1. অন্যান্য

LPG ৰাজসাহায্যৰ ধন একাউণ্টত জমা হৈছে নে নাই কেনেকৈ গম পাব? জানক সহজ পদ্ধতি

KJ Staff
KJ Staff
How to chek lpg subsidy amount deposited or not to bank account
How to chek lpg subsidy amount deposited or not to bank account

   একেৰাহে দুবছৰ ধৰি, দেশত দুবাৰকৈ লকডাউন দিয়াৰ ফলত দেশ প্ৰায় স্তম্ভিত হৈ পৰিছে। ব্যৱসায় আৰু ব্যৱসায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। কিন্তু এই পৰিপেক্ষিতত সমগ্ৰ দেশতে এলপিজি গেছ চিলিণ্ডাৰ বিক্ৰীৰ আঁৰৰ ছবিখন একেবাৰে বিপৰীত। আনকি একেৰাহে দুবছৰল কডাউন দিয়াৰ পাছতো, এলপিজি চিলিণ্ডাৰৰ বিক্ৰী একেবাৰে হ্ৰাস হোৱা নাই, আনকি বিক্ৰী বৃদ্ধিহে হৈছে। লকডাউনৰ প্ৰথম পৰ্যায়ত চিলিণ্ডাৰৰ বিক্ৰী আছিল ২.১৬ নিযুত। মূলতঃ, ভাৰত চৰকাৰে ৰাজসাহায্য (LPG) প্ৰদান কৰাৰ নীতিয়ে চিলিণ্ডাৰ বিক্ৰীত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

   বৰ্তমান, 14.2 কিলোগ্ৰাম LPGৰ 12 টা চিলিণ্ডাৰত চৰকাৰে ৰাজসাহায্য প্ৰদান কৰে। বর্তমান ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৮০৯ টকা। নিয়মমতে বছৰত ১২ টা চিলিণ্ডাৰ গ্রাহকে ক্রয় কৰিলে প্রতিটোৰ বাবদ উপলব্ধ ৰাজসাহায্যৰ ধন পোনপটীয়াকৈ ভাৰত চৰকাৰৰ পৰা গেছ লোৱা ব্যক্তিজনৰ হিচাপলৈ যাব লাগে। কিন্তু বর্তমান বহুতৰ ক্ষেত্রত এই ধন পোৱা নাই বুলি অভিযোগ কৰি আছে। হয়তো তেওঁলোকে বেংকৰ বিৱৰণ চাবলৈ অপাৰাগ হৈছে৷ গতিকে আপোনাৰ বাবে এইটো জনা প্রয়োজন আপুনি নিজেই এই ৰাজসাহায্য ধন লাভ কৰিছে নে নাই সহজে পৰীক্ষা কৰিব পাৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। কিন্তু কেনেকৈ জানো আহক -

আৰু পঢ়ক- কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে অনলাইন আবেদন কেনেদৰে কৰিব

1. যদি আপুনি আপোনাৰ এলপিজি আইডি নাজানে, আপুনি http:// mylpg.in/ যাব লাগিব আৰু 17 টা অংকৰ এলপিজি নম্বৰ দিবলৈ তলৰ বুটামবোৰৰ এটাত ক্লিক কৰিব লাগিব।

2. ইয়াৰ পিছত যিকোনো এটা কোম্পানীৰ নাম বাছনি কৰাৰ বিকল্প থাকিব।

3. মূলতঃ, ভাৰত গেছ (Bharat Gas), এইচপি গেছ (HP Gas) বা ইণ্ডেন (Indane) এই তিনিটা গেছ আপোনাৰ গেছ সৰবৰাহকাৰী এজেন্সিৰ নাম লগত দেখা পাব। এই তিনিটা সংস্থাৰ যিকোনো এটা বাছনি কৰিব লাগিব।

4. ফোন নম্বৰ, গেছ বিতৰক নম্বৰ আৰু আপোনাৰ উপভোক্তা নম্বৰসহ পঞ্জীয়ন কৰিব লাগিব।

5. ইয়াৰ পিছত শেষত Captcha Code পূৰণ কৰি দাখিল কৰিব লাগিব।

আৰু পঢ়ক- Fish Disease- মীন পালনত ৰোগ দেখা দিলে কি কৰিব? মাছৰ ৰোগ কি? মাছৰ বিষয়ে কিছুমান বিশেষ কথা জানি থওঁক -

যদি আপুনি আপোনাৰ এলপিজি আইডি জানে তেন্তে কি কৰিব?

1. প্ৰথম লগইন কৰক http://mylpg.in/

2. তাৰ পিছত আপুনি আপোনাৰ এলপিজি আইডি সোঁফালে দিব লাগিব।

3. আপোনাৰ সকলো তথ্য পূৰণ কৰিব লাগিব।

4. তাৰ পিছত আপুনি আপোনাৰ গেছ যোগানকৰ্তাৰ নাম বাছনি কৰিব লাগিব।

5. পৰৱৰ্তী পদক্ষেপত, অৰ্থাৎ, আপুনি আপোনাৰ গেছ যোগানকৰ্তাৰ নাম বাছনি কৰি আৰু তাত প্ৰৱেশ কৰি নিম্নলিখিতবোৰ কৰিব লাগিব।

6. প্ৰথমে, 17-অংকৰ এলপিজি আইডি এটা প্ৰদান কৰক।

7. আপুনি আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ প্ৰদান কৰিব লাগিব।

8. Captcha Code প্রবিষ্ট কৰিব লাগিব।

9. ম'বাইল নম্বৰত এটা পাছৱৰ্ড (one time password) বা OTP আহিব।

10. পৰৱৰ্তী পদক্ষেপটো হ'ল আপোনাৰ ইমেইল আইডিৰ সৈতে পাছৱৰ্ড এটা সৃষ্টি কৰা।

11. ইমেইলত এটা সক্ৰিয়কৰণ লিংক (Activation Link) ওলাব। 

12. লিংকত ক্লিক কৰক।

13. একাউণ্টটোৱে স্বয়ংক্ৰিয়ভাৱে কাম কৰা আৰম্ভ কৰিব।

14. Mylpg.in পুনৰ একাউণ্টলৈ ঘূৰি যাব লাগিব।

15. যদি আপোনাৰ বেঙ্ক আৰু আধাৰ সংযুক্ত আছে, ইয়াক জনাব লাগে।

16. এতিয়া 'Submit' কৰিলে সকলো এলপিজি লেনদেন Screenত দেখা পাব।

আৰু পঢ়ক- ভয়ানক খৱৰ!! দিল্লীতকৈ বিশাল আকাৰৰ হিমবাহ ভাঙিল এণ্টাৰ্কটিকাত, বিজ্ঞানী সকললৰ ভয়াৱহ দুর্যোগৰ সতর্কবানী
English Summary: How to chek online lpg subsidy amount deposited or not to bank account details inside

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.