1. অন্যান্য

কৃত্ৰিম বুদ্ধিমত্তা : কিছু কথা

KJ Staff
KJ Staff
Artificial Intelligence
Artificial Intelligence

মানুহৰ হাবিয়াসৰ অন্ত নাই। অন্য জীৱৰ পৰা মানুহক পৃথক কৰা অন্যতম বৈশিষ্ট্যটোয়ে হ'ল চিন্তা কৰিব পৰা ক্ষমতা। এই চিন্তাৰ কোনো পৰিসীমা নাই, ফলস্বৰূপে নতুন নতুন সৃষ্টিৰ সমাহাৰ। আপুনি বুদ্ধিমান নে? যদি বুদ্ধিমান তেন্তে আপোনাৰ সমান এটা বুদ্ধিমান যন্ত্ৰ কল্পনা কৰকচোন। আপোনাৰ এই কল্পনাক বাস্তৱ ৰূপ দিব পাৰে 'কৃত্ৰিম বুদ্ধিমত্তা'ই। 'কৃত্ৰিম বুদ্ধিমত্তা' এক সংজ্ঞা নিৰ্ধাৰণ কৰা আগতে,'বুদ্ধিমত্তা'নো কি জানিব লাগিব।

দৰ্শন (Philosophy)ৰ দৃষ্টিৰে বুদ্ধিমত্তা হ'ল এক বৰ্ণনাত্মক ধাৰণা (Descriptive Concept)। ই এজন ব্যক্তিৰ বা ব্যক্তিসমষ্টি নিৰ্দিষ্ট গুণক প্ৰতিনিধিত্ব কৰে। আৰ.পিন্টাৰ (R.Pinter)ৰ মতে- সামগ্ৰিকভাৱে জীৱনৰ নতুন অৱস্থাৰ সৈতে পৰ্যাপ্তভাৱে খাপ খাব পৰা ক্ষমতাই হ'ল বুদ্ধিমত্তা। আন এগৰাকী দাৰ্শনিক বাৰ্ট(Burt)য়ে কৈছে, বুদ্ধিমত্তা হ'ল জন্মগত সাধাৰণ চেতনাত্মক ক্ষমতা। আটাইতকৈ মনোগ্ৰাহী তত্বটো টেছলাৰে(Tesler) আগবঢ়াইছিল এনেধৰণে, বুদ্ধিমত্তা হ'ল যিবোৰ মেচিনে আজিলৈকে কৰিব  পৰা নাই। বাহ্ কি সুন্দৰকৈ তেওঁ আধুনিক বিজ্ঞানৰ লগত সাঙুৰি দিলে! এতিয়া এই বুদ্ধিমত্তাকে ব্যৱহাৰিক(Pragmatic) যন্ত্ৰবিদ্যা দৃষ্টিকোণৰে ব্যাখ্যা কৰিলে ই কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপ পাব । অৰ্থাৎ যন্ত্ৰৰ দ্বাৰা  প্ৰদৰ্শিত বুদ্ধিমত্তাকে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence, চমুকৈ AI)বুলিব পাৰি। ই কম্পিউটাৰ বিজ্ঞানৰ এক শাখা হ'লেও গণিত,পৰিসংখ্যা বিজ্ঞান,দৰ্শন,মনোবিজ্ঞান,অৰ্থনীতি,নেন'বিজ্ঞান,ভাষাবিজ্ঞান,জীৱবিজ্ঞান আদি একাধিক বিষয়ৰ সন্মিলিত ৰূপৰ ফলতহে আধুনিক 'কৃত্ৰিম বুদ্ধিমত্তা' আজি পৰ্যায় পাইছেহি। কিন্তু যন্ত্ৰকো যে বুদ্ধিমান বনাব পাৰি ই কোনো এটা বা দুটা ঘটনাৰ আধাৰত প্ৰতিষ্ঠিত হোৱা নাছিল।

