1. অন্যান্য

মীৰাবাঈ চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ ঘোষনা

KJ Staff
KJ Staff
Chanu Saikhom Mirabai
Chanu Saikhom Mirabai

জাপানত চলি থকা টকিঅ' অলিম্পিক (Tokyo Olympic) ২০২০ত ভাৰোত্তলন (Weight Lifting)ত ৰূপৰ পদক জয় কৰি আন্তঃৰাষ্টীয় পর্য্যায়ত ভাৰতৰ নাম উজলাই তুলিব সক্ষম হোৱা মণিপুৰৰ যুৱতী মীৰাবাঈ চানু (Mirabai Chanu)ক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে মণিপুৰ চৰকাৰে। যোৱা ৰবিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই পুৰস্কাৰ।

   শনিবাৰে ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি দেশৰ লগতে মণিপুৰলৈ গৌৰৱ কঢ়িয়াই আনে প্রতিভাৱান খেলুৱৈ গৰাকী৷ মীৰাবাঈ চানুই ৪৯ কেজি শাখাত মুঠ ২০২ কেজি ভাৰ উত্তোলন কৰি ৰূপৰ পদক আঁজুৰি আনে।

   মীৰাই শনিবাৰে এই পদক লাভ কৰাৰ পাছতে মনিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ সৈতে ফোনত কথা পাতে । সিঙে মীৰাবাঈৰ এই সাফল্যৰ বাবে অলেখ শুভেচ্ছা আৰু শুভকামনা যাচে। তেঁও সংবাদ মাধ্যমৰ আগত কয় যে এই খবৰ পোৱা সময়ত তেখেত উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন আলোচনা সভাত উপস্থিত আছিল, আৰু লগে লগে এই খবৰটো সকলোকে জনাইছিল। সভাত উপস্থিত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজ আসনৰ পৰা থিয় হৈ হাত চাপৰিৰে চানুক এই সাফল্যৰ বাবে অভিনন্দন জনায় আৰু এই খবৰ কেৱল মনিপুৰ বা উত্তৰ-পূৱৰে নহয়, সমগ্ৰ দেশৰ বাবে গৌৰৱৰ খবৰ বুলি প্ৰশংসা কৰে।

উল্লেখযোগ্য যে এই সভাতে মীৰাবাঈ চানুক ১ কোটি টকাৰে পুৰস্কৃত কৰা হ'ব বুলি সিন্ধান্ত গ্রহণ কৰে বুলি জানিব দিয়ে।

   আজি পুনৰ মুখ্যমন্ত্রী গৰাকীয়ে ঘোষণা কৰে যে কেৱল ১ কোটি টকাই নহয়, মীৰাবাঈ চানুৰ বাবে আৰু বহুতো খবৰ ৰাখি থোৱা হৈছে। হয়তো অলিম্পিকৰ পৰা উভতি অহাৰ পিছত ঘোষনা কৰিব। এতিয়াৰে পৰা মীৰাবাঈ চানুক ৰে'লৰ টিকটৰ প্রয়োজন নাই বুলি সিঙে উল্লেখ কৰে৷ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কথা পাতি চানুৰ বাবে এক বিশেষ পদবীৰ দাবী জনাই মুখ্যমন্ত্রী গৰাকীয়ে।

  ইয়াৰ সঁহাৰি জনাই আজি মীৰাবাঈ চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ কথা ঘোষনা কৰে মণিপুৰৰ মুখ্যমন্ত্রীৰ৷

 

English Summary: manipur government to appoint mirabai chanu as addl sp said cm n boren singh

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.