1. অন্যান্য

ধানৰ বীজৰ ব্যৱসায় আৰু ধান খেতি কৰাসকলে এই লেখাটো পঢ়ক!

KJ Staff
KJ Staff
ASSAM SEED & ORGANIC CERTIFICATION AGENCY )
ASSAM SEED & ORGANIC CERTIFICATION AGENCY )

বীজ হ’ল কৃষিৰ প্ৰাথমিক আৰ্হিলা। যিয়ে উৎপাদনৰ লগতে জড়িত অন্যান্য আৰ্হিলাৰ কাৰ্যকাৰীতা বৃদ্ধি কৰে। ভাল জাতৰ ভাল বীজ ব্যৱহাৰ কৰিহে কৃষকে অধিক উৎপাদনৰ আশা কৰিব পাৰি। গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰি ধানৰ উৎপাদন ৫-২০ শতাংশ বৃদ্ধি কৰিব পাৰি। বীজ উৎপাদন প্ৰক্ৰিয়াত বীজৰ গুণগত মানদণ্ড অক্ষুণ্ন ৰখাৰ বাবে এটা বৈধ প্ৰক্ৰিয়া হ’ল-  বীজ প্ৰামাণিকৰণ। প্ৰমাণিত বীজ উৎপাদন কৰিবৰ বাবে বীজ প্ৰামাণিকৰণ সংস্থা (SEED CERTIFICATION AGENCY )ত পঞ্জীয়ণভূক্ত হৈ উৎপাদন কৰিব লাগে। প্ৰমাণিত বীজৰ উৎপাদন কৰিবৰ বাবে নিখুঁট পৰিকল্পনাৰ প্ৰয়োজন। অসমৰ কৃষকে ধানৰ বীজ উৎপাদন প্ৰক্ৰিয়াত  ভাগ লৈ  লাভৱান হব পাৰে। বিভিন্ন ধানৰ জাতৰ চাহিদা আৰু উৎপাদনৰ মাজৰ ব্যৱধান অসমৰ কৃষি পথাৰত বীজৰ উৎপাদনৰ যে ব্যৱসায়িক সম্ভাৱনা আছে তাৰ এক আভাষ প্ৰদান কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে  অসম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ সংস্থা (ASSAM SEED & ORGANIC CERTIFICATION AGENCY ) ASOCA হ’ল  বীজ প্ৰামাণিকৰণৰ একমাত্ৰ অনুষ্ঠান।

প্ৰামাণিকৰণ সংস্থাই প্ৰামাণিকৰণৰ বাবে প্ৰয়োজনীয় পথাৰ পৰিদৰ্শন,  বীজ পৰি৭ণ  আৰু বীজ চপোৱাৰ আগৰ আৰু পাছৰ কাৰ্যসমূহৰ  সথিক ৰূপায়ণ নিশ্চিত কৰে। প্ৰামাণিকৰণৰ বাবে প্ৰয়োজনীয় বিধিসমূহ ভাৰতৰ সকলো ৰাজ্যতে একে যদিও প্ৰামাণিকৰণৰ প্ৰক্ৰিয়া আৰু মাছুলৰ পৰিমাণ ৰাজ্যভেদে ভিন্ন হয়। অশম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ সংস্থাই আধাৰ বীজ আৰু প্ৰমাণিত বীজহে  প্ৰামাণিকৰণ প্ৰক্ৰিয়াত অন্তভূক্ত কৰে যদিও ব্যক্তিগত বা বাজ উৎপাদনৰ লগত জড়িত আন অনুষ্ঠানসমূহে গুণগত বীজ বিশ্বাসযোগ্য বীজ হিচাপে বিক্ৰি কৰিব পাৰে। কৃষক উৎপাদক সংস্থা, কৃষক উৎপাদক কোম্পানী, গ্ৰাম্য বীজ বেংক, ব্যক্তিগত কৃষক বা ক্ষুদ্ৰ আৰু মজলীয়া কৃষক গোটসমহে ব্যৱসায়িক ভিত্তিত প্ৰমাণিত বীজৰ উৎপাদন কৰি আহিছে। ব্যৱসায়িক ভিত্তিত প্ৰমাণিত বীজ উৎপাদন কৰিবৰ বাবে দীৰ্ঘম্যাদি পৰিকল্পনাৰ পৰ্যায়সমূহ হ’ল-

১। ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰা- ব্যৱসায়িক ভিত্তিত ধানৰ প্ৰমাণিত বীজ উৎপাদন কৰাৰ আৰম্ভণিতে মূলধনৰ পৰিমাণ লাভ-লোকচান হব পৰা আগতীয়া হিচাপ সম্বলিত এটি পৰিক্লনা প্ৰস্তুত কৰিব লাগে। কাৰণ বহু সময়ত দেখা যায় উপযুক্ত পৰিকল্পনাৰ অভাৱত বীজ উৎপাদন হোৱাৰ পাছত মূলধন অনুযায়ী পাবলগীয়া লাভাংশৰ পৰিমাণ কম হয়।

২। জাত নিৰ্বাচন- জাত নিৰ্বাচনৰ সময়ত জাতৰ চাহিদা, জাতটোৰ ওপৰত বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱ আৰু নিৰ্দিষ্ট ৰাজ্য বা অঞ্চলত উৎপাদনৰ পৰিমাণ আদি কাৰকসমূহ বিবেচনা কৰিব লাগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত উন্নত জাতসমূহ ব্যৱহাৰ কৰিব লাগে।

৩। বীজৰ উতস- প্ৰজনন বীদৰ বীজ বা অধিক বীজ অনুমোদিত বিশ্বাসযোগ্য উতসৰ পৰাহে সংগ্ৰহ কৰিব লাগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালকালয় বা সম্প্ৰসাৰণ কেন্দ্ৰসমূহত এনে বীজ উপলব্ধ হয়।

৪। কৃষি জলবায়ু নিৰ্বাচন- আপেষিকভাৱে মধ্যমীয়া বৰষুণ, যথেষ্টভাৱে সূৰ্যৰ কিৰণ পোৱা আৰু প্ৰবল বতাহ অঞ্চলৰ ধানৰ বীজ উৎপাদনৰ বাবে উপযোগী। জলবায়ুৰ কাৰক হিচাপে বায়ুমণ্ডলৰ উষ্ণতা অতি দৰকাৰী। অতিপ্ৰকট বা অতিপাত শীত অৱস্থা বীজ উৎপাদনৰ কাৰণে উপযোগী নহয়।

৫। পথাৰ নিৰ্বাচন- অধিক উৎপাদন আৰু গুণগত মানদণ্ডৰ বীজ উৎপাদনৰ বাবে পথাৰ নিৰ্বাচন সথিক হব লাগে। মাটি ডৰা সমান, আলতীয়া আৰু বনবাতমুক্ত হব লাগে।

লগতে পঢ়ক- 

New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক

 

৬। উন্নত কৃষি পদ্ধতিৰ ব্যৱহাৰ-  বীজবোৰ পানীত ডুবাই ভালকৈ লৰাই ডুবি থকা বীজবোৰ  নিৰ্বাচন কৰিব লাগে। আৰু উপঙি থকা বীজবোৰ অপসাৰিত কৰিব লাগে। বীজ পৰিস্কাৰকৰণ আৰু বীজ শোধন অনুমোদিত দ্ৰবৰে কৰিব লাগে। বাজ শোধন কৰিলে বীজৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বীজাণু নষ্ট হয়। কঠিয়াতলী ভালদৰে প্ৰস্তুত কৰিব লাগে। গোৱৰ বাব পচনসাৰ মহলাই মাটিখিনি চহাই মেয়াই লব লাগে। মূল পথাৰখনৰ প্ৰস্তুতি, কঠিয়া ৰোপন, সাৰ ব্যৱস্থাপনা, অপতৃণ নিয়ন্ত্ৰণ, কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আই আৰ আৰ আই আৰু অসম কৃষি বিশ্ববিদ্যালয় অনুমোদন অুনযায়ী ব্যৱস্থা কৰিব লাগে।

৮। পৃথকীকৰণ দূৰত্ব- বীজ উৎপাদন কৰা জাত এটাৰ পৰা আন এটা জাত কৰা পথাৰৰ মাজত যি ব্যৱধান থাকিব লাগে তাক পৃথকীকৰণ দূৰত্ব বোলা হয়। ধানৰ ক্ষেত্ৰত এই ব্যৱধান তিনিমিটাৰ হ’ব লাগে।

৯। ৰগিং বা উভালি পেলোৱা-  বীজ উৎপাদন কৰা পথাৰৰ অন্যজাতৰ গছসমূহ উভালি পেলোৱাকে ৰগিং কৰা বোলা হয়। বীজতৰীয়া্ গছসমূহ দেখা পোৱা মাত্ৰকে উভালি পেলাব লাগে।

১০। প্ৰমাণিত বীজ চপোৱা আৰু সংৰক্ষণ কৰা- বীজৰ পথাৰৰ পৰা ধান চপোৱাৰ পাছত সাৱধান হব লাগে যাতে অন্য জাতৰ লগত ই মিহলি নহয়। পথাৰত ৮০-৯০ শতাংশ ধান থাকিলে চপাব লাগে। ধান কটাৰ পাছত অতি সোনকালে পৰিস্কাৰ ঠাইত মৰণা মাৰিব লাগে যাতে অন্য জাতৰ বীজৰ লগত মিহলি নহয়। মৰণা মৰাৰ পাছত অবাঞ্চিত  পদাৰ্থ যেন- অপতৃণ, খেৰ, ঠাৰি, খালী বীজ, ক্ষতিগ্ৰস্ত বীজ, বালি-শিল, ধূলি, প্লাষ্টিক, ধাকু ইত্যাদিক পৃথকীকৰণ কৰি পৰিস্কাৰ বীজবোৰ ৪-৫ বাৰ ৰ’দত শুকোৱাব লাগে। ধান এবছৰলৈ সংৰক্ষণ কৰিবলৈ ১২ শতাংশতকৈ আদ্ৰতা বেছি হব নালাগে।

৯। বজাৰ ব্যৱস্থা- বাণিজ্যিকভাৱে প্ৰমাণিত ধান  উৎপাদন কৰাৰ পাছত  বজাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে। কন্টেক ফাৰ্মৰ জৰিয়তে কৃষকসকলক চুক্তিবদ্ধ কৰি বীজৰ উৎপাদন কৰিব পাৰি।

বীজ প্ৰামাণিকৰণৰ প্ৰয়োজনীয়তা আৰু টেগ বিশেষত্ব

বীজ প্ৰামাণিকৰণৰ উদ্দেশ্য হ’ল গুণগত মানৰ আৰু বংশগতভাৱে বিশুদ্ধ ভাল জাতৰ বীজৰ গুণসমূহ অক্ষুন্ন ৰখা আৰু কৃষকৰ বাবে উপলব্ধ কৰোৱা। ব্ৰীডা্ৰ চিড বা প্ৰজননবিদৰ বীজৰ ‘টেগ’ৰ ৰং হ’ল- সোণোৱালী হালধীয়া আৰু ১২ ছেন্টিমিটাৰ x ৬ ছেন্টিমিটাৰ জোখৰ। আধাৰ বীজৰ টেগৰ ৰং হ’ল-  নীলা আৰু ই ১৫ ছেঃমিঃ X ৭.৫ ছেন্টিমিটাৰ জোখৰ। ৰংবিলাক প্ৰত্যক্ষ কৰি বিভিন্ন প্ৰকাৰৰ বীজৰ বিষয়ে জানিব পাৰি।

