1. অন্যান্য

আপুনি জানেনে! এই ৰাসায়নিক সাৰবোৰে উদ্ভিদবোৰৰ বিকাশত কেনেদৰে সহায় কৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Character Of Chemical Fertilizer
Character Of Chemical Fertilizer

সম্প্ৰতি আমাৰ বহু কৃষকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতি কৰিবলৈ ধৰিছে। কিন্তু বহু কৃষকে তেওঁলোকে ব্যৱহাৰ কৰা সাৰে উদ্ভিদজোপাক কোনবোৰ দিশত সহায় কৰে সেইবিষয়ে নাজানে। গতিকে আমি এই আলোচনাত ৰাসায়নিকভাৱে খেতি কৰোঁতে সচৰাচৰ প্ৰয়োগ কৰা কেইবিধমান ৰাসায়নিক সাৰৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম।

ইউৰিয়া:

ইউৰিয়াই উদ্ভিদৰ ডাল আৰু পাতৰ বৃদ্ধিত সহায় কৰে। এই সাৰবিধে গছবোৰক গাঢ় সেউজীয়া ৰং দিয়ে। ইউৰিয়াত থকা নাইট্ৰ’জেন পাতৰ সেউজ কোষ বা ক্ল’ৰ’ফিলৰ অবিচ্ছেদ্য অংগ আৰু ই উদ্ভিদৰ প্ৰ’টিন উৎপাদনত সহায় কৰে।

টি এছ পি:

টি এছ পি, ডি এ পি বা ফছফেট আদি সাৰত থকা ফছফৰাছে উদ্ভিদৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বৃদ্ধি ত্বৰান্বিত কৰে। ইয়াৰ উপৰিও ই উদ্ভিদৰ কোষ বিভাজনত অংশগ্ৰহণ কৰে আৰু উদ্ভিদৰ শিপা গঠন আৰু বৃদ্ধিত সহায় কৰে। তদুপৰি ই গছজোপাই সময় মতে, ফুল আৰু ফল লগাত সহায় কৰে আৰু ফল পৈণত হোৱাত সহায় কৰে।

লগতে পঢ়ক-  

Betel nut farming new style : ২ ফুট স্কোৱাৰত ৪ টাকৈ তামোলৰ পুলি কেনেকৈ ৰুৱ!

পটাছ:

পটাছ সাৰত থকা পটাছিয়াম পাতৰ ক্ল’ৰ’ফিল গঠনৰ এক অবিচ্ছেদ্য অংগ।  ইয়াক ৰোগৰ প্ৰতিষেধক হিচাপে ব্যহাৰ কৰা হয়। পটাছে নাইট্ৰজেনৰ ফলপ্ৰসূতা পৰিপূৰক আৰু উদ্ভিদক পোক-পৰুৱা আৰু ৰোগৰ পৰা ৰক্ষা কৰে। এই সাৰে উদ্ভিদৰ খৰাং সহনশীলতা বৃদ্ধি কৰে, গছজোপা শক্তিশালী কৰে।

জিপচম:

জিপচম সাৰে উদ্ভিদজোপাৰ প্ৰটিন প্ৰস্তুত কৰাত অংশগ্ৰহণ কৰে, তেল উৎপাদন ক্ষমতা বৃদ্ধি কৰে আৰু চালফাৰ ভিটামিন আৰু কো-এনজাইম উৎপাদনত সহায় কৰে।

জিংক ছালফেট:

জিংক ছালফেটত থকা জিংকে প্ৰটিন সংশ্লেষণত সহায় কৰে আৰু হৰম’নৰ কাৰ্য্যকলাপত সহায় কৰে।     

উল্লেখ্য যে এই ৰাসায়নিক সাৰবোৰৰ বৈশিষ্ট্যবোৰ জানিলেও আমাৰ কৃষকসকলে কৃষি পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁতে বিশেষজ্ঞৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব লাগে। এই সাৰবোৰৰ অপব্যৱহাৰে মানুহৰ স্বাস্থ্য আৰু পৰিবেশৰ ওপৰত কু-প্ৰভাৱ পেলাব পাৰে। আৰু পৰাপক্ষত কৃষকসকলে জৈৱিকভাৱেই খেতি কৰাতোৱেই আটাইতকৈ ভাল কথা।    

লগতে পঢ়ক- 

১ টকাও খৰচ নকৰাকৈ এই খেতি কৰক আৰু ৩০-৩৫ বছৰলৈ উপাৰ্জন কৰক

English Summary: Character Of Chemical Fertilizer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.