বাঘ আৰু ঘৰিয়ালৰ সংঘাত স্বচক্ষুৰে দেখা নাই এনিমেল পেলেন্ট, ডিচকভাৰী আদি চেনেলবোৰত কেতিয়াবা দেখিছো৷ কোনোবা এটা টিভি চেলেলত এবাৰ দেখিছিলো এটা বাঘে পানী খাবলৈ যাওঁতেই চিকাৰৰ বাবে চুপ লৈ থকা ঘৰিয়াল এটাই জাঁপ মাৰি বাঘটোৰ ডিঙিত কামোৰ মাৰি ধৰি পানীত ডুব মাৰিলে৷ অলপ পাছতে দেখিলো ওলোটাই বাঘটোৱে ঘৰিয়ালটোৰ ডিঙিত কামুৰি পাৰলৈ উঠাই আনে৷
এনেকৈ পানীত ঘৰিয়ালৰ লগত যুঁজ দি উঠি অহা বাঘ কম আছে৷ বেছিভাগৰে ঘৰিয়ালত হাতত মৰণ মিলে৷ আমাৰ গজেন্দয়ো নতশিৰ স্বীকাৰ কৰি শুৰত পদুম লৈ ঘৰিয়ালৰ আক্ৰমণৰ পৰা বচাবলৈ ভগৱানক মিনতি কৰিছিল৷ [বৰ্তমান অসমৰ গণ পৰিষদেও জীয়াই থকাৰ তাড়নাত নিজৰ জাতীয়তাবাদী আদৰ্শ জলাঞ্জলি দি হাতত পদুম তুলি ধৰা ছবিখন গজেন্দ উপাখ্যানৰে এটা সংস্কৰণ]৷ এই গজেন্দই কিন্তু স্থলত হোৱা হ’লে একে গচকে পেটু উলিয়াব পাৰিলেহেঁতেন ঘৰিয়ালৰ৷ নোৱাৰিলে কাৰণ এটাই সি মাটিতহে ৰজা৷ কিন্তু বাস্তৱ জীৱনত আমি এখিনিয়ে মানুহে ঘৰিয়ালৰ লগত যুঁজ দিব লগা হয় পানীত৷ এই যুঁজত অকস্মাৎ এজন-বা দুজনৰ হয় জয় বাকী ৯৮ শতাংশই ঘৰিয়ালৰ গ্ৰাসত পৰে৷
সদ্যঘোষিত এপিএচি পৰীক্ষাৰ কথাকেই ধৰা হওঁক৷ বাতৰি কাকত আৰু টিভি চেনেলসমূহৰ জানিব পাৰিছিলো যে এপিএচি পৰীক্ষাত পাছ হোৱা মাত্ৰ এগৰাকী পৰীক্ষাৰ্থীয়েহে কোনো ক্ৰচিং নকৰাকৈ উৰ্ত্তীণ হৈছে৷ বাকী ৯৯ শতাংশই ক্ৰচিং কৰিছিল৷ আৰু দেখিবলৈ পাইছিলো পৰীক্ষাত উৰ্ত্তীণ দুই-এজনৰ বাহিৰে বাকীসকলোৰে অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল৷ সদ্যঘোষিত এপিএচি পৰীক্ষাত এজন পৰীক্ষাৰ্থী আমিয়ো আছিলো৷ ৯ ঘন্টা প্ৰাইভেট কোম্পানীত ডিউটি কৰাৰ পাছতে যিকণ সময় পাইছিলো তাকেই মিলাই মিলি পঢ়ি পৰীক্ষাত বহিছিলো৷ ক্ৰচিং কৰিবলৈ পইচা আৰু সময় দুইটাই নাছিল৷ আনফালে, পৰীক্ষা দিম বুলি কাম-বন নকৰি পঢ়াত লাগিবলৈ গ’লে ধান পকালৈ টুনীৰ মৰণৰ দৰে হয়৷ গতিকে পৰীক্ষাত আমাৰ দৰে পৰীক্ষাৰ্থী ফেইল কৰাটোৱেই স্বাভাৱিক আৰু মোৰ ক্ষেত্ৰত সেইটোৱেই হ’ল৷ পৰীক্ষাৰ ফলাফলৰ অন্তত দেখা গ’ল যে যিসকল উৰ্ত্তীণ হৈছে তেওঁলোকৰ কিন্তু আমাৰ দৰে সমস্যাবোৰ নাই৷ একান্ত মনে কেৱল পঢ়ি গৈছে৷ আৰু এইসকল আমাৰ প্ৰতিদন্দ্বী৷ গতিকে এই যুঁজত আমি হৰাটোৱেই স্বাভাৱিক৷
লগতে পঢ়ক-
সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ
এই যুঁজখনৰ মুখামুখি কেৱল আমি এই এপিএচি পৰীক্ষাতেই মুখামু্খি হোৱা নাই৷ সৰুতে যেতিয়া আমি হালবাবলৈ পুৱাই উঠি গৈছিলো তেতিয়া চাকৰিয়ালৰ সন্তানসকলে মাকে সযতনে দিয়া গাখীৰ গিলাচ খাই পঢ়াৰ টেবুলত বহে৷ দুপৰীয়া আমি গৰু চৰাবলৈ যাওঁতে সিহঁতি টিউচনলৈ যায়৷ গতিকে পঢ়াত কোন আগবাঢ়িব৷ পৰীক্ষাত প্ৰশ্নকাকতখনতো একেই আহিব৷ ৰাতিপুৱাই হাল বাবলৈ যোৱা কেইটা আৰু আবেলি গৰু চৰাবলৈ যোৱাকেইটালৈ হালবোৱা-গৰু চৰোৱাৰ বিষয়ে প্ৰশ্নকাকত নাহে৷ ৰাতিপুৱা গাখীৰ খাই আৰু আবেলি টিউচনত গৈ শিকা ছাত্ৰী-ছাত্ৰীসকলৰ লগতে বীজগণিতৰ অংক, বিজ্ঞানৰ সুত্ৰৰ মুখামখি হ’ব লাগে এইসকল ছাত্ৰ-ছাত্ৰী৷ ইয়াৰ মাজতে অৱশ্যে দুই এজন এনে ছাত্ৰই ৰাতিপুৱা গাখীৰ, স্মৃতিশক্তিবৰ্ধক আহাৰ খোৱা, ৰাতিপুৱা গধূলি টিউচনলৈ যোৱা ছাত্ৰতকৈ আগবাঢ়ি যায়৷ কিন্তু তেনে ছাত্ৰ এহাজাৰ ভিতৰত এটাহে ওলায়৷ বাকীসোপা সময়ৰ কঢ়াল গ্ৰাসত হেৰাই যায়৷
লেখক- পংকজ খনিকৰ
লগতে পঢ়ক-
Share your comments