
ৰাজ্যৰ ২০ লাখ ‘অৰুণােদয়’ লাভ কৰা হিতাধিকাৰীয়ে প্রতিমাহে ৭০ মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিব। বিদ্যুৎ ৰেহাইৰ বাবত ৰাজ্য চৰকাৰে ২৫০টকাকৈ হিতাধিকাৰীৰ একাউণ্টত জমা দিব আৰু তেওঁলােকে ৭০ মেগাৱাট বিদ্যুতৰ মাচুল বিদ্যুৎ বিভাগক আদায় দিব লাগিব। যোৱাকালি এইকথা সদৰী কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
সৰুসজাই ষ্টেডিয়ামত দিব্যাংগসকলৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা ১৫ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত অৰুণােদয় সপ্তাহ’ অনুষ্ঠিত হ'ব। এই অৰুণােদয় সপ্তাহতে নতুনকৈ আৰু ৬ লাখ হিতাধিকাৰী অন্তর্ভুক্ত কৰা হ'ব। আগতে অৰুণােদয়ত অন্তর্ভুক্ত হিতাধিকাৰীৰ পৰা কিছুসংখ্যকৰ নাম কর্তন হ'ব আৰু সেই স্থানত নতুনকৈ অতিৰিক্ত হিতাধিকাৰী অন্তর্ভুক্ত কৰা হ’ব।
দেশৰ ৭৫ বছৰীয়া স্বাধীনতাৰ উপলক্ষে দেশজুৰি পালন কৰা ‘আজাদী কা অমৃত মহােৎসৱৰ সৈতে সংগতি ৰাখি ‘স্পেচিয়েল অলিম্পিক-ভাৰতৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযােগত যোৱাকালি সৰুসজাই ষ্টেডিয়ামত দিব্যাংগসকলৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছিল। এই অনুষ্ঠানতে ৬ বছৰৰ তলৰ কাণেৰে নুশুনা শিশুক ‘ক’কহেলাৰ ইম্পলেন্ট’ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰে সংস্থাপন কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘােষণা কৰে। তেওঁ কয় যে এই শ্ৰৱণ যন্ত্ৰটো লগাব পাৰিলে শিশুটিয়ে কাণেৰে শুনিব আৰু কথাও ক'ব পাৰিব। কাণত এই যন্ত্রটি সংস্থাপন কৰাৰ বাবে চাৰি, পাঁচ লাখ টকাৰ আৱশ্যক হয়। মুখ্যমন্ত্ৰীয়ে এনে শিশুৰ পিতৃ-মাতৃক গুৱাহাটী মেডিকেল কলেজলৈ আনি শ্ৰৱণ যন্ত্ৰটো সংস্থাপন কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এই যন্ত্রটো কাণেৰে নুশুনা শিশুক ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ লগাই দিব আৰু শিশুটিয়ে কাণেৰে শুনিব, কথাও ক'ব পাৰিব।
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে যোৱাকালি দিব্যাংগ খেলুৱৈৰ বাবে স্বাস্থ্য পৰীক্ষা, কভিড মহামাৰীৰ ভেকচিন প্রদান অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে গ্রহণ দীনদয়াল পেঞ্চন, পুনৰ সংস্থাপন, অৰুণােদয় আঁচনি গ্ৰহণ কৰা হৈছে। দিনটোতে যিসকল দিব্যাংগ ইউ ডি আই ডি নাই তেওঁলােকক যোৱাকালি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এক হাজাৰ দিব্যাংগ শিশুৰ দাঁত আৰু কভিড পৰীক্ষাও কৰা হয়। ইতিমধ্যে ১.১২ লাখ লােকক ইউ ডি আই ডি প্রদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
দিব্যাংগসকলৰ বাবে গুৱাহাটী আৰু যােৰহাটত এই অনুষ্ঠানটোৰ আয়ােজন কৰাৰ বাবে স্পেচিয়েল অলিম্পিক আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনায়।
Share your comments