আধুনিক আজিৰ পৰ্যায়টো একেদিনাই পোৱাহি নাই। ই হৈছে বিভিন্নধৰণৰ অনুমান, পৰ্যবেক্ষণ আৰু তত্বৰ গৱেষণামূলক অধ্যয়নৰ উমৈহতীয়া চেষ্টাৰ সাৰ্থক উপলব্ধি। ইয়াৰ এক বিস্তৃত গৌৰৱময় ইতিহাস আছে। গ্ৰীক,চীনা,ইজিপ্তীয়ান সকলৰ বহুতো আখ্যানো এনে কিছু কাৰ্য বিষয়ে শুনিবলৈ পোৱা যায়। এৰিষ্টটলে (৩৮৪-৩২২ BC) বিশ্লেষাণত্মক যুক্তিক(syllogism) যুক্তিবাদৰ চেতনাত্মক ভিত্তি বোলা তত্ব পৰা আৰম্ভ কৰি ডেস্কাৰটেছ(Descartes) (১৫৯৬-১৬৫০)যে মগজুক যান্ত্ৰিক দৃষ্টিৰে চোৱাকে ধৰি মেৰী চেহল্টী (Mery Sheltey)ৰ 'ফ্ৰেনকেলষ্টিন (Frankenstein) নামৰ গ্ৰন্থখনটো কৃত্ৰিম জীৱ নিৰ্মাণৰ চেষ্টা কৰা কথা উল্লেখ থকালৈকে মাজৰ সময়খিনিৰো ব্যাপক অৰিহণা আছে।

১৭৭০ চনত উল্ফগাং ভ'ন কেম্পলাৰ (Wolflong Von Kempler) য়ে এটা মায়াবি সঞ্চালিত (automation) যন্ত্ৰ বনাই ৮০ বছৰ ধৰি ইউৰোপ আৰু আমেৰিকাত ডবা খেল প্ৰদৰ্শন কৰিছিল। এনেকুৱা চিন্তাচৰ্চাই পণ্ডিতমহলক বাৰুকৈয়ে আকর্ষণ কৰিলে আৰু তেনেকৈয়ে নতুন খোজৰ সন্ধান পালে। আধুনিক ইতিহাসৰ কেইটামান উল্লেখযোগ্য সাফল্য নকৈ লোভ সামৰিব নোৱাৰিলোঁ। ১৯৪২ চনতে বিশ্বৰ প্ৰথম ৰব'ট 'আই'(I)ৰ আইজাক আছিমভ (Isaac Asimov)ৰ দ্বাৰা উদ্ভাৱন আছিল আজি ৰব'টৰ বাটকটীয়া। ১৯৪৩ত জে. মেককুল্লোচ্(J. McCulloch) আৰু ডব্লিউ. পিত্তছ (W.Pitts) ৰ যুটীয়াকৈ কৃত্ৰিম নিউৰণৰ (Neuron) আৰ্হি (যাক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনৰ মাইলৰ খুঁটি হিচাপে ধৰা হয়)য়ে সফলতাৰ দূৰত বহু মাইল আগুৱাই নিয়ে। ১৯৪৫ৰ বিশ্বৰ প্ৰথম ইলেকট্ৰনিক কম্পিউটাৰ ENIAC উদ্ভাৱন আদি ঘটনাই ভৱিষ্যতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনৰ নতুন আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু তেতিয়ালৈকে 'কৃত্ৰিম বুদ্ধিমত্তা' শব্দটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অভিধানত ঠাই পোৱা নাছিল। সমগ্ৰ বিষয়টো ওপৰত আনুষ্ঠানিক চিন্তা চৰ্চা আমেৰিকাস্হিত  ডায়মাউথ  কলেজৰ এখন  বিজ্ঞান সন্মিলনতহে স্থান পাইছিল। ১৯৫৬ চনৰ এই অভিবৰ্তনত ১০ জন বৈজ্ঞানিক আৰু গৱেষকে প্ৰায় ২ মাহ ধৰি আলোচনা অন্তত এক নতুন গৱেষণা স্থল(research area) 'কৃত্ৰিম বুদ্ধিমত্তা' নামেৰে নামাকৰণ কৰিলে।

