Krishi Jagran Tamil
Menu Close Menu

চুজিৰ পৰা কেনেদৰে বনাব সুস্বাদু পিঠা (Suji pitha Recipe)

Monday, 26 April 2021 09:53 PM

উপকৰণ -

*চুজি একাপ। 

*চেনী একাপ। 

*নাৰিকল একাপ। 

*গাখীৰ আধাকাপ। 

*ঘিউ তিনি - চাৰি চামুচ। 

* ৰিফাইন তেল। 

প্ৰণালী 

   প্ৰথমে চুজি , চেনী , ৰোকা নাৰিকল খিনিত অলপমান গাখীৰ দি ভাল দৰে সানি ৩-৪ ঘন্টা মান থৈ দিলো। তাৰ পিছত পিঠা কেইটা হাতত লাগি নধৰিবৰ বাবে আৰু পিঠা কেইটা মিহি হবৰ বাবে হাতত সামান্য পৰিমাণে ঘি সানি সৰু সৰুকৈ পিঠা কেইটা বনাই ললো। পিঠা কেইটা বনাই হোৱাত এখন কেৰাহীত অলপ মান ৰিফাইন তেল আৰু দুই চামুচ মান ঘি দি ললো আৰু কম জুইত কম কমকৈ পিঠাৰ কেইটা দি তেলত পুৰি দিলোঁ। যাতে পিঠা কেইটা ভালদৰে ৰঙচোৱাকৈ সিজে আৰু লৰাবলৈ অসুবিধা নহয়, লগতে পিঠা কেইটা ফাটি নাযায়। 

Suji pitha Recipe suji

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.