1. অন্যান্য

কৃষি ক্ষেত্ৰত নিয়োজিত মহিলাৰ দৈনন্দিন আহাৰৰ প্ৰয়োজনীয়তা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আহাৰ গ্ৰহণৰ প্ৰয়োজনীয়তা প্ৰধানকৈ শাৰিৰীক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ গ্ৰামাঞ্চলৰ মহিলাসকলে ঘৰুৱা কাম-কাজৰ লগতে কৃষিকৰ্মতো পৰুষসকলৰ দৰেই সক্ৰিয় নিয়োজিত হোৱা দেখা যায়। কিন্তু বিভিন্ন ক্ষেত্ৰত মহিলাসকলে শাৰীৰিক পৰিশ্ৰম অনুপাতে গ্ৰহণ কৰিবলগীয়া আহাৰৰ পৰিমাণৰ বিষয়ে একেবাৰেই সচেতন নহয়। মহিলাসকলে কৰা শাৰীৰিক পৰিশ্ৰমৰ লগত আহাৰৰ ওতঃপোতঃ সম্বন্ধ আছে। শাৰীৰিক শ্ৰম অনুসৰি সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ নকৰাৰ ফলত আমাৰ মহিলাসকল সঘনাই অপুষ্টিজনীত ৰোগত ভোগা দেখা যায়। এগৰাকী লঘু কাম কৰা মহিলাৰ লগত মধ্যমীয়া পৰিশ্ৰম কৰা ৰোৱনী, ডাৱনী বা অন্যান্য কৃষিকৰ্মত জড়িত মহিলাৰ খাদ্যৰ পৰিমাণ যে একে নহয় সেইটো সহেজই ধাৰণা কৰিব পাৰি। অৱশ্যে এইক্ষেত্ৰত আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে একেবাৰেই চকু দিয়া পৰিলক্ষিত নহয়। তেওঁলোকে ঘৰৰ সকলো কাম সামৰি লৰা-লৰিকৈ পথাৰলৈ যাঁওতে খোৱাৰ প্ৰতি অৱহেলা কৰা দেখা যায় আৰু সথিক পৰিমাণত খাদ্য গ্ৰহণ নকৰাৰ ফলত শাৰীৰিক অসুস্থতাই দেখা দিয়া পৰিলক্ষিত হয়। কৃষিক্ষেত্ৰত নিয়োজিত মহিলা এগৰাকীক তলত উল্লেখ কৰা পৰিমাণৰ পুষ্টিকৰ দ্ৰব্য দৈনিক প্ৰয়োজন হয়

কৃষিক্ষেত্ৰত নিয়োজিত মহিলা এগৰাকীক তলত উল্লেখ কৰা পৰিমাণৰ পুষ্টিকৰ দ্ৰব্য দৈনিক প্ৰয়োজন হয়।

শক্তি- ২২৩০ কি : কেলৰি

প্ৰটিন- ৫৫ গ্ৰাম   

চৰ্বি বা তেল- ২৫ মিলি গ্ৰাম

কেলছিয়াম- ৩০০ মিলি গ্ৰাম

আইৰণ-          ২১ মিলি গ্ৰাম

ভিটামিন এ- ৬০০ মাইক্ৰগ্ৰাম

ভিটামিন চি- ৪০ মিলি গ্ৰাম

এইসমূহৰ লগতে অলপ পৰিমাণে বি ভিটামিন, মেগনেছিয়াম, জিংক আদি প্ৰয়োজন হয়। ওপৰত উল্লেখ কৰাৰ পৰিমাণৰ পুষ্টিকৰ দ্ৰব্যসমূহ আহৰণ কৰিবলৈ কৃষিক্ষেত্ৰত জড়িত মহিলা এগৰাকীয়ে  দৈনিক সুক্ষম আহাৰ গ্ৰহণ কৰাটো অতিকৈ আৱশ্যকীয়। ইয়াৰ বা তেখেতে দৈনিক নিৰ্ধাৰিত পৰিমাণৰ সকলো খাদ্য গোটৰে খাদ্য গ্ৰহণ কৰিব লাগে। সেইসমূহ তলত উল্লেখ কৰা হ’ল-

খাদ্য গোট                        পৰিমাণ (দৈনিক)

চাউল বা আটাজাতীয় খাদ্য             ৩৩০ গ্ৰাম

দাইল বাব মাহজাতীয় খাদ্য             ৭৫ গ্ৰাম

গাখীৰ আৰু গাখীৰৰে তৈয়াৰী খাদ্যৰ       ৩০০ গ্ৰাম

আলু জাতীয় পাচলি                  ২০০ গ্ৰাম

অন্যান্য পাচলি                     ২০০ গ্ৰাম

ফল-মূল                         ১০০ গ্ৰাম

চেনী                     ৩০ গ্ৰাম

চৰ্বী                      ২৫ গ্ৰাম

আমিষসকলে এসাঁজত দাইলৰ পৰিৱৰ্তে ৫০ গ্ৰাম কণী, মাছ, মাংস অন্তৰ্ভূক্ত কৰিব পাৰে। 

(Source- Deputy Guideline for Indians, NIN Hyderabad)

লগতে পঢ়ক- 

ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

ওপৰত উল্লেখিত খাদ্য তালিকাৰ পৰা দেখা গৈছে যে চাউল বা আটা জাতীয়, দাইল বা মাহজাতীয় খাদ্যৰ লগতে মহিলাসকলক দৈনিক দৈনিক যথেষ্ট পৰিমাণৰ শাক-পাচলিৰ প্ৰয়োজন হয়। কিয়নো চাউল বা আটা জাতীয় খাদ্য পৰা প্ৰয়োজনীয় শক্তি, দাইল বা মাহ জাতীয় খাদ্যৰ পৰা  প্ৰয়োজনীয় প্ৰটিন আহৰণ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াই তুলিবৰ বাবে দৈনিক যথেষ্ট পৰিমাণে শাক-পাচলি আহাৰত অন্তৰ্ভূক্ত কৰাতো অতিকৈ প্ৰয়োজনীয়। আমি সকলোৱে জানো যে আহাৰত পৰ্যাপ্ত পৰিমাণৰ ভিটমিন আৰ খনিজ লৱন নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগে দেখ দিয়ে। ফল-মূল, শাক-পাচলি আৰু ভিটামিন আৰু খনিজ লৱনৰ প্ৰধান উৎপা। ইয়াৰ ওপৰি শাক-পাচলি, ফল-মূলত থকা এন্টি অক্সিডেন্ট আৰু আঁহজাতীয় উপাদানে বহুতো দূৰাৰোগ্য প্ৰতিৰোধ কৰাটো সহায় কৰে। ফল-মূলৰ ক্ষেত্ৰত আমি বজাৰমূখী নহৈ  আমাৰ গ্ৰামাঞ্চলত বতৰত উভৈনদীকৈ উৎপাদিত মধুৰী,আম, কঁঠাল, আমলখি, অমৰা, কৰদৈ, কমলা, ৰবাব টেঙা, অমিতা আদিৰ পৰাই দৈনন্দিন প্ৰয়োজন পূৰাব পাৰো।  তদুপৰি অঞ্চলভেদে আৰু কৰ্মভেদে মহিলাসকল ৰক্তহীনতাত ভোগা দেখা যায়। মহিলাসকল ৰক্তহীনতাত ভোগাৰ ফলত বহুতো শাৰীৰিক বিসংগতিত ভোগা দেখা যায়। যেনে- দূৰ্বলতা, ভোক নলগা, শৰীৰৰ ৰং শেতা পৰা, বুকুৰ ধপধপনি বাঢ়ি যোৱা, মূৰৰ বিষ, সোণকালে ভাগৰ লগা, নিদ্ৰাহীনতা, আদি। এই লক্ষণসমূহে দেহত দেখা দিয়াৰ ফলত মহিলাসকলৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পায়। মহিলাসকলে সঘনাই ভোগা এই ৰক্তহীনতা প্ৰতিৰোধৰ বাবে আহাৰ আইৰণ সমৃদ্ধ হোৱাকৈ অতি প্ৰয়োজনীয়। দৈনিক আহাৰত সেউজীয়া শাক-পাচলি, শুকান ফল-মূল, মাছ-মাংস আদি সন্নিৱিষ্ট কৰি ৰক্তহীনতা দূৰ কৰিব পাৰি। আইৰণৰ দৰেই মহিলাসকলৰ বাবে কেলছিয়াম অত্যন্ত প্ৰয়োজনীয়। দেহত কেলচিয়ামৰ অভাৱে মহিলাসকলৰ হাড় ঠুনুকা হোৱা পৰিলক্ষিত হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনন্দিন আহাৰত কেলছিয়ামযুক্ত আহাৰ অন্তৰ্ভূক্ত কৰিব লাগে। যেনে- গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্য, দৈ, পনীৰ, মিঠাই আদিৰ লগতে যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি।

ঘৰ এখন নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত মহিলাগৰাকীৰ ভূমিকা অভূতপূৰ্ব। অতিজৰে পৰা আমাৰ গাঁৱলীয়া মহিলামসকলে পুৰুষৰ সমানেই কৃষিক্ষেত্ৰত নিয়োজিত হৈ আহিছে। তেওঁলোকে ঘৰৰ যাৱতীয় কাম-কাজসমূহ সুকলমে সমাধা কৰাৰ উপৰি গৰু, ছাগলী, হাঁহ, কুকুৰা আদি পোহপা্ল দি ঘৰখনৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে মহিলাগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হব পাৰিলেহে কৃষি কাৰ্যৰ লগতে আন আন ঘৰুৱা কামত নিজকে সফলভাৱে নিয়োজিত কৰিব পাৰিব। আমি সকলোৱে যে সুষম আহাৰেই হৈছে সুস্বাস্থ্যৰ আধাৰ। গতিকে কৃষি কাৰ্যত জড়িত এই যথেষ্ট পৰিশ্ৰমী মহিলাসকলে দৈনিক প্ৰয়োজনীয় সুষম আহাৰ গ্ৰহণ কৰি নিজৰ লগতে গোটেই ঘৰখনৰ  কাৰ্যক্ষমতা অটুট ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

লগতে পঢ়ক- 

মহিলা আৰু শিশুৰ পৰিপুষ্টিত সৰু মাছ

English Summary: Daily nutritional requirements of women employed in agriculture

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.