1. অন্যান্য

অসম-মিজোৰাম সীমান্তত শ্বহীদৰ পৰিয়ালক ৫০ লাখ টকাৰ সাহায্য চৰকাৰৰ, লগতে ৩০০০ কমাণ্ডো শীঘ্রেই নিযুক্তি দিব

KJ Staff
KJ Staff
Himanta Biswa Sarma in Silchar
Himanta Biswa Sarma in Silchar

   যোৱাকালি অসম আৰক্ষীৰ ওপৰত মিজো আৰক্ষীৰ পছন্দ গুলীবর্ষনৰ পিছত আজি এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে- 

"মিজোৰামৰ লোকে যোৱা ছয়মাহৰ পৰাই সীমান্তত অসমৰ ভূমি দখলৰ চেষ্টা কৰি আহিছে। এই সন্দৰ্ভত মই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সীমা বিবাদৰ সমাধানৰ বাবে ব্যৱস্থা লবলৈ কৈছোঁ। আনকি ছেটেলাইটৰ সহয়ত সীমা নিৰ্ধাৰণ কৰিবলৈ আমি পৰামৰ্শ দিছিলোঁ।"

যোৱাকালি আধা ঘণ্টা ধৰি মিজোৰামৰ আৰক্ষীয়ে পাহাৰৰ পৰা স্বয়ংক্রিয় LMG সহায়ত ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল। সমতল ভূমিত থকা অসম আৰক্ষীৰ সাতজন জোৱানে প্রাণ হেৰুৱাইছিল এই আক্রমনত৷ এই ঘটনাৰ পিছতেই মুখ্যমন্ত্রী হিমন্ত বিশ্বই ছয়বাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিল বুলি উল্লেখ কৰে। কিন্তু গুলীচালনাৰ ঘটনাৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাত্ৰ "I am very very Sorry" বুলিহে সঁহাৰি দিয়ে, এই মন্তব্য হিমন্ত বিশ্বৰ ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,  "আমি মিজোৰ লগত যুদ্ধ নকৰোঁ। কিন্তু আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। ইয়াৰ বাবে শীঘ্রেই হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ান মোতায়েন কৰিব অসম চৰকাৰে।"

আজি শিলচৰত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্বই নিম্নলিখিতবোৰ ঘোষণা কৰে:

1. অসম চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে 50 লাখ টকা দিব, আৰু পৰিয়ালৰ এজন ব্যক্তিয়ে চাকৰি পাব। 

2. আহত সকলোকে 1 লাখ টকা প্রদান কৰা হ'ব। 

3. মিজোৰাম সীমান্তত নিয়োজিত সকলো অসম আৰক্ষীৰ কৰ্মীয়ে এমাহৰ অতিৰিক্ত দৰমহা পাব।

4. অসম চৰকাৰে কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দিৰ বাবে 3 টা কমাণ্ডো বেটেলিয়ন সৃষ্টি কৰিব; ৩০০০ কমাণ্ডো শীঘ্রেই নিয়োগ কৰা হ'ব।

5. এক ইঞ্চিও সংৰক্ষিত বনাঞ্চল বেদখল নোহোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি গোচৰ ৰুজু কৰিব।

English Summary: Assam Mizoram conflict assam govt will give 50 lacs to martyers family

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.