1. অন্যান্য

ৰঙিয়াৰ বালিমাটীৰ বৃহৎ চিণ্ডেকেট; প্রশাসনৰ নির্লিপ্ত ভূমিকা (Illegal mining in puthimari River)

KJ Staff
KJ Staff
Illegal mining in puthimari River
Illegal mining in puthimari River

  বন বিভাগৰ কামৰূপ জিলাৰ ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ ৰঙিয়া সদৰ থানাৰ অন্তর্গত পুঠিমাৰী নদীৰ পৰা নিতৌ ২.৮৮ লাখ টকাৰ পৰা ৪.৩৬ লাখ টকাৰ ৰাজহ ফাকি দি দহচকীয়া ডাম্পাৰে ৪০০ৰ পৰা ৬০০ বাৰ বালিমাটি সৰবৰাহ কৰি থকাৰ এটা বিস্ফোৰক তথ্য পােহৰলৈ আহিছে। সংমণ্ডলটোৰ বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰে তেওঁলােকৰ নাকৰ তলেৰে ইয়াত সংঘটিত হৈ আছে বিয়াগােম কেলেংকাৰি।

   এই সন্দৰ্ভত অনুসন্ধান কৰি দেখা গৈছে যে নদীখনৰ পৰা বালি মাটি সৰবৰাহ কৰা দহচকীয়া ডাম্পাৰৰ কোনাে এখনেৰে সম্পূৰ্ণ ৰাজহ দিয়া নহয় আৰু সংমণ্ডলটোত নিয়ােজিত বিষয়া-কৰ্মচাৰীয়ে বাস্তৱ ক্ষেত্ৰত এই বনজ সম্পদৰ সুৰক্ষাত আত্মনিয়ােগ কৰাৰ বিপৰীতে ভেটাৰখীয়া উদৰ ভূমিকাহে পালন কৰি আহিছে। এই বিয়াগােম কেলেংকাৰি সন্দৰ্ভত পােৱা তথ্য অনুসৰি এই নৈখনৰ পুঠিমাৰী এলেকাৰ পৰা নিতৌ ৪০-৫০ দহচকীয়া ডাম্পাৰৰ প্রতিখনৰে প্ৰায় ন্যূনতম ১৭ ঘনমিটাৰকৈ ৪০০-৬০০ বাৰ বালি মাটি আহৰণ কৰি বিভিন্ন স্থানলৈ সৰবৰাহ কৰি থকা হৈছে। তাৎপর্যপূর্ণভাৱে এখন দহ চকীয়া ডাম্পাৰেৰে ১৭ ঘনমিটাৰকৈ বালি মাটি সৰবৰাহ ক ৰাৰ বিপৰীতে কিন্তু বুজাবুজিৰে প্রতি ঘনমিটাৰত ৪৫ টকাকৈ সর্বোচচ ১০ ঘনমিটাৰ বালিমাটিৰ বিপৰীতেহে ৪৫০ টকাৰ ৰাজহ আদায় লােৱা হয়।

   এই দৰে আৰম্ভণিতে ৭৬৫ টকাৰ বিপৰীতে ৩১৫ টকাৰ ৰাজহ ফাকি দিয়া হয়। পৰৱর্তী পর্যায়ত এই ৪৫০ টকাৰ চালানখনকে দিনটোৰ বাবে ব্যৱহাৰ কৰি ১০-১২ বাৰকৈ ডাম্পাৰত বালি মাটি আহৰণ কৰা হয়। অর্থাৎ ১০ ঘনমিটাৰ বালি মাটিৰ বিপৰীতে ৪৫০ টকাৰ চালানখনকে ব্যৱহাৰ কৰি এখন ডাম্পাৰৰে ১০ বাৰত ১৭০ ঘনমিটাৰ বালি মাটি আহৰণ কৰা হয়। এই ১৭০ ঘনমিটাৰ বালি মাটিৰ ৰাজহ হয় ৭,৬৫০ টকা। এই দৰে মাথোঁ এটা দিনতেই প্রত্যক্ষভাৱে এখন ডাম্পাৰেৰে সৰবৰাহ কৰা বালিমাটিৰ বিপৰীতে ফাঁকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ৭,২০০ টকা। তদ্রপ নিতৌ ৪০খন ডাম্পাৰৰে সৰবৰাহ কৰা বালিমাটিৰ বিপৰীতে ফাকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ২.৮৮ লাখ টকা।

  তেনেদৰে এখন ডাম্পাৰৰে দিনটোত ১২ ডাম্পাৰকৈ বালিমাটি সৰবৰাহ কৰিলে বালিমাটিৰ বিপৰীতে ফাকি দিয়া ৰাজহৰ পৰিমাণ হৈছে ৮,৭৩০ টকা। সেইদৰে ৫০খন ডাম্পাৰৰ প্ৰতিখনৰে ১২ বাৰকৈ বালিমাটি সৰবৰাহ কৰিলে বালিমাটিৰ বিপৰীতে ফাকি দিয়া ৰাজহৰ পৰিমাণ হয় প্রায় ৪.৩৬ লাখ টকা।

উৎস - নিয়মীয়া বার্তা

English Summary: Illegal mining in puthimari River

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.