
আহাৰে মানৱ দেহক শাৰিৰীক তথা মানসিক শক্তি যোগাই কৰ্মক্ষম কৰি ৰাখে। সেইবুলি, একে আহাৰকে সকলো বয়সৰ লোকৰ বাবে উপযোগী হ’ব নোৱাৰে, কিয়নো বয়সভেদে দেহৰ হজম ক্ষমতা সুকীয়া সুকীয়া হয়। সেয়ে, এজন শিশুৰ আহাৰ আৰু এজন ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। একে কাৰণতে, এজন শিশু বা ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। এইটো মন কৰিব লগা যে বৃদ্ধাৱস্থাত এফালে দাঁতৰ জোৰ কমি যাবলৈ ধৰে আৰু আনফালে হজম শক্তিও হ্ৰাস পাব ধৰে, গতিকে তেনে অৱস্থাত এনে আহাৰহে উপযোগী হ’ব, যি আহাৰ সহজে হজম হোৱাৰ লগতে শৰীৰত যথোচিত শক্তি প্ৰদান কৰিব পাৰে, অথচ ৰক্তচাপ বৃদ্ধি, ৰক্তত ছুগাৰ বৃদ্ধি আৰু কলেষ্টেৰল বৃদ্ধি ঘটাই জীৱন দুখময় কৰি তুলিব নোৱাৰে।গতিকে উক্ত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধাৱস্থাৰ উপযোগী আহাৰ যে সাত্ত্বিক আহাৰহে হ’ব পাৰে সেই কথাই বৰ্তমানে সকলো ঠাইতে গুৰুত্ব পাবলৈ লোৱাটো পৰিলক্ষিত হৈ উঠিব ধৰিছে। সাত্ত্বিক আহাৰৰ স্বৰূপ সম্পৰ্কে গীতাত এইদৰে উল্লেখ কৰা হৈছে- ‘আয়ু:মত্ত্ব বলাভোগ্য সুখ প্ৰীতি বিবৰ্দ্ধায়া: ব্যাখ্যা: স্নিগ্ধা: স্থিৰাহৃদ্যা আহাৰ: সাত্ত্বিক প্ৰিয়া।’ অৰ্থাৎ, সাত্ত্বিক আহাৰে আয়ুস, উৎসাহ বৃদ্ধি কৰে, সুখ-প্ৰীতি, আনন্দ বঢ়ায়, ই ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ বাবে উপকাৰী। এনে আহাৰ সাত্ত্বিক লোকৰ প্ৰিয়’। সাত্ত্বিক আহাৰ বুলিলে অৱশ্যে আমাৰ সৰ্বসাধাৰণৰ ধাৰণাত নিৰামিষ আহাৰ বুলি ধৰাৰ হয়। পিছে, দৃষ্টিশক্তি, স্মৰণ শক্তি আৰু হৃদযন্ত্ৰৰ সক্ৰিয়তাৰ বাবে সাত্ত্বিক আহাৰৰ লগতে কিছু পৰিমাণে মাছ (সাধাৰণতে সৰু মাছ) আৰু কণী মাজে সময়ে হ’লেও গ্ৰহণৰ প্ৰয়োজন থাকে। সি যি কি নহওক বৃদ্ধাৱস্থাৰ আহাৰ কেনে হোৱা উচিত সেই সম্পৰ্কে ভেষজ ৰত্ন গুণাৰাম খনিকৰে তেওঁৰ ‘সুস্বাস্থ্যৰ মূল চাবিকাঠি আহাৰ’ শীৰ্ষক গ্ৰন্থত বাৰুকৈ উল্লেখ কৰিছে। তাৰে মূল অংশ ইয়াত সন্নিৱষ্ট কৰা হৈছে-

Share your comments