 
    ভাৰতীয় ৰে'লুৱৈ কৃষকসকলৰ দ্বাৰা উৎপাদিত গাখীৰ, মাংস আৰু মাছকে ধৰি পচনশীল সামগ্ৰীৰ পৰিবহনৰ বাবে কিষাণ ৰে'ল সেৱা অব্যাহত ৰাখিছে। কিষাণ ৰে'লৰ উদ্দেশ্য হৈছে উৎপাদন কেন্দ্ৰবোৰক বজাৰ আৰু ব্যৱহাৰ কেন্দ্ৰৰ সৈতে সংযোগ কৰি কৃষি খণ্ডত উপাৰ্জন বৃদ্ধি কৰা। বৰ্তমান আগৰতলা, ডিমাপুৰ, চাংচাৰী, নিউ গুৱাহাটী, যোৰহাট টাউন, আজাৰা, তিনিচুকীয়া, ভাঙ্গাৰ দৰে স্থানসমূহ এন এফ আৰত 'কিষাণ ৰে'ল' ৰে'লৰ দ্বাৰা সামৰি লোৱা হৈছে।এই 'কিষাণ ৰে'ল' ৰে'লসমূহে দেশৰ বিভিন্ন স্থানৰ বজাৰলৈ কৃষিজাত সামগ্ৰীসমূহ কম খৰচত পৰিবহন কৰাত সহায় কৰে।
কিষাণ ৰে'ল বুকিঙৰ অনলাইন আবেদন প্ৰক্ৰিয়া :
- ১। যিসকল কৃষকে এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বহিঃৰাজ্য বা আন বজাৰলৈ নিব বিচাৰে তেওঁলোকে আঁচনিখনৰ অধীনত আবেদন কৰিব পাৰে।
- ২। প্ৰথমে, কৃষকসকলে নিকটতম ৰেল ষ্টেচন পৰিদৰ্শন কৰিব লাগিব
- ৩। ইয়াত তেওঁলোকে কিষাণ ৰে'লৰ বিষয়ে ৰে'ল বিষয়াসকলৰ সৈতে কথা-পাতিব লাগিব। যদি তেওঁ উপলব্ধতা নিশ্চিত কৰে তেন্তে বুকিং প্ৰপত্ৰ পূৰণ কৰিব পাৰিব।
- ৪। বুকিংৰ প্ৰমাণ হিচাপে কৃষকসকলক এটা বুকিং টিকট দিব ৰে'ল কৰ্তৃপক্ষই।
কিষাণ ৰে'ল আঁচনিৰ লাভালাভ ঃ
- এই আঁচনিৰ জৰিয়তে, কৃষকসকলে ভাল মূল্য পাবলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী ভাল বজাৰলৈ বিতৰণ কৰিব পাৰে।
- কিষাণে তেওঁলোকৰ সামগ্ৰীবোৰ পোনপটীয়াকৈ চহৰ অঞ্চল বা দাবী কৰা এলেকাত বিক্ৰী কৰিব পাৰে।
- ৰেফ্ৰিজেৰেটৰসংযুক্ত ডবাৰ জৰিয়তে পচনশীল কৃষিজাত সামগ্ৰী সময়মতে বজাৰত বিক্ৰি কৰিব পাৰে।
- সামগ্ৰীবোৰ কিষাণ ৰে'ল সেৱাৰ দ্বাৰা কম খৰচ আৰু দ্ৰুত পৰিবহনৰ জৰিয়তে বিক্ৰি কৰিব পাৰিব।
 
            উল্লেখ্য যে আমাৰ গ্ৰাম্য কৃষকসকলে বহুসময়ত নিজৰ উৎপাদিত শস্য বজাৰৰ অভাৱত বিক্ৰি কৰিব নোৱাৰে বা কম কম দামতে বিক্ৰি কৰিব লগা হয়। কিন্তু আমাৰ বহু খেতিয়কে কিষাণ ৰে'লেৰে সামগ্ৰীসমূহ বহিঃৰাজ্য বা আন ঠাইৰ বজালৰৈ নি বিক্ৰি কৰিব পাৰে এই বিষয়ে নাজানে। যাৰবাবে বজাৰ অভাৱত বহু সময়ত লোকচানৰ সন্মুখীন হৈ আহিছে আমাৰ কৃষকসকল।
লগতে পঢ়ক- মিশ্ৰিত ফাৰ্মেৰে আত্মনিৰ্ভৰশীল ধেমাজিৰ জিতু!
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments