1. এগ্ৰিপেডিয়া

স্মাৰ্ট ফাৰ্মিং: কৃষিৰ আধুনিকীকৰণ

KJ Staff
KJ Staff
Smart Farming: Modernizing Agriculture
Smart Farming: Modernizing Agriculture

ৱৰ্ল্ড ইক'ন'মিক ফ'ৰাম (World Economic Forum)ৰ এক বিবৃতিত প্ৰকাশ হৈছে যে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যাই ৯.৮ বিলিয়ন স্পৰ্শ কৰিব । জনবহুল বিশ্বৰ ভোক নিৰাময় কৰাৰ বাবে কৃষিখণ্ডত বৈজ্ঞানিক প্ৰযুক্তিৰ ব্যৱহাৰৰ গত্যন্তৰ নাই । আঠ হাজাৰ বছৰ আগতে নাঙলৰ কুৰত ধৰি আৰম্ভ হোৱা কৃষি বিপ্লৱ, যোৱা‌ শতিকাত ৰাসায়নিক উৰ্বৰকৰ প্ৰয়োগৰে উৎপাদনৰ শীৰ্ষত উপনীত হৈছে যদিও বৰ্ধিত জনসংখ্যাই এই উৎপাদনৰ হাৰক আৰু বেছি তীব্ৰতৰ হোৱাৰ আহ্বান জনাই আহিছে । আধুনিক কাৰিকৰী-প্ৰযুক্তিবিদ্যা আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰয়োগ কৰি শস্য উৎপাদন বৃদ্ধি আৰু তাৰ বন্টনৰ সচল ব্যৱস্থাপনাকেই স্মাৰ্ট ফাৰ্মিং বুলি কোৱা‌ হয় । এই ব্যৱস্থাপনাৰ প্ৰয়োজনীয় আহিলাবোৰ হ'ল- (১) সংবেদন গ্ৰাহক (Sensor)- যাৰ সহায়ত মাটি-পানীৰ গুণগত পৰিমাণ, আদ্ৰতা-উষ্ণতাৰ পৰিবৰ্তন ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ ইত্যাদি নিৰ্ণয় কৰিব‌ পাৰি । অপ্টিকেল গ্ৰাহক(Optical Sensor)ৰ সহায়ত মাটি আৰু শস্যৰ পৰা প্ৰতিফলিত ৰশ্মি সংগ্ৰহ কৰি মাটি আৰু শস্যৰ গুণাগুণ নিৰূপণ কৰিব পাৰি । ইলেক্ট্ৰ'কেমিকেল গ্ৰাহক(Electrochemical Sensor)ৰ সহায়ত মাটিৰ pH নিৰ্ণয় কৰি ফছফৰাছ, নাইট্ৰ'জেন, ছডিয়াম, কপাৰ, কেলছিয়াম, আইৰণৰ পৰিমাণ নিৰ্ণয় কৰা হয় । এই পৰিমাপৰ ওপৰত নিৰ্ভৰ কৰিয়েই মাটিত উৰ্বৰক প্ৰয়োগ কৰা হয় । (২) ৰ'ব'ট(Robot)- ৰ'ব'টিক্স(Robotics) বিজ্ঞানৰ বৰ্ধিত  সাফল্য উৎসাহজনক । পৰম্পৰাগত সা-সজুলিক ৰ'ব'ট চালিত সা-সজুলিলৈ উন্নীত কৰি কৃষি কাজত ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে- ড্ৰোনৰ সহায়ত খেতি পথাৰত উৰ্বৰক তথা কীটনাশক দ্ৰৱ্য সিঁচি দিয়া হয় যি সময় আৰু শক্তিৰ অপচয় হ্ৰাস কৰে । (৩) বৈদ্যুতিক মাধ্যমৰ যোগাযোগ (Electronic Connectivity)- ইন্টাৰনেট, জি.পি.এছ. (GPS), চেলুলাৰ (Cellular), উপগ্ৰহীয়( Satellite) ইত্যাদি যোগাযোগ ব্যবস্থাৰে কৃষি উৎপাদন আৰু উৎকৰ্ষণ তথা প্ৰসাৰণ কৰা‌ হয় ।

Modernizing Agriculture
Modernizing Agriculture

ইন্টাৰনেটৰ যোগেদি ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ভাৰ্চুৱেল শিক্ষণ কৰ্মশালা তথা আধুনিক বানিজ্যিক ব্যৱস্থাটোৰ লগত পৰিচিত কৰা হয়। উপগ্ৰহীয় কক্ষৰ পৰা লাভ কৰা বতৰৰ বতৰাৰ ওপৰত চোকা‌ নজৰ ৰাখি‌ শস্যৰ কাম কাজ আগবঢ়োৱা হয় । (৪) চফ্টৱেৰ(Software)- বীজ তথা ফচলৰ গুণাগুণ নিৰ্ণয়, ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগৰ উপযুক্ত মিশ্ৰণ তৈয়াৰ, বতৰৰ বতৰাৰ পৰা বীজ লগোৱাৰ সময় নিৰূপণ ইত্যাদি কামৰ বাবে বিভিন্ন প্ৰকাৰৰ চফ্টৱেৰ উপলব্ধ । উদাহৰণস্বৰূপে- ফাৰ্মলগচ্(Farm Logs) চফ্টৱেৰৰ সহায়ত বৰষুণ কথা গ্ৰীষ্ম প্ৰবাহৰ বতৰা পাব পাৰি । উপগ্ৰহৰ সহায়ত খেতি পথাৰ নিৰীক্ষা, মাটিৰ মেপিং(Soil Mapping), শস্যৰ বৃদ্ধিৰ হাৰ নিৰিক্ষণ, বজাৰত খাদ্য-শস্যৰ চাহিদাৰ আভাস ইত্যাদি বিষয়ৰ ওপৰত বিস্তৃত বিবৰণ এই চফ্টৱেৰৰ জৰিয়তে পোৱা যায় । একেদৰে বতৰৰ আগজাননী, মাটিৰ আৰ্দ্ৰতা নিৰ্ণয়, কীট-পতংগ চিনাক্তকৰণ, বিভিন্ন ৰাসায়নিক ‌কীটনাশক দ্ৰৱ্যৰ উপযুক্ত প্ৰায়োগিক জোখ, কাৰিকৰী যন্ত্ৰ-পাতিৰ প্ৰয়োগ ইত্যাদি গুৰুত্বপূৰ্ণ কথাবোৰ ফাৰ্মাৰচ্ এড্জ্ (Farmers Edge) চফ্টৱেৰৰ পৰা বুজিব পাৰি। 

    ইতিমধ্যে ইউৰোপত Internet of Things (IoT)ক  কৃষিখণ্ডত প্ৰয়োগ  কৰি গৱেষণা আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে বিশ্বৰ খাদ্য সমস্যাৰ সমাধানৰ চেষ্টাত ব্ৰতী হৈছে। নতুন বীজৰ জেনেটিক গঠন পৰিবৰ্তন কৰাৰ পৰা আৰম্ভ কৰি ইন্টাৰনেটৰ মাধ্যমেৰে ভিন্ন গৱেষক প্ৰতিষ্ঠানৰ লগত কাৰ্য্যক্ৰম সম্পন্ন কৰালৈকে, কৃষিখণ্ডত আমূল পৰিবৰ্তন আহিছে । নিশ্চিতভাৱে আমি তৃতীয় সেউজ বিপ্লৱৰ দিশত অগ্ৰসৰ হৈছো। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰেও কৃষিখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি আহিছে । NITI আয়োগে ইতিহাসে IBM ৰ দৰে প্ৰতিষ্ঠানৰ লগত কাম কাজ আৰম্ভ কৰিছে । প্ৰায় দুহাজাৰ কৌটি টকাৰ ঋণ কৃষকক দিয়াৰ উদ্দেশ্যে চৰকাৰে PACS (Primary Agricultural Credit Society) গঠন কৰিছে।MANAGE (Management of Agricultural Extension in Hyderabad) নামৰ কাৰ্যসূচীৰে চৰকাৰে কৃষিখণ্ডৰ পৰিবৰ্তন অনাৰ বাবে অগ্ৰসৰ হৈছে । কৃষিখণ্ডত বৈজ্ঞানিক পদ্ধতি আৰু সঁজুলিৰ প্ৰয়োগ সম্পৰ্কে জনসাধাৰণৰ অৱগত কৰাৰ বাবে চৰকাৰে PMKSY (Pradhan Mantri Krishi Sinchayee Yojana) আৰু "One Nation One Market"ৰ দৰে ষ্টাৰ্ট-আপ গঠন কৰিছে। ভবিষ্যতে চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰে কৃষি উৎপাদনৰ বাবে কৃষকক উৎসাহিত কৰিলেহে খাদ্য-সমস্যাক নিৰাময় কৰিব পৰা যাব।

✍️ হাৰুণ অল ৰছিদ

সহকাৰী অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

বি.বি.কে. মহাবিদ্যালয়

নগাঁও, বৰপেটা, অসম-৭৮১৩১১

লগতে পঢ়কঃ কৃষিত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)- কৃষকৰ বাবে এক নতুন আশীৰ্বাদ

English Summary: Smart Farming: Modernizing Agriculture

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.