1. অন্যান্য

বিশ্বৰ আটাতকৈ দামী চাউলঃ এক কিলোৰ দাম ১২-১৫ হাজাৰ টকা

KJ Staff
KJ Staff
Most expensive rice in the world
Most expensive rice in the world

ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালেই ঘৰত ভাত খায়। ইয়াৰ ভিতৰত উত্তৰ ভাৰতৰপৰা দক্ষিণ ভাৰতৰ লোকসকলে আটাইতকৈ বেছি ভাত খাবলৈ ভাল পায়। সেই বাবে আমাৰ দেশৰ কৃষকসকলেও বছৰি বৃহৎ পৰিমাণে ধান খেতি কৰে আৰু তাৰ পিছত তেওঁলোকে ইয়াৰ পৰা অধিক লাভ অৰ্জন কৰে।

কৃষকসকলে বিভিন্ন প্ৰকাৰৰ উৎকৃষ্ট মানৰ চাউল উৎপাদন কৰে, যাৰ মূল্য বজাৰত অতি বেছি। কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চাউল কোনবিধ আৰু ইয়াৰ মূল্য কিমান? পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চাউলবিধৰ বিষয়ে বিতংভাৱে জানো আহক...

পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল চাউল

আপুনি নিশ্চয় বহুপ্ৰকাৰৰ চাউল খাইছে। কিন্তু আজি আমি যি চাউলৰ কথা ক’বলৈ লৈছোঁ যাৰ সোৱাদ কেতিয়াবহে হয়তো আপুনি ল’বলৈ পাইছে। এই চাউলক পৃথিৱীৰ আটাইতকৈ দামী চাউল বুলি কোৱা হয়। ইয়াৰ নাম কিনমেমাই প্ৰিমিয়াম। বজাৰত এই চাউলৰ এক কেজিৰ মূল্য প্ৰায় ১২ হাজাৰৰ পৰা ১৫ হাজাৰ টকাৰ ভিতৰত। এই চাউল খাবলৈ অতি সুস্বাদু। ইয়াৰ ভাতখিনি দেখিবলৈও সুন্দৰ হয়।

এই দেশত কৰা হয় দামী চাউলবিধৰ খেতি

ভাৰতৰ দৰে আন দেশতো ধানখেতি কৰা হয় আৰু সেই দেশসমূহৰ নাগৰিকসকলেও অতি উৎসাহেৰে চাউল খায়। কিনমেই প্ৰিমিয়াম ৰাইচৰ খেতি জাপানত কৰা হয়। ইয়াত বহু প্ৰকাৰৰ পুষ্টি পোৱা যায়। প্ৰাপ্ত তথ্য অনুসৰি, জাপানৰ লোকসকলে কেৱল এক বিশেষ অনুষ্ঠানতহে এই চাউল তৈয়াৰ কৰে। কাৰণ ইয়াৰ দাম ইমান বেছি যে ইয়াক প্ৰতিদিনে খোৱা সম্ভৱ নহয়।

গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছতো এই চাউলৰ নাম লিপিবদ্ধ কৰা আছে

বিশ্বৰ আটাইতকৈ ব্যয়বহুল চাউল হিচাপে পৰিচিত কিনমেমাই প্ৰিমিয়াম গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত নথিভুক্ত কৰা হৈছে। এই চাউল জাপানৰ উপৰি আন দেশতো খোৱা হয়। সেয়েহে, ইয়াৰ চাহিদা গোটেই বছৰটো থাকে।

লগতে পঢ়কঃ ৫২ হাজাৰ কৃষকলৈ সুখবৰঃ চৰকাৰক সৰিয়হ বিক্ৰী কৰাৰ ৩ দিনৰ ভিতৰত একাউণ্টত সোমাব টকা

English Summary: Most expensive rice in the world

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.