1. অন্যান্য

ক্ৰিকেটৰ কিছু আজৱ খৱৰ

KJ Staff
KJ Staff

এটা বলত সৰ্বাধিক ৰাণ

এটা বলত সৰ্বাধিক কিমান ৰাণ হ’ব পাৰে বাৰু ? ৰ’ব কৈছোঁ৷ অষ্ট্ৰেলিয়াৰ গেৰী চাপমানে এটা বলত ১৭ ৰাণ কৰিছিল৷ কেনেকৈ জানেনে ? ১৯৯০ চনৰ ১৩ অক্টোবৰত হোৱা স্থানীয় এখন চৰকাৰী লীগ খেলত তেখেতে প্ৰতিপক্ষৰ এটা বল মিড ফিল্ডলৈ মাৰি পঠিয়ালে আৰু ৰাণ লবলৈ আৰম্ভ কৰিলে৷ কিন্তু বলটো গৈ ডাঠ ঘাঁহনিৰ মাজত হেৰাই থাকিল৷ বলটো বিচাৰি পোৱালৈ চাপমানে ১৭ ৰাণ সংগ্ৰহ কৰিলে৷ এটা বলত, কেৱল দৌৰিয়েই সংগ্ৰহ কৰা ৰাণৰ ক্ষেত্ৰত ই বিশ্বৰেকৰ্ড৷

এখন মেছত ১,৯৮১ ৰাণ

১৯৩৯ চনৰ ৩-১৪ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ ডাৰবানত ইংলেণ্ড আৰু দঃ আফ্ৰিকাৰ এখন টেষ্ট মেছ হৈছিল ৷ এই খেলখনত কোনো এটা দলেই জয়ী হ’ব নোৱাৰিলে ৷ ইতিমধ্যে ইংলেণ্ড দলটো ঘূৰি যোৱাৰ বাবে ঠিক কৰি থোৱা জাহাজখনে বন্দৰ এৰাৰ সমায় হোৱাত খেলখন পৰিত্যক্ত বুলি ঘোষণা কৰা হয় ৷ দহ দিন (অষ্টম দিনা বৰষুণৰ বাবে খেল হোৱা নাছিল) সৰ্বমুঠ ৪৩ ঘণ্টা ১৬ মিনিট খেলি এই টেষ্ট মেছত ৰাণ সংগ্ৰহ হৈছিল ১,৯৮১ ৰাণ ৷ এইখন খেলেই হৈছে বিশ্ব ইতিহাসৰ সৰ্বাধিক সময়ৰ টেষ্ট মেছ৷

৯ ৰাণৰ বাবে ১৩২ মিনিট

১৯৯৩-৯৪ বৰ্ষত ভাৰতৰ ৰাজেশ চৌহানে আহমেদাবাদত শ্ৰীলংকাৰ বিৰুদ্ধে ৯ ৰাণ সংগ্ৰহ কৰিবলৈ সময় লৈছিল ১৩২ মিনিট ৷ ই এক বিশ্বৰেকৰ্ড ৷ তেওঁ এনেদৰেই নিউজিলেণ্ডৰ টি. ডব্লিউ. জাৰছিভৰ নামত থকা ১২৫ মিনিটত ৯ ৰাণৰ অভিলেখ ভংগ কৰিছিল৷

৩৩ জন কট আউট

১৯৯১-৯২ বৰ্ষত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত পাৰ্থত অনুষ্টিত হৈছিল এখন টেষ্ট মেছ৷ সেইখন খেলত সৰ্বমুঠ ৩৩ জন কট আউট হৈছিল৷ এখন মেছত সৰ্বাধিক কট আউট হোৱা ই এক বিশ্বৰেকৰ্ড৷

English Summary: Amazing News from Cricket field

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.