জানি লওক

 প্রণিধানযােগ্য যে, প্রাক্তন সাংসদ ডেকাৰ এই টুইটৰ পাছতেই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কিয়নাে বৰ্তমানৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়ত চোৰাং গৰু সৰবৰাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল বুলি সমগ্র অসমতে প্রচাৰিত হৈছিল। আনকি তেওঁক ধুবুৰী জিলাৰ পৰা বদলি কৰাৰ সময়ত জিলাখনত এক আৱেগিক পৰিস্থিতিও সৃষ্টি হৈছিল।

    কিন্তু ইয়াৰ পিছতে ঘটনা অন্যফালে গতি কৰে। মিশ্রই ধুবুৰীৰ পৰা বদলি হৈ অহাৰ পাছতে ধুবুৰীত সীমান্ত শাখাত নিয়ােজিত যতীন দাস নামৰ উপ-আৰক্ষীজনক ড্রাগছ ব্যৱসায়ী চক্ৰৰ সৈতে মিলি ড্রাগছৰ ৰমৰমীয়া বেহাৰ লগতে চোৰাং গৰুৰ ব্যৱসায় চলাই থকাৰ অভিযােগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল। তাৰ পাছতে বিতর্কত সােমাই পৰিছে ধুবুৰীৰ প্রাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্র। পিছে এনে বিতৰ্কৰ মাজতে এজন প্রাক্তন সাংসদে মিশ্ৰৰ বিৰুদ্ধে নিয়াৰ তদন্ত দাবী জনােৱা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে। এতিয়া সময়য়েহে ক'ব ঘটনাই কোনফালে গতি কৰে।

আৰু পঢ়ক- আপুনি জানেনে পইতা ভাত খালে দেহত চর্বীৰ পৰিমাণ নিয়ন্ত্রন হোৱাৰ উপৰিও লিভাৰ সুৰক্ষিত থাকে
English Summary: Assam most famous sp Anand mishra accused on case of drugs supply nia investigation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.