1. এগ্ৰিপেডিয়া

ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰে হ্ৰাস কৰক আপোনাৰ উৎপাদনৰ খৰচ

KJ Staff
KJ Staff
ড্ৰোন প্ৰযুক্তিৰ সহায়ত কৃষি কাৰ্য
ড্ৰোন প্ৰযুক্তিৰ সহায়ত কৃষি কাৰ্য

যি সময়ত প্ৰতিদিনে ১ লাখতকৈ অধিক নেনো ইউৰিয়া উৎপাদন কৰা হৈছে সেই সময়তে দেশৰ বিভিন্ন ঠাইৰ কৃষকে এতিয়াও নেনো ইউৰিয়া ব্যৱহাৰৰ বাবে ভয় কৰে । কৃষক সকলৰ এনে সমস্যা দূৰ কৰিবৰ বাবে IFFCO য়ে কৃষক সকলৰ বাবে ড্ৰোন প্ৰযুক্তিৰ সহায়ত খেতি পথাৰত নেনো ইউৰিয়াৰ ব্যৱহাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

ড্ৰোন প্ৰযুক্তিৰ সহায়ত আপুনিও কোনো ভয় নোহোৱাকৈ খেতি পথাৰত নেনো ইউৰিয়া ব্যৱহাৰ কৰিব পাৰে । IFFCO য়ে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফৰ নগৰত এক কৃষিভিত্তিক কাৰ্যসূচীৰ আয়োজন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে IFFCOসদস্য সকলে ড্ৰোন প্ৰযুক্তিৰে সাৰ আৰু কীটনাশক কেনেদৰে ছটিয়াই  সেই সন্দৰ্ভত বাখ্যা আগবঢ়ায় ।

তেওঁলোকে ড্ৰোন ব্যৱহাৰ কৰি কুঁহিয়াৰৰ শস্যৰ ওপৰত কীটনাশক কেনেদৰে ছটিয়াই তাৰ এক ডে'ম প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে । মিল আৰু কুঁহিয়াৰ কৃষক সকলৰ সন্মুখত গুৰগাওঁৰ এগ্ৰিবট ড্ৰোন আলথাৰা গ্লোবেল কোম্পানীয়ে এই ডে'ম প্ৰদৰ্শন কৰে।

স্প্ৰে কৰিবলৈ প্ৰতি একৰত খৰচ কৰক মাত্ৰ 100 টকা

ড্ৰোন স্প্ৰেৰ বাবে কৃষকসকলক প্ৰতি একৰত মুঠ 100 টকা খৰচ হয়, ইয়াৰ বাবে কোনো শ্ৰমিকৰো প্ৰয়োজন নহয় । অৰ্থাৎ, ড্ৰোনৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে কৃষকৰ শ্ৰম হ্ৰাস কৰা । আনহাতে, ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় কীটনাশকও সংৰক্ষণ কৰিব পাৰি ।

ড্ৰোনৰ ১০ লিটাৰ পানীৰ ক্ষমতা থাকে আৰু প্ৰয়োজন অনুসৰি ইয়াত কীটনাশক বা নেনো ইউৰিয়া যোগ কৰিব পাৰি । একে সময়তে, এক একৰ খেতিপথাৰত 10 লিটাৰ দ্ৰৱণ স্প্ৰে কৰিব পাৰি । ইয়াত কেৱল 7 ৰ পৰা 10 মিনিট সময় লাগে ।  কুঁহিয়াৰৰ খেতিতো ড্ৰোন সহায়ত সহজে কীটনাশক  ছটিয়াব পাৰি ।

লগতে পঢ়কঃ লাভজনক উৎপাদন বৃদ্ধিৰ বাবে কৰক মাহজাতীয় শস্যৰ খেতি

English Summary: Reduce your production cost using drone technology

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.