জন মাকাৰ্থী(John McCarthy) আছিল অভিবৰ্তনৰ অন্যতম পুৰোধা বিজ্ঞানী,তেওঁ কৃত্ৰিম বুদ্ধিমত্তাক বুধিয়ক যন্ত্ৰ বনোৱা বিজ্ঞান ৰূপে অভিহিত কৰিছিল। সন্মিলনখনৰ ঘাই সিদ্ধান্তৰ কিছু অংশ আছিল এনেধৰণৰ, "...লাৰ্নিং বা যিকোনো বুদ্ধিমত্তাৰ অন্যান্য বৈশিষ্ট্যৰ প্ৰতিটো দিশকে ইমান সৰলকৈ বৰ্ণনা কৰিব পাৰি যে যন্ত্ৰও ইয়াক অনুধাৱন কৰিব পাৰিব" -এই সূত্ৰই হ'ল সমগ্ৰ বিষয়টোৰ মজ্জাগত ধাৰণা। ইয়াৰ ঠিক কিছুবছৰ আগতে ১৯৫০ চনত এলেন টুৰ্নিং(Alan Turning)ৰ গবেষণা গ্ৰন্থ 'কম্পিউটিনং মেচিনেৰী এণ্ড ইন্টেলেজিয়েন্স'ত মেচিনে ভাৱিব পাৰেনে উত্তৰ দিবলৈ গৈ এটা নতুন পৰীক্ষা পদ্ধতি  আবিষ্কাৰ কৰিছিল। যিটোক টুৰ্নিং পৰীক্ষা(Turning Test) বোলা হয়, যিয়ে এক বিশেষ অনুকৰণ(imitation) খেলৰ যোগেদি মেচিনৰ বুদ্ধিমত্তা পৰীক্ষা কৰিব পাৰে। এই পৰীক্ষাৰ সফলতাই বিষয়টোৰ গভীৰতাক লৈ অন্য মাত্ৰা প্ৰদান কৰে।

বিংশ শতিকাৰ শেষৰফালে আৰু এই শতিকাৰ প্ৰথমাৰ্ধত লাভ কৰা কিছুমান বিস্ময়কৰ পৰীক্ষাৰ ফলাফলে নতুন যুগৰ সূচনা কৰাই নহয়,ইয়াৰ সৈতে জড়িতসকলৰ উৎসাহ দুগুণে বঢ়ায়। ১৯৯৭ চনত আই বি এম(IBM)ৰ চুপাৰ কম্পিউটাৰৰ প্ৰ'গ্ৰাম 'দীপ ব্লু(Deep Blue) য়ে বিশ্বৰ ডবা চেম্পিয়ন গেৰী কাছপাৰভ(Garry Kasparov)ক হৰুৱাই সকলোকে হতচকিত কৰি তুলে। কিয়নো প্ৰ'গ্ৰাম এটাৰ বাবে ই আছিল অতিকৈ কঠিন কাম । কেনেকৈ চাওঁ আহক, ডবা খেলত গড়ে সম্ভাৱনা থকা চাল-চলনৰ সংখ্যা হৈছে ৩৫ টা, মাষ্টাৰ পৰ্যায় পাবলৈ আপুনি মুঠ ৮ টা পৰ্যায় পাৰ হ'ব লাগিব, অৰ্থাৎ মুঠ সম্ভাব্য সাজোন হ'ব ৩৫ৰ সূচক ৮ কৰিলে যিমান উত্তৰ ওলাব সিমান সংখ্যক। এইটো কিমান ডাঙৰ সংখ্যা! 'দীপ ব্লু' জিকিবলৈ গোটেইবোৰ সম্ভাব্য পথ জানিব লাগিব, এইয়া গণনা কৰিবলৈ সাধাৰণ আমাৰ দৰে নৰ মনিচৰ বাবে কিমান সময় লাগিব অনুমান কৰিব পাৰিবনে!

সেন্নন(Shannon)য়ে ১৯৫০ চনতে কষ্টৰে গণনা  কৰি পাইছিল যে সকলোবোৰ বৈধ অৱস্থান গন্তি কৰিবলৈ প্ৰায় ১০ ওপৰত ৯০ সূচক(10 to the power 90) বহালে যিমান ওলাব,সিমান বছৰ। ভাৱকচোন, এটা মেচিনে এজন গ্ৰেণ্ড মাষ্টাৰক হৰুৱাবলৈ কিমান বুদ্ধিমান হ'ব লাগিব।২০১৫ চনৰ অক্টোবৰত আলফা গ'(AlphaGo) নামৰ কম্পিউটাৰ প্ৰ'গ্ৰামটোৱে চাইনীজ খেল 'go'ত ইউৰোপীয়ান মহাৰথী ফেন হুই (Fan Hui)ক ৫:০ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। পুনৰ ২০১৬ চনৰ মাৰ্চ মাহত বিশ্ব চেম্পিয়ন লী চেদল(lee Sedol)ক ৪:১ পৰাস্ত কৰি, সমগ্ৰ বিজ্ঞানী সমাজক হতভম্ব কৰি তুলে। ইয়াৰ সম্পূৰ্ণ ভিডিঅ' ইউ টিৱত(YouTube) উপলব্ধ। শেহতীয়াকৈ চীনত নিৰ্মিত এলিবাবা (Alibaba) আৰু মাইক্ৰ'ছফ্টৰ নিৰ্মিত এলগ'ৰিথিম বা কলনবিধি(algorithm) সহায়ত প্ৰস্তুত কৰা প্ৰ'গ্ৰামে স্টেনফৰ্ড পঢ়ন বোধশক্তি পৰীক্ষাত(Stanford reading comprehension test) সকলো মানৱ প্ৰতিযোগীক পৰাস্ত কৰি অপাৰ সম্ভাৱনীয়তা দাঙি ধৰিছে।

কৃত্ৰিম বুদ্ধিমত্তা চাৰিটা কাৰ্যপ্ৰণালীৰ ওপৰত ভিত্তি কৰি আগবাঢ়ে, সেইকেইটা হৈছে- মানুহৰ দৰে চিন্তা কৰা, মানুহৰ দৰে কাৰ্য কৰা,যুক্তিৰে চিন্তা কৰা, যুক্তিৰে কাৰ্য কৰা। গাণিতিক লজিক(mathematical logic) আৰু চেতনাত্মক বিজ্ঞান(cognitive science) সবল প্ৰয়োগৰ ফলতেই আধুনিক কৃত্ৰিম বুদ্ধিমত্তাই নতুন নতুন খোজৰ উমান পাইছে। জ্ঞাননিৰ্ভৰ(knowledge base),তথ্য সংশ্লেষণ(information processing), মেচিন লাৰ্নিং(machine learning),প্ৰাকৃতিক ভাষা সংশ্লেষণ(Natural language processing) ইত্যাদি বিষয় চেতনাত্মক বিজ্ঞানৰ অন্তৰ্গত।

কৃত্ৰিম বুদ্ধিমত্তাক নতুন ধাৰণা সৃষ্টি কৰিবলৈ তিনিটা প্ৰকাৰে প্ৰয়োগ কৰিব পাৰি-

১) পুৰণি পৰিচিত ধাৰণাসমূহ নব্য সংযোজন কৰি

২) ধাৰণাগত স্থানসমূহৰ সম্ভাৱনীয়তা অনুসন্ধানৰ জৰিয়তে

৩)পূৰ্বতে অসম্ভৱ যেন লগা ধাৰণাবোৰ  পৰীক্ষণৰ যোগেদি সম্ভৱলৈ পৰিণত কৰি।

এতিয়া আহোঁ বৰ্তমানে কেনেকৈনো কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ সৈতে বিভিন্ন স্তৰত নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। আমি সততে শুনা 'ৰব'ট'ৰ আঁৰতো কৃত্ৰিম বুদ্ধিমত্তা। টেছলা(Tesla) হ'ল কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ জৰিয়তে স্বয়ংচালিত গাড়ী নিৰ্মাণ কৰা প্ৰথম অট'মোবাইল প্ৰতিষ্ঠান। অ'ডি, কেডিলাক,ভল্ভ আদি প্ৰতিষ্ঠানেও স্বয়ংচালিত গাড়ী নিৰ্মাণ আৰম্ভ কৰিছে।চীনত ইতিমধ্যে দীপ লাৰ্নিং আৰু ছবি চিনাক্তকৰণ প্ৰযুক্তি দ্বাৰা কেন্সাৰ ডাইগ'নিছ(diagnosis) সফলতাৰে সম্পাদন কৰিছে। এতিয়া পৰা আপোনাৰ বিদেশী ভাষা(Foreign language) শিকাৰ প্ৰয়োজনীয়তা হয়তু নাথাকিব, কিয়নো Voice Tra  নামৰ এটা মেচিন অনুবাদক ইতিমধ্যে উদ্ভাৱন হৈছে। য'ত কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগেৰে বিভিন্ন লিখিত(Text) আৰু কথিত(speech) বাৰ্তাসমূহ নিৰ্দিষ্ট ভাষালৈ আপোনা-আপুনি অনুবাদ হয়। 

লগতে পঢ়ক-মাটিৰ অম্লতা আৰু চূণ প্ৰয়োগ

নাছা(NASA)ই অন্য গ্ৰহত প্ৰাণী সন্ধানতো কৃত্ৰিম বুদ্ধিমত্তা ব্যাপক সহায় লৈছে। হেডজ ফিন্দে(Hedge Finde) নামৰ প্ৰতিষ্ঠানটোৱে ষ্ট'ক মাৰ্কেটত লাভৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰে। আমেৰিকান এক্সপ্ৰেছ কাকতে গ্ৰাহকক অনলাইন সেৱা প্ৰদান,বিভিন্ন বিত্তীয় সেৱা সমূহ যেনে ভুৱা ক্ৰেডিট কাৰ্ড ধৰা পেলোৱা আদিতো কৃত্ৰিম বুদ্ধিমত্তা বহুল প্ৰয়োগ কৰা হৈছে। অতিকৈ বহুল ব্যৱহৃত চ'চিয়েল মিডিয়া 'ফেচবুক'তো কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰত সঘনাই প্ৰয়োগ কৰে, যেনে মুখ চিনাক্তকৰণ (face recognisation)ত,  আত্মহত্যা প্ৰৱণতামূলক প'ষ্ট নিৰ্ণয় কৰি যাৱতীয় ব্যৱস্থাৰে জীৱন ৰক্ষা কৰা আদিত। মাইক্ৰ'ছফ্টে জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ পোষকতা কৰি ৫০ মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে। এনেকৈ যদি আগবাঢ়ি গৈ থাকে তেন্তে এনে এটা দিন পাবলৈ বেছি দিন নাই য'ত আপোনাৰ মোৰ ঘৰত এটা চেন্সৰ(sensor) থাকিব যিয়ে আমাৰ উশাহ-নিশাহৰ একেলেথাৰী পৰীক্ষা কৰি বিভিন্ন ধৰণৰ জটিল ৰোগৰ আগতীয়া উমান দিব, আমাৰ দেহৰ তেজৰ সুঁতিত হয়তো নেন'নাও চলিব যিয়ে মগজুত হ'ব পৰা প্লেগৰ পৰা ৰক্ষা কৰিব, ষ্ট্ৰ'ক বা হাৰ্ট এটেক আদি পৰা আমাক বচাব। ই অসম্ভৱ নহয়,বহু ক্ষেত্ৰত ইতিমধ্যেই বহু দূৰ আগবাঢ়ি গৈছে ।

 যি কি নহওক ইমানবোৰ বিস্ময়কৰ উদ্ভাৱন বা আবিষ্কাৰ পিছতো আমি কৃত্ৰিম বুদ্ধিমত্তাৰ অপপ্ৰয়োগৰ পৰা সাৱধান থকাটো নিতান্তই বাঞ্চনীয়। ইয়াৰ বাবে এটা উদাহৰণ দিলে বুজিবলৈ সহজ হ'ব। ১৯৮৩ত  ষ্টেনিচলেভ পেট্ৰভ (stanislav petrov) ছোভিয়েটৰ নিউক্লিয় আক্ৰমণৰ আগতীয়া তথ্য দিয়া চেণ্টাৰৰ দায়িত্ব দিয়া হৈছিল। হঠাৎ কৃত্ৰিম বুদ্ধিমত্তা যুক্ত কম্পিউটাৰে সংকেত প্ৰেৰণ কৰিলে যে আমেৰিকাৰ ফালৰ পৰা ৫ টা মিছাইল ছোভিয়েটমুখি আহিছে। কিন্তু পেট্ৰভ আচৰিত হ'ল কিয়নো আমেৰিকা দৰে এখন শক্তিশালী দেশে মাত্ৰ ৫ টা মিছাইলেৰে আক্ৰমণ কৰিবনে! তেওঁ নিজৰ উপস্থিত বুদ্ধি আৰু সুস্থ চিন্তাৰে এইয়া কম্পিউটাৰ চিষ্টেমৰ ভুল বুলি ৰিপৰ্ট দিলে। পিছত প্ৰমাণ হ'ল যে ৰ'দৰ পোহৰত ডাৱৰৰ প্ৰতিফলনকে চিষ্টেমটোৱে ভুলকৈ মিছাইল বুলি সংকেত দিছিল। অৰ্থাৎ পেট্ৰভৰ দূৰদৰ্শীতা বাবেহে এক ভয়ংকৰ নিউক্লিয় যুদ্ধৰ পৰা সেইসময়ত বিশ্ব ৰক্ষা পৰিলে। ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ? প্ৰযুক্তি সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য নহ'বও পাৰে । আমি প্ৰযুক্তিতকৈ  অধিক চতুৰ হ'ব লাগিব যাতে প্ৰযুক্তিয়ে আমাক নিয়ন্ত্ৰণ কৰা সলনি আমিহে প্ৰযুক্তিক হাতৰ মুঠিত ৰাখিব পাৰোঁ।

স্পৰ্শকাতৰ ইচ্ছু সমূহত 'কৃত্ৰিম বুদ্ধিমত্তা' ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱা উচিত।কৃত্ৰিম বুদ্ধিমত্তা যন্ত্ৰ নীতিশাস্ত্ৰ (Automation Ethicist)  দ্বাৰা পৰিচালন কৰি সামাজিক অপকৰ্ম কৰিব নোৱাৰাকৈ নিৰ্দিষ্ট মডেল সংযোজনৰ কৰি ৰোধ কৰাটো  তেনেই জৰুৰী। কৃত্ৰিম বুদ্ধিমত্তা আগবাঢ়ি যোৱা লগে লগে নতুন কৰ্মসংস্থাপন সৃষ্টি আৰু লোপ দুয়োটাই ঘটিব। এই ক্ষেত্ৰতো কিছু মনোযোগ দিয়াটো অতিকৈ কাম্য।

 দীপজ্যোতি গগৈফোন: ৯১০১৪৯১৩০৩

লগতে পঢ়ক-কৃষিত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)- কৃষকৰ বাবে এক নতুন আশীৰ্বাদ

English Summary: Know About Artificial Intelligence

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.