ভাৰতৰ অন্যতম জনাজাত পৰিৱেশবিদ সুন্দৰলাল বহুগুণাক কোভিড-19 Positive পৰীক্ষা কৰাৰ পিছত 8 মে'ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷
পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ পথপ্ৰদৰ্শক তথা গুৰিধৰোতা সুন্দৰলাল বহুগুণাৰ শুকুৰবাৰে আজি Covid-১৯ৰ সৈতে যুঁজি যুঁজি উত্তৰাখণ্ডৰ Rishikeshত থকা অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ(AIIMS)ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯৪ বছৰ।
তেওঁ দুপৰীয়া 12.05 বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল বুলি AIIMSৰ সঞ্চালক ৰবিকান্তে কয়। উল্লেখযোগ্য যে ভাৰতৰ এজন সৰ্বশ্ৰেষ্ঠ পৰিৱেশবিদ বহুগুণাক কোভিড-19ৰ বাবে ইতিবাচক পৰীক্ষা কৰাৰ পিছত 8 মে'ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
আৰু পঢ়ক- এতিয়া মহিন্দ্ৰাৰ টেক্টৰ ক্রয় কৰি লাভ কৰক এক লাখ টকাৰ স্বাস্থ্য বীমা (M&M announces ₹1-lakh health insurance for new tractor customers)
যোৱা নিশাৰ পৰা তেওঁৰ অক্সিজেনৰ স্তৰ যথেষ্ট হ্ৰাস হোৱাত তেওঁ সংকটজনক অৱস্থাত আছিল, আৰু প্ৰিমিয়াৰ চিকিৎসালয়ৰ ICUত CPAP থেৰাপীত আছিল।
মৃত্যুত শোক প্ৰকাশ কৰি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱাটে ইয়াক কেৱল উত্তৰাখণ্ড আৰু ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰে। ৰাৱাটে কয়, "তেওঁহে চিপকো আন্দোলনক এটা অঞ্চলত আৱদ্ধ নাৰাখি সমগ্র বিশ্বত এক জাগৰনৰ সৃষ্টি কৰিব সক্ষম হৈছিল আৰু আন্দোলনক দেশজুৰি বিয়পাইছিল৷''
চিপকো আন্দোলন কি? (what is Chipko Movement)
চিপকো আন্দোলন হিমালয় অঞ্চলৰ স্থানীয় লোকসকলৰ দ্বাৰা বনধ্বংসৰ বিৰুদ্ধে এক গান্ধীবাদী প্ৰতিবাদ আছিল। বনধ্বংস বন্ধ কৰিবলৈ, স্থানীয় লোকে - মুখ্যতঃ মহিলাসকলে - গছৰ চাৰিওফালে সাৱটি ধৰি সেইবোৰ কটাত বাধা দিছিল।
প্ৰথমে চিপকো আন্দোলন ১৯৭৩ চনৰ এপ্ৰিল মাহত উত্তৰাখণ্ডৰ মণ্ডল গাঁৱত সংঘটিত হৈছিল আৰু পৰৱৰ্তী পাঁচ বছৰত হিমালয়ৰ বহুতো জিলালৈ বিয়পি পৰিছিল।
উল্লেখযোগ্য যে চৰকাৰে অলকানন্দা উপত্যকাৰ এটা বনাঞ্চল এটা ক্ৰীড়া সামগ্ৰী কোম্পানীক আৱণ্টন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এই আন্দোলনটো আৰম্ভ হৈছিল। মূলত সেই অঞ্চলৰ স্থানীয় লোকে বনাঞ্চলটোৰ ওপৰত নির্ভৰ কৰিয়েই জীৱন নির্বাহ কৰি আছিল৷ চৰকাৰে উক্ত বনাঞ্চলটো ধ্বংস কৰাৰ সিন্ধান্ত লোৱাত জাঙুৰ খায় গছ কটা বন্ধ কৰা আৰু বনাঞ্চলটো ৰক্ষাৰ উদ্দেশ্যে চিপকো আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলন সুন্দৰলাল বহুগুনাই গুৰত্বপূর্ণ ভূমিকা লৈছিল৷
স্থানীয় NGOৰ সহায়ত, অঞ্চলটোৰ মহিলাসকলে অৰণ্যলৈ গৈ গছবোৰৰ চাৰিওফালে এটা বৃত্ত গঠন কৰে, গছবোৰ কাটিবলৈ অহা কোম্পানীৰ মানুহৰ পৰা গছবোৰক সুৰক্ষা দিয়ে। এনেদৰে গছ কটাত বাধা প্রদান কৰে।
মহিলাসকলে গোটেই ৰাতি গছবোৰ ৰক্ষানাৱেক্ষণ কৰি আছিল যেতিয়ালৈকে কোম্পানীৰ মানুহ গুচি যোৱা নাছিল। তেতিয়ালৈকে, এই আন্দোলনৰ বাতৰি ওচৰৰ গাওঁবোৰলৈ বিয়পি পৰিছিল আৰু অধিক লোক যোগ দান কৰিছিল।
অৱশেষত এই প্ৰতিবাদৰ দ্বাৰা লাভ কৰা সফলতাৰ ফলত দেশৰ আন প্ৰান্ততো একে ধৰণৰ প্ৰতিবাদ হৈছিল।
আন্দোলনটোৰ নেতৃত্ব দি থকা সুন্দৰলাল বহুগুণাই তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গছ কাটিবলৈ নিষেধাজ্ঞা কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ আবেদনৰ ফলস্বৰূপে ১৯৮০ চনত সেউজীয়া গছ কটাত ১৫ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
পৰৱৰ্তী বছৰত, চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰি তেওঁৰ প্ৰচেষ্টাক সন্মান জনাব বিচাৰিছিল, কিন্তু তেওঁ ইয়াক প্ৰত্যাখ্যান কৰিছিল। ২০০৯ চনত তেওঁক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়।
এনেধৰণৰ অধিক কৃষি তথ্য পঢ়িবলৈ আমাৰ এই ৱেবছাইটটো দৰ্শন কৰি থাকিব।
আৰু পঢ়ক- ভয়ানক খৱৰ!! দিল্লীতকৈ বিশাল আকাৰৰ হিমবাহ ভাঙিল এণ্টাৰ্কটিকাত, বিজ্ঞানী সকললৰ ভয়াৱহ দুর্যোগৰ সতর্কবানী
Share your comments