কৃষকে বীজ প্ৰামাণিকৰণ কিদৰে কৰিব পাৰে-

১। বীজ প্ৰামাণিকৰণৰ বাবে অসম ৰাজ্যিক বীজ প্ৰামাণিকৰণৰ লগত কৃষকে যোগাযোগ কৰিব লাগে।

২। প্ৰাধিকৰণৰ লগত কৃষকে নিৰ্দিষ্ট মাছুল জমা দি  পঞ্জীয়ন কৰাব লাগে। এই মাছুলৰ ভিতৰত পঞ্জীয়ন মাছুল ৫০ টকা, পৰিদৰ্শন মাছুল প্ৰতি হেক্টৰত ৫০০ টকা, টেগৰ বাবদ প্ৰতিটো বেগত ২০ টকা আৰু ছুপাৰভাইজাৰ মাছুল প্ৰতি কুইন্টেলত ১০ টকা।

বীজ প্ৰামাণিকৰণ প্ৰক্ৰিয়া ৫ টা পৰ্যায়ত সম্পূৰ্ণ হয়-

১। আবেদন গ্ৰহণ আৰু পৰীক্ষা : বীজ উৎপাদকে আবেদনখন সম্পূৰ্ণ পূৰণ কৰি বীজ প্ৰামাণিকৰণৰ অধিকৰণৰ কাৰ্যালয়ত বীজ সিঁচাৰ আগতে বা ১০ দিনৰ ভিতৰত দিব লাগে।

২। বীজৰ উতস পুনৰ পৰীক্ষণ – বীজৰ উতসসমূহৰ তথ্য-পাতি যেনে- টেগ, কিনা ৰছিদৰ প্ৰতিলিপি জমা দিব লাগিব।

৩। পথাৰ পৰদৰ্শন – বীজ প্ৰাধিকৰণ বিষয়াই ধানৰ বিভিন্ন পৰ্যায়ত পথাৰ পৰিদৰ্শন কৰে। ফুল ফুলাৰ পাছত আৰু ধান চপোৱাৰ প্ৰাক্ মুৰ্হূতত আৰু ধান চপোৱাৰ সময়ত।

৪। ধান চপোৱাৰ পাছৰ পৰ্যায়ত পৰ্যবেক্ষণ- নিৰ্দিষ্ট সময়ৰ ভিতৰত ধান চপোৱা, মৰণা মৰা, পৰিস্কাৰ কৰা আদি কাৰ্যসমূহ সম্পূৰ্ণ কৰিব লাগিব। পৰিস্কাৰ আৰু আকাৰ অনুযায়ী বাছনি কৰা বীজবোৰ মোনা বা থৈলাত ভৰাব লাগে।

বীজৰ নমুনা লোৱা আৰু বিশ্লেষণ-

সৰ্বাধিক ২০,০০০ কেজি ধান থৈলাৰ পৰা ৪০০ গ্ৰাম ধান নমুনা বিশ্লেষণৰ বাবে ল’ব লাগে।

প্ৰমাণ পত্ৰৰ বৈধতা-

প্ৰথম পৰ্যায়ত প্ৰমাণ পত্ৰখনৰ  বীজ পৰীক্ষা কৰাৰ পৰা ন মাহ পৰ্যন্ত বৈধতা থাকে। বীজবোৰ পুনঃ পৰীক্ষাৰ অন্তত পুনৰ ন মাহলৈ প্ৰমাণ পত্ৰৰ বৈধতা বৃদ্ধি কৰিব পাৰি।

লেখক- মেৰী সাধনা শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং

লগতে পঢ়ক- 

৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে

English Summary: ASSAM SEED & ORGANIC CERTIFICATION AGENCY

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.