1. অন্যান্য

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Monkey Problem
Monkey Problem

আমাৰ এই মাধ্যমৰ দ্বাৰা আমি আমি প্ৰত্যেকদিনাই কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহৰ কথা কৃষকসকলক, কৃষিৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলক জনাই আহিছো। খেতিৰ এই সম্ভাৱনাসমূহৰ কথা ক’লেই  আমি দুটা কথাৰ সন্মুখীন হওঁ- প্ৰথমটো বিক্ৰি কৰিম ক’ত? এই প্ৰশ্নটোৰ জানিবলৈ এই লিংকটো ক্লিক কৰক- কৃষকসকলে সামাজিক মাধ্যমেৰে কেনেকৈ বজাৰখন দখল কৰিব! । আৰু দ্বিতীয়টো হ’ল-  বান্দৰৰ উপদ্ৰৱত একো কৰিব নোৱাৰি! বান্দৰ থকা অঞ্চলত কি কৰিম! এই প্ৰশ্নটোৰ উত্তৰ আজি আমি আপোনালোকক জনাম। 

সম্প্ৰতি অসমত বান্দৰৰ সমস্যাটো কৃষকসকলৰ মাজত এক সন্ত্ৰাস হৈ থিয় দিছে। বান্দৰ থকা অঞ্চলত কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত খেতি কৰাটো বাদেই ঘৰত জলকীয়া পুলি এটা, বেঙেনা এজোপা, ডাংবডি এজোপা ৰুৱ নোৱাৰে। বেৰা দিয়ো বান্দৰক ৰক্ষা কৰিব নোৱাৰি। দুই এদিন চম্ভালি ৰাখি ডাঙৰ কৰিলেও এদিন অকণমান অসাৱধানতাৰ বাবে সকলো সকলো শ্ৰম পণ্ড কৰি সৱ খটম কৰি গুছি যায়। গতিকে বান্দৰ থকা অঞ্চলৰ লোকে খেতি কৰিবলৈ প্ৰায় এৰিছেই। ইয়াৰ মাজতে অৱশ্যে দুই এজন কৃষকে নেট দি খেতি কৰিছে, বিজুলিৰ বেৰা দি খেতি কৰিছে। কিন্তু বৰ বেছি সফল হ’ব পৰা নাই।

লগতে পঢ়ক- 

Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক

বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে পশুপালন, দুগ্ধ উতপাদন, মীন পালন, হাঁহ-কুকুৰা পালন আদিক উপাৰ্জনৰ মাধ্যম হিচাপে ল’ব পাৰে।

১। ছাগলী পালন ( Goat farming)

বান্দৰ থকা অঞ্চলৰ লোকসকলে খেতি কৰিব নোৱাৰে তেওঁলোকে ছাগলী পালন কৰিব নোৱাৰে। কাৰণ ছাগলীক বান্দৰে ক্ষতি কৰিব নোৱাৰে। দুবিঘা মান মাটিত পৰিকল্পিতভাৱে ঘাঁহ খেতি কৰি কৃষকসকলে ৩০-৪০ টা ছাগলী পালন কৰি বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব।

২। গাহৰি পালন (Pig Farming)

সম্প্ৰতি গাহৰি পালনো এক লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। বহুলোকে গাহৰি পালন কৰিয়ো নিজৰ লগতে বহুজনক সংস্থাপন দিবলৈ সক্ষম হৈছে। আমাৰ যি অঞ্চলসমূহত বান্দৰৰ বাবে খেতি কৰিব নোৱাৰে সেই অঞ্চলৰ লোকসকলে বিজ্ঞানসন্মতভাৱে গাহৰি পালনেৰে বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব।

৩। কুকুৰা পালন (Poultry farming)

বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰিকল্পিতভাৱে বয়লা বা লোকেল কুকুৰা পালন কৰিব পাৰে। সম্প্ৰতি লোকেল কুকুৰা পালনো এটা লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। এককেজি লোকেল কুকুৰাৰ দাম ৪০০-৫০০ টকা। এবিঘামান মাটি নেটেৰে ভালদৰে বেৰি ঘৰ এটা বনাই তিনিশ-চাৰিশ লোকেল কুকুৰা পালন কৰিলেও বছৰেকত এটা ভাল উপাৰ্জন কৰিব পাৰিব।

৪। মীন পালন (Fish Farming)

বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত আমাৰ কৃষকসকলে মীন পালনো কৰিব পাৰে। লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে এই কামবোৰ আনক দেখি কৰিলে নহ'ব। এই কামবোৰ কৰিবলৈ সথিক ব্যক্তিৰ পৰা প্ৰশিক্ষণ কৰিব লাগিব। 

এইবোৰৰ ওপৰি কিছুমান কাঁইটীয়া ফল-মূলৰ খেতি কৰিব পাৰে বান্দৰৰ উপদ্ৰৱ থকা অঞ্চলত। যিবোৰ কাঁইটীয়া হোৱাৰ বাবে বান্দৰে অনিষ্ট কৰিব নোৱাৰে। যেনে- নেমু টেঙা। লগতে পঢ়ক- 

Vermicomposting Process : ঘৰতে কম খৰচতে কেনেকৈ প্ৰস্তুত কৰিব কেঁচু সাৰ

 

English Summary: Monkey Problem Solution